ETV Bharat / politics

ষ্টাৰ কেম্পেইনাৰ হিচাপে ৰাজ্যৰ বাহিৰে-ভিতৰে ব্যাপক প্ৰচাৰ কাৰ্যসূচী মুখ্যমন্ত্রীৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 2:57 PM IST

Lok Sabha Election 2024: অসমত শতাধিক সভা আৰু ৰেলীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । আন ৰাজ্যতো ষ্টাৰ কেম্পেইনাৰ হিচাপে চলাব প্ৰচাৰ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৫ দিনত ৩০খনৰো অধিক সভা সম্বোধন কৰিব মুখ্যমন্ত্রীয়ে । পশ্চিম বংগ আৰু মধ্য প্ৰদেশৰ তাৰকা প্ৰচাৰকৰ ৰূপত অসমৰ মুখ্যমন্ত্ৰী ।

LS Polls 2024
Lok Sabha Election 2024

গুৱাহাটী, ২৯ মার্চ: ৰাজ্যৰ সৰ্বত্রে এতিয়া বলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ । প্ৰতিটো ৰাজনৈতিক দলৰ লগতে প্ৰতিগৰাকী প্ৰাৰ্থীৰ এতিয়া ব্যস্ততাৰ অন্ত নোহোৱা হৈছে । সকলো দলেই নিৰ্বাচনী প্ৰচাৰৰ বাবে নিজৰ নিজৰ ষ্টাৰ কেম্পেইনাৰ লৈ নিৰ্বাচনী ৰণত নামি পৰিছে । শাসকীয় দল বিজেপিয়েও পূৰ্ণোদম্যে নিৰ্বাচনী প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে ।

LS Polls 2024
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা

ইফালে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ বাবে বিশেষ দায়িত্ব অৰ্পণ কৰিছে বিজেপি নেতৃত্বই । একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখল কৰিবলৈ উঠিপৰি লগা দলটোৱে ইতিমধ্যেই বিভিন্ন ৰাজ্যৰ প্ৰচাৰ অভিযানৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রকাশ কৰিছে । এই তালিকাত পশ্চিম বংগ আৰু মধ্যপ্ৰদেশত প্ৰচাৰৰ দায়িত্ব দি ষ্টাৰ কেম্পেইনাৰৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

LS Polls 2024
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা

আনহাতে এই ৰাজ্যসমূহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহু কেইগৰাকী ৰাষ্ট্ৰীয় তথা স্থানীয় শীর্ষ নেতা ষ্টাৰ কেম্পেইনাৰ হিচাপে আছে ।

লক্ষণীয় বিষয় যে বিগত সময়ত বিভিন্ন ৰাজ্যত হোৱা বিধানসভাৰ নিৰ্বাচন সমূহতো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তাৰকা প্ৰচাৰক হিচাপে প্ৰচাৰ অভিযান চলাইছিল । ৰাষ্ট্ৰীয় ৰাজনীতিতো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ জনপ্ৰিয়তা আছে আৰু সেই কথা বিগত দিন সমূহৰ নিৰ্বাচনী প্ৰচাৰত দেখা গৈছে ।

উল্লেখ্য যে লোকসভা নির্বাচনৰ দিন ঘোষণাৰ পিচৰে পৰা বিজেপিয়ে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান । ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ দলটোৱে সভা-সমিতি আয়োজন কৰাৰ লগতে বিভিন্ন ৰণকৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ এইবাৰ গেৰুৱা দলটোৱে পশ্চিম বংগক লক্ষ্য কৰি লৈছে ।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চলিত মাহতেই পশ্চিম বংগত কেইবাখনো সভা অনুষ্ঠিত কৰি ৰাজ্যখনত শাসন চলাই থকা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে উঠিপৰি লাগিছে । এনে পৰিস্থিতিত মধ্য প্ৰদেশৰ লগতে পশ্চিম বংগৰ দৰে ৰাজ্যত ড° হিমন্ত বিশ্ব শৰ্মাক ষ্টাৰ কেম্পেইনাৰৰ দায়িত্ব দিয়া কার্য বিশেষ লক্ষণীয় হৈ পৰিছে ।

ইফালে অসমতো ১৪ খন আসনৰ ভিতৰত ১৩ খনত জয়ী হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপিয়ে । যাৰ বাবে মুখ্যমন্ত্রীগৰাকীৰ ওপৰত যথেষ্ট হেঁচা আছে । ৰাজ্যৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিখন জিলাতে নিৰ্বাচনী প্ৰচাৰ চলাব । দলীয় সূত্রই জনোৱা মতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত শতাধিক সভা আৰু ৰেলীত অংশ গ্ৰহণ কৰিব ।

ইতিমধ্যে দলৰ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্রীৰ প্ৰচাৰ অভিযানৰ এখন তালিকা প্ৰকাশ কৰা হৈছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্রীৰ প্ৰচাৰ অভিযানৰ তালিকা প্ৰকাশ কৰা হৈছে । পহিলা এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ দিয়া এই তালিকা অনুসৰি মুখ্যমন্ত্রীয়ে ৩০ খন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব । ১৫ দিনত মুখ্যমন্ত্রীয়ে ৩০ খন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰাৰ উপৰিও ২ এপ্ৰিলত ডিফুত আৰু ৩ এপ্ৰিলত শিলচৰ আৰু কৰিমগঞ্জত দলীয় প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিলৰ সময়ত সংগ দিব ।

