ETV Bharat / sports

গুজৰাট টাইটানছৰ বিৰুদ্ধে 3 উইকেটত ৰোমাঞ্চকৰ জয় পঞ্জাব কিংছৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 11:34 AM IST

Updated : Apr 6, 2024, 8:55 AM IST

PBKS Vs GT
PBKS Vs GT

IPL 2024: আই পি এলৰ এখন ৰোমাঞ্চকৰ মেচত পঞ্জাব কিংছে 3 উইকেটত পৰাস্ত কৰে গুজৰাট টাইটানছক । অন্তিম অভাৰলৈকে অনিশ্চিত গতিৰে গৈ থকা মেচখনত গুজৰাটৰ পৰাজয়ে তেওঁলোকৰ অনুৰাগীক বাৰুকৈয়ে দুখ দিয়ে ।

নিউজ ডেস্ক, 5 এপ্ৰিল: আই পি এল 2024 ৰ 17 সংখ্যক মেচখনত পঞ্জাব কিংছে গুজৰাট টাইটানছক 3 উইকেটত পৰাস্ত কৰে । ৰোমাঞ্চকৰ মেচখনত পঞ্জাব কিংছৰ শশাংক সিঙে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায় । এই বিজয়েৰে পইন্ট তালিকাত গুজৰাটক অতিক্ৰম পঞ্জাবৰ ।

টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে পঞ্জাব কিংছে । গুজৰাট টাইটানছৰ অপেনাৰ ঋদ্ধিমান সাহা 11 ৰাণ কৰি আউট হোৱাৰ বিপৰীতে অধিনায়ক তথা আনজন অপেনাৰ শুভমন গিলে 89 ৰাণ কৰি অপৰাজিত হৈ থাকে । গিলে 48 টা বলত 6 টা চাৰি আৰু 4 টা ছিক্সাৰ কোবাই 89 ৰাণৰ ইনিংছ খেলে ।

কালিৰ খেলখনত গুজৰাট টাইটানছত দেখা গ'ল নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনক । কেনে 22 টা বলত 26 ৰাণৰ বৰঙণি যোগায় । সাই সুদৰ্শনে 19 টা বলত 33 আৰু ৰাহুল টেৱাটিয়াই 8 টা বলত 23 ৰাণৰ ইনিংছ খেলে । নিৰ্ধাৰিত 20 অভাৰত গুজৰাট টাইটানছে 4 উইকেটৰ বিনিময়ত 199 ৰাণ সংগ্ৰহ কৰি পঞ্জব কিংছক জয়ৰ বাবে 200 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে । পঞ্জাবৰ হৈ ৰাবাডাই 2 টা, হৰপ্ৰীত ব্ৰাৰ আৰু হৰ্শল পেটেলে 1 টাকৈ উইকেট দখল কৰে ।

200 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা পঞ্জাব কিংছ প্ৰথমতেই বেটিং বিপৰ্যয়ত পৰে । দ্বিতীয় অভাৰৰ প্ৰথমটো বলতে পঞ্জাবে অপেনাৰ তথা অধিনায়ক শিখৰ ধাৱনৰ উইকেট হেৰুৱাই । 8.5 অভাৰত 70 ৰাণত পঞ্জাবৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ উইকেটৰ পতন ঘটে । জনী বেয়াৰ্ষ্টই 22, প্ৰভসিমৰণ সিঙে 35, ছেম কুৰাণে 5 আৰু ছিকন্দৰ ৰাজাই 15 ৰাণ বৰঙণি যোগায় ।

কিন্তু তাৰ শশাংক সিং আৰু আশুতোষ শৰ্মাৰ যুটিয়ে পঞ্জাব দলক বিজয়ৰ দিশলৈ লৈ যায় । শশাংক সিঙে 29 টা বলত 6 টা চাৰি আৰু 4 টা ছিক্সাৰ কোবাই 61 ৰাণ কৰি অপৰাজিত হৈ থাকে । আশুতোষ শৰ্মায়ো 17 টা বলত 1 টা ছিক্সাৰ আৰু 3 টা চাৰি কোবাই 31 ৰাণ সংগ্ৰহ কৰে । অন্তিম অভাৰৰ পঞ্চমটো বলত 1 ৰাণৰ প্ৰয়োজন হৈছিল পঞ্জাবক জয়ৰ বাবে । শশাংক সিঙে লেগ বাই ৰাণ লৈ দলক বিজয়ৰ সোৱাদ দিয়ে ।

এই বিজয়েৰে পঞ্জাব কিংছে পইন্ট তালিকাত পঞ্চম স্থান লাভ কৰিছে আৰু গুজৰাট টাইটানছ ষষ্ঠ স্থানত আছে । তালিকাৰ শীৰ্ষত আছে কলকাতা নাইট ৰাইডাৰ্ছ ।

লগতে পঢ়ক: দিল্লী কেপিটেলছৰ প্ৰদৰ্শনত লজ্জিত মুখ্য প্ৰশিক্ষক পন্টিং - IPL 2024

Last Updated :Apr 6, 2024, 8:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.