ETV Bharat / politics

কোকৰাঝাৰত জয়ন্ত বসুমতাৰীৰ বিজয়ৰ ৰণকৌশল প্ৰস্তুত ইউপিপিএল-অগপৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:21 PM IST

UPPL AGP meeting in Kokrajhar
কোকৰাঝাৰত ইউপিপিএল-অগপৰ বৈঠক

Kokrajhar Lok Sabha constituency: কোকৰাঝাৰত ইউপিপিএল-অগপৰ বৈঠক ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত কৰাৰ বাবে অগপ আৰু ইউপিপিএলৰ বিভিন্ন ৰণকৌশল গ্ৰহণ কৰে ৷

কোকৰাঝাৰত ইউপিপিএল-অগপৰ বৈঠক

কোকৰাঝাৰ, ২৯ মাৰ্চ : জনজাতিৰ বাবে সংৰক্ষিত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক নিৰ্বাচনী ৰণত জিকাবলৈ ইউপিপিএল দলে উঠিপৰি লাগিছে । নিতৌ ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে বিভিন্ন ৰাজনৈতিক -অৰাজনৈতিক দল-সংগঠনৰ নেতৃবৰ্গৰ সৈতে সঘনাই বৈঠকত মিলিত হৈছে । ইয়াৰে অংশস্বৰূপে শুকুৰবাৰে বিয়লি কোকৰাঝাৰত মিত্ৰদল অগপৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ।

  • " class="align-text-top noRightClick twitterSection" data="">

উক্ত বৈঠকত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত কৰাৰ বাবে অগপ আৰু ইউপিপিএলে পণ লয় আৰু বিভিন্ন ৰণকৌশল গ্ৰহণ কৰে । ইপিনে, অগপ আৰু ইউপিপিএলৰ বৈঠকৰ অন্তত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত কৰাৰ বাবে ঐক্যবদ্ধভাৱে যুঁজ দিব বুলি মন্তব্য কৰে । প্ৰমোদ বড়োক প্ৰশংসা কৰি তেওঁৰ নেতৃত্বতে অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু উন্নয়ন সম্ভৱ হৈছে বুলি মন্তব্য কৰিছে অতুল বৰাই । তেওঁ অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত ১১ খন বিজেপিয়ে, ২খন অগপই আৰু এখন ইউপিপিএলে অৰ্থাৎ ১৪ খন আসনেই এনডিএই লাভ কৰিব বুলি মন্তব্য কৰিছে অগপৰ সভাপতি অতুল বৰাই ।

ইপিনে, মন্ত্ৰী কেশৱ মহন্তই প্ৰমোদ বড়োৰ নেতৃত্বতে জাতি -জনগোষ্ঠীৰ মাজত সমন্বয় আহিছে বুলি মন্তব্য কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰে । আনহাতে, বৈঠকৰ অন্তত ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োই এইবেলি শান্তি , নিৰাপত্তা আৰু উন্নয়ন মূল নিৰ্বাচনী ইচ্ছু হ'ব বুলি সদৰী কৰিছে । দশকৰ পিছত দশক ধৰি অশান্তজৰ্জৰ হৈ থকা অঞ্চলটোত এতিয়া শান্তি-সম্প্ৰীতি-ভাতৃত্ববোধ -নিৰাপত্তা বিৰাজ কৰিছে । জনসাধাৰণে নিজকে সুৰক্ষিত অনুভৱ কৰিছে ।

পূৰ্বতে হত্যা-হিংসা- ভাবুকি, ভাতৃঘাতী সংঘৰ্ষ, জাতিগত সংঘৰ্ষই জনজীৱন অস্থিৰ কৰি তুলিছিল আৰু একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই বিপিএফে উক্ত গুৰুতৰ সমস্যাসমুহ আওকান কৰিছিল বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । জনতাই শান্তি , নিৰাপত্তা আৰু উন্নয়নৰ বাবেই এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰাব বুলিও মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ।

কোকৰাঝাৰৰ চন্দ্ৰপাৰাস্থিত প্ৰমোদ বড়োৰ বাসভৱনৰ প্ৰেক্ষাগৃহত আজি আয়োজিত ৰুদ্ধদ্বাৰ বৈঠকত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, অগপৰ জ্য়েষ্ঠ নেতা ভূপেন ৰয়কে ধৰি বিটিচিৰ ৯ টা বিধানসভা সমষ্টিৰ অগপৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ।

লগতে পঢ়ক:প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ চেষ্টা চলাইছিল, কিন্তু বিজেপিয়ে আদৰি নল’লে ! পীযুষ হাজৰীকাৰ মন্তব্য - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.