আনহাতে ৬ এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ লখিমপুৰ আৰু হোজাইৰ প্ৰচাৰ অভিযান কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্রীগৰাকী । ইফালে পহিলা এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ মুখ্যমন্ত্রীয়ে ৰাজহুৱা সভাৰ উপৰি বিভিন্ন ৰেলীতো অংশ গ্ৰহণ কৰিব । ৰেলীৰ সময়সূচী এতিয়াও দলীয়ভাৱে প্ৰকাশ কৰা নাই ।

পহিলা এপ্ৰিলৰ দিনা মুখ্যমন্ত্রীয়ে মাজুলীত চাইকেল ৰেলীত ভাগ ল'ব । সেইদৰে ২ এপ্ৰিলৰ দিনা মুখ্যমন্ত্রীয়ে ডিফুত দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিয়াৰ উপৰি সৰুপথাৰত ৰাজহুৱা সভা সম্বোধন কৰিব । ৩ এপ্ৰিলৰ দিনা শিলচৰ আৰু কৰিমগঞ্জত দলীয় প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিলৰ সময়ত মুখ্যমন্ত্রী উপস্থিত থাকিব । ৪ এপ্ৰিলৰ দিনা মুখ্যমন্ত্রীয়ে ঢেকিয়াজুলী, গহপুৰ আৰু বিহপুৰীয়াত তিনিখনকৈ ৰাজহুৱা সভাত অংশ ল'ব ।

সেইদৰে ৫ এপ্ৰিলৰ দিনা ডিগবৈ, মাকুম আৰু টিংখঙত উপস্থিত থাকি তিনিখনকৈ নিৰ্বাচনী সভা সম্বোধন কৰিব । ৬ এপ্ৰিলত অমিত শ্বাহৰ লখিমপুৰ আৰু হোজাইৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্রী । ৭ এপ্ৰিলৰ দিনা মুখ্যমন্ত্রীয়ে তিতাবৰ, মৰিয়নি আৰু নাজিৰাত তিনিখনকৈ ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব ।

আনহাতে, ৮ এপ্ৰিলৰ দিনা নাহৰকটীয়া, দুলিয়াজান আৰু চাবুৱাত ৰাজহুৱা সভা সম্বোধন কৰিব মুখ্যমন্ত্রীয়ে । ৯ এপ্ৰিলত মুখ্যমন্ত্রীয়ে কাকপথাৰ, খোৱাং আৰু ঢকুৱাখানাত তিনিখনকৈ সভাত অংশ গ্ৰহণ কৰিব । ১০ এপ্ৰিলৰ দিনা মুখ্যমন্ত্রীয়ে মাহমৰা-ডিমৌ, আমগুৰি আৰু টিয়কত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব । ১১ এপ্ৰিলত মাৰ্ঘেৰিটা, দেৰগাঁও আৰু বোকাখাটত তিনিখনকৈ সভা সম্বোধন কৰিব মুখ্যমন্ত্রীয়ে ।

সেইদৰে ১২ এপ্ৰিলৰ দিনা মুখ্যমন্ত্রীয়ে লামডিঙৰ কাকি, বিশ্বনাথ চাৰিআলি আৰু নাওবৈচাত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব । ১৩ এপ্ৰিলৰ দিনা ৰঙানদী, ৰঙাপাৰা আৰু সোনাৰিত মুখ্যমন্ত্রীয়ে তিনিখন ৰাজহুৱা সভা সম্বোধন কৰিব । ১৪ এপ্ৰিলৰ দিনা কোনো কাৰ্যসূচী উল্লেখ কৰা হোৱা নাই ।

আনহাতে ১৫ এপ্ৰিলৰ দিনা লামডিং আৰু বিন্নাকান্দিত মুখ্যমন্ত্রীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব । উল্লেখ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পাঁচটা সমষ্টি ক্ৰমে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব । ইতিমধ্যে মনোনয়ন পত্র দাখিল আৰু পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হৈছে । মনোনয়ন পত্র প্ৰত্যাহাৰ কৰাৰ দিন হৈছে ৩০ মাৰ্চ ।

মনোনয়ন পত্র পৰীক্ষণৰ পাচত পাঁচটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা হৈছে ৩৬ গৰাকী । সেই অনুসৰি পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ সংখ্যা হৈছে- কাজিৰঙা লোকসভা সমষ্টিত ১১ গৰাকী, শোণিতপুৰ লোকসভা সমষ্টিত ৮ গৰাকী, লখিমপুৰ লোকসভা সমষ্টিত ৯ গৰাকী, ডিব্ৰুগড় লোকসভা সমষ্টিত ৩ গৰাকী আৰু যোৰহাট লোকসভা সমষ্টিত ৫ গৰাকী ।

লগতে পঢ়ক: যোৰহাটৰ দুই প্ৰতিদ্বন্দ্বী: কিমান ধনী গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈ ? - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.