ETV Bharat / politics

কংগ্ৰেছৰ প্ৰতি মোহভংগ হ’ল ৰাণা গোস্বামীৰ; কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ

Congress internal conflict: অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে ৷ ভাৰতীয় কংগ্ৰেছ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ গোস্বামীৰ ৷ মঙলবাৰে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছিল সদ্য দলত্যাগী নেতাজন ৷

Assam Congress working President Rana Goswami submits resignation letter to kc venugopal
Assam Congress working President Rana Goswami submits resignation letter to kc venugopal
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 11:59 AM IST

|

Updated : February 28, 2024 at 4:06 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 28 ফেব্ৰুৱাৰী: ৰাজনৈতিক মহলত চৰ্চা অব্যাহত থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাণা গোস্বামীয়ে ৷ ভাৰতীয় কংগ্ৰেছ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে গোস্বামীয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আৰু প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লয় জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে ৷

Assam Congress working President Rana Goswami resign from Congress
ৰাণা গোস্বামীৰ পদত্যাগ পত্ৰ

মাৰ্চৰ প্ৰথম সপ্তাহতেই গুৱাহাটী বাজপেয়ী ভৱনত ৰাণা গোস্বামীয়ে গেৰুৱা বসন পৰিধান কৰাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, মঙলবাৰে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছিল ৰাণা গোস্বামী ৷ মঙলবাৰে বিয়লিৰ ভাগত জ্যেষ্ঠ কংগ্ৰেছী নেতাজন দিল্লীত উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে ।

নতুন দিল্লীত বিজেপি নেতৃত্বৰ সৈতে আলোচনাৰ পাচতহে গোস্বামীয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি আশা কৰা হৈছে । খবৰ অনুসৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও বুধবাৰে দিল্লী অভিমুখে ৰাওনা হয় ৷ জানিব পৰা মতে, মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে ৰাণা গোস্বামীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলক সাক্ষাৎ কৰিব । সদ্য দলত্যাগী ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাটো নিশ্চিত বুলি ৰাজনৈতিক মহলে উল্লেখ কৰিছে ।

উল্লেখ্য যে, কংগ্ৰেছ দল ত্যাগ নকৰো বুলি দেওবাৰে পুৱাৰ ভাগত মন্তব্য প্ৰদান কৰি বিয়লিৰ ভাগত ৰাণা গোস্বামীয়ে উজনি কংগ্ৰেছৰ তত্বাৱধায়ক দায়িত্বৰ পৰা পদত্যাগ কৰে ৷ ইয়াৰ পিচত তেওঁ দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । আজি ভাৰতীয় কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্ব কেচি বেনুগোপালৰ লগতে অসম কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰালৈও পদত্যাগ পত্ৰ প্ৰেৰণ কৰে গোস্বামীয়ে ৷

লগতে পঢ়ক: গেৰুৱা বসন পৰিধান কৰাৰ দিশে কংগ্ৰেছ নেতা ৰাণা গোস্বামী !

Last Updated : February 28, 2024 at 4:06 PM IST