ETV Bharat / politics

প্ৰদ্যুৎ বৰদলৈয়েও এৰিব নেকি কংগ্ৰেছ ! হ’ব নেকি বিজেপিৰ নগাঁৱৰ প্ৰাৰ্থী ?

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 8:25 PM IST

Congress internal conflict
প্ৰদ্যুৎ বৰদলৈয়েও ত্যাগ কৰিব নেকি কংগ্ৰেছ ?

Congress internal conflict : ৰাণা গোস্বামীয়ে আজি দলৰ পৰা পদত্যাগ কৰাৰ পিচতেই শীঘ্ৰেই আন এক মোক্ষম আঘাতৰ দিশে কংগ্ৰেছ ৷ ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাৰ দিনাই প্ৰদ্যুৎ বৰদলৈয়েও গেৰুৱা দলটোত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি ব্যাপক চৰ্চা চলিছে ৷

গুৱাহাটী, 28 ফেব্ৰুৱাৰী : কংগ্ৰেছ এৰি বিজেপিত যোগ দিব নেকি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ? নগাঁৱত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব নেকি প্ৰদ্যুৎ বৰদলৈক ? দিনটোৰ অসমৰ ৰাজনীতিৰ এক গৰম খবৰ এয়া ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাণা গোস্বামীয়ে আজি দলৰ পৰা পদত্যাগ কৰাৰ পিচতেই শীঘ্ৰেই আন এক মোক্ষম আঘাতৰ দিশে কংগ্ৰেছ দল ৷ শীঘ্ৰেই হয়তো কংগ্ৰেছ দল এৰিব দলটোৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ বিজেপিৰ ভিতৰুৱা খবৰ অনুসৰি কংগ্ৰেছ দল ত্যাগ কৰি দিল্লীত বাহৰ পাতি থকা ৰাণা গোস্বামীয়ে 1 মাৰ্চত বিজেপিত যোগদান কৰিব ৷ লগতে বিজেপিৰ ভিতৰ চ’ৰাৰ চৰ্চিত খবৰ যে ৰাণা গোস্বামীৰ পথেই গ্ৰহণ কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ সেই অনুসৰি ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাৰ দিনাই প্ৰদ্যুৎ বৰদলৈয়েও গেৰুৱা দলটোত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি ব্যাপক চৰ্চা চলিছে যদিও, নগাঁৱত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়ালৈ অপেক্ষা কৰিব তেওঁ ৷

নগাঁও লোকসভা সমষ্টিত সমষ্টিটোৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব এক প্ৰকাৰ অনিশ্চিত হৈ আছে ৷ বৰদলৈৰ পৰিৱৰ্তে নগাঁও লোকসভা সমষ্টিত সদ্য বিলুপ্ত কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈক প্ৰাৰ্থী হিচাবে কংগ্ৰেছে প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ আনহাতে নগাঁও সমষ্টিৰ পৰাই এইবাৰো লোকসভা নিৰ্বাচন খেলাৰ বাবে বদ্ধপৰিকৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ এই প্ৰসংগত ইতিমধ্যে নিজৰ অসন্তুষ্টিও প্ৰকাশ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে ৷ কিছু দিন পূৰ্বে প্ৰদ্যুৎ বৰদলৈয়ে গৌৰৱ গগৈক কটাক্ষ কৰি অসন্তুষ্টি প্ৰকাশ কৰি কৈছিল- 'আমিটো মুখত সোণৰ চামুচ লৈ অহা নাই ৰাজনীতি কৰিবলৈ ৷’

উল্লেখযোগ্য যে, নগাঁও লোকসভা সমষ্টিত ৰকিবুল হুছেইনৰ সৈতেও প্ৰদ্যুৎ বৰদলৈৰ যোৱা কেইবছৰ ধৰি সংঘাত সৰ্বজনবিদিত ৷ প্ৰদ্যুৎ বৰদলৈৰ সৈতে ৰকিবুল হুছেইনৰ সংঘাত বৰ্তমান তিক্ততাপূৰ্ণ হৈ পৰিছে ৷ যদিহে প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও লোকসভাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব নিদিয়ে তেন্তে দল ত্যাগ কৰিব প্ৰদ্যুৎ বৰদলৈয়ে ৷ এয়া কংগ্ৰেছ দলৰ ভিতৰৰ পৰা অহা প্ৰায় নিশ্চিত তথ্য ৷ কংগ্ৰেছৰ এই বিপৰ্যয়ৰ মাজতে বিজেপিয়েও নগাঁও লোকসভা সমষ্টিত ল’ব খুজিছে সুৱৰ্ণ সুযোগ ৷ কংগ্ৰেছে শেষ পৰ্যন্ত চেষ্টা অব্যাহত ৰাখিছে প্ৰদ্যুৎ বৰদলৈক দলতে ৰখাৰ বাবে ৷ প্ৰস্তাৱ আগবঢ়াইছে নঁগাৱৰ পৰিৱৰ্তে কাজিৰঙা নাইবা বৰপেটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ বাবে ৷ কিন্তু এই পৰ্যন্ত নগাঁৱৰ পৰাই নিৰ্বাচন খেলিবলৈকে নিজৰ সিদ্ধান্তত অটল প্ৰদ্যুৎ বৰদলৈ ৷

দিল্লীত বাহৰ পাতি শেহতীয়াকৈ ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে ৷ এই সুযোগ গ্ৰহণ কৰি বিজেপিয়ে নগাঁৱৰ পৰা গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰিব খুজিছে প্ৰদ্যুৎ বৰদলৈক৷ আজি দিল্লীলৈ প্ৰাৰ্থী পেনেল তালিকা লৈ গৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৷ বিজেপিৰ ভিতৰুৱা তথ্য অনুসৰি এই প্ৰাৰ্থী তালিকাত নগাঁও সমষ্টিত প্ৰাৰ্থীৰ নামৰ ক্ষেত্ৰত প্ৰথমটো নাম ৰিজাৰ্ভ ৰাখিছে ৷ এই স্থান প্ৰদ্যুৎ বৰদলৈৰ বাবে ৰখা হৈছে বুলি ব্যাপক চৰ্চা চলিছে ৷ আনহাতে তাৰ পিছতহে বিজেপিলৈ কংগ্ৰেছৰ পৰা যোৱা আন দুজন নেতা গৌতম বৰা আৰু সুৰেশ বৰাৰ নাম ৰখা হৈছে ৷ বিজেপি এক প্ৰকাৰ সাজু ৰাণা গোস্বামী আৰু প্ৰদ্যুৎ বৰদলৈক আদৰিবলৈ ৷ আনহাতে ইয়াৰ বিপৰীতে এতিয়া কংগ্ৰেছ দলে প্ৰদ্যুৎ বৰদলৈক দলতে ৰাখিবলৈ কৰা চেষ্টাত সফল হ’বনে নাই সেয়া হ’ব লক্ষণীয় ৷ এতিয়া প্ৰদ্যুৎ বৰদলৈৰ অপেক্ষা কংগ্ৰেছে নঁগাৱৰ প্ৰাৰ্থী ঘোষণা কৰালৈ ৷

লগতে পঢ়ক : কংগ্ৰেছৰ প্ৰতি মোহভংগ হ’ল ৰাণা গোস্বামীৰ; কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.