ETV Bharat / politics

প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ চেষ্টা চলাইছিল, কিন্তু বিজেপিয়ে আদৰি নল’লে ! পীযুষ হাজৰীকাৰ মন্তব্য - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 3:35 PM IST

PIJUSH HAZARIKA ON PRADYUT BORDOLOI
নগাঁৱত মন্ত্ৰী পীষুষ হাজৰীকাৰ বিস্ফোৰক মন্তব্য

Pijush Hazarika: প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিবলৈ অত্যন্ত চেষ্টা কৰিছিল ৷ কিন্তু বিজেপিয়ে আকোঁৱালি নল’লে ৷ এই বিস্ফোৰক মন্তব্য কৰিছে পীযুষ হাজৰীকাই ৷ জিকিলেও, হাৰিলেও এইবাৰ বিজেপিলৈ যাবই কাৰণে একাংশই এইবাৰ প্ৰদ্যুৎ বৰদলৈক ভোট নিদিয়ে বুলিও মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে ৷

নগাঁৱত মন্ত্ৰী পীষুষ হাজৰীকাৰ বিস্ফোৰক মন্তব্য

নগাঁও, 29 মাৰ্চ: প্ৰদ্যুৎ বৰদলৈয়েও যোগদান কৰিব নেকি বিজেপিত ? অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ উল্লেখ কৰাৰ পিচত এইবাৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ মুখত প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ প্ৰসংগ ।

এ আই ইউ ডি এফৰ মুখত শুনা বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচনৰ পিচতেই বিজেপিত যোগদান কৰিব ৷ আনকি প্ৰাৰ্থিত্ব চূড়ান্ত হোৱাৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ বাবে বহুবাৰ চেষ্টা কৰিছিল বুলিও বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

ইপিনে এ আই ইউ ডি এফ-বিজেপিৰ সম্পৰ্কৰ কথা উল্লেখ কৰি নগাঁৱত বিজেপিৰ দুগৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱা বুলি পুৱাই নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কৰা এক মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই । প্ৰদ্যুৎ বৰদলৈক উভতি ধৰি মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য- ‘‘বিগত নিৰ্বাচনত এ আই ইউ ডি এফৰ ভৰিত ধৰিয়েই সাংসদ হিচাপে নিৰ্বাচিত হৈছিল প্ৰদ্যুৎ বৰদলৈ । বিগত বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ দল এ আই ইউ ডি এফৰ মিত্ৰতাত অৱতীৰ্ণ হৈছিল নিৰ্বাচনত । কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজতহে সম্পৰ্ক আছে ৷’’

তদুপৰি বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মুছলমান এলেকাত কোনো কাম নকৰা বুলিও মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে ৷ উল্লেখ্য যে শুকুৰবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই । কাৰ্যকৰ্তা সন্মিলনত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ উপস্থিত থাকে ।

লগতে পঢ়ক: ষ্টাৰ কেম্পেইনাৰ হিচাপে ৰাজ্যৰ বাহিৰে-ভিতৰে ব্যাপক প্ৰচাৰ কাৰ্যসূচী মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.