ETV Bharat / politics

অসমত হাজং-চাকমা সকলক সংস্থাপনৰ সিদ্ধান্ত লোৱা বুলি কোৱা নাছিলো, সহায়ৰ কথাহে কৈছিলো : ৰিজিজু - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 3:37 PM IST

Updated : Apr 25, 2024, 5:24 PM IST

CHAKMA HAJONG RESETTLEMENT ROW
সংবাদমেল সম্বোধন কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

হাজং-চাকমাসকলক অসমত সংস্থাপিত কৰাৰ কথাকৈ এতিয়া সুৰ সলাইছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ ৰিজিজুৱে কয় যে তেওঁৰ মন্তব্যৰ বিকৃত কৰি বাতৰি কৰা হৈছে ৷

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 25 এপ্ৰিল : “হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা উত্তৰ-পূৱৰ অগ্ৰণী নেতা ৷ লোকসভা নিৰ্বাচনৰ মাজত তেওঁক বদনামী কৰিবলৈকে কোনোবাই ষড়যন্ত্ৰ কৰি মোৰ কথাৰ বিকৃত ৰূপ দি চাকমা-হাজংসকলক অসমত সংস্থাপন দিয়া হ’ব বুলি বাতৰি কৰিছে ৷”- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্চ প্ৰশংসাৰে হাজং-চাকমা সকলক অসমত সংস্থাপিত কৰাৰ কথাকৈ এতিয়া সুৰ সলাইছে অৰুণাচলৰ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ এই প্ৰসংগত বৃহস্পতিবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

মাত্ৰ দুদিন পূৰ্বে অৰ্থাৎ সোমবাৰে কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত এক সংবাদমেল সম্বোধন কৰি কৈছিল যে, চাকমা আৰু হাজং নাগৰিকসকল অৰুণাচল প্ৰদেশৰ অস্থায়ী বাসিন্দাহে, তেওঁলোকৰ অৰুণাচল প্ৰদেশত কোনো স্থান নাই ৷ 'কা’ৰ জৰিয়তে অসমকে ধৰি আন ঠাইত চাকমা-হাজংসকলক সংস্থাপিত কৰাৰ পোষকতা কৰিছিল ৰিজিজুৱে ৷ লগতে হাজং-চাকমাসকলক অসমত সংস্থাপিত কৰা মন্তব্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মাজত হোৱা আলোচনাৰ প্ৰসংগও উত্থাপন কৰিছিল তেওঁ ৷ ৰিজিজুৰ এই মন্তব্যৰ পিচত সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ নিৰ্বাচনৰ ভোট ভিক্ষাৰ সময়ত ৰিজিজুৰ এনে মন্তব্যই স্বাভাৱিকতে অস্বস্তিত পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

দুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেনে কোনো পৰিকল্পনাৰ কথা তেওঁ নাজানে আৰু কিৰেণ ৰিজিজুৰ মন্তব্যৰ প্ৰসংগত নিৰ্বাচনৰ পিচত আলোচনা কৰিব ৷ লগতে কিৰেণ ৰিজিজু এনে ঘোষণা কৰাৰ কোনো কৰ্তৃপক্ষ নহয় বুলি কয় ৷ তাৰ পিচতেই আজি দিল্লীত সংবাদ মাধ্যমৰ আগত কিৰেণ ৰিজিজুৱে নিজৰ স্পষ্টীকৰণ আগবঢ়ায় ৷ ৰিজিজুৱে কয় যে তেওঁৰ মন্তব্য বিকৃত কৰি বাতৰি কৰা হৈছে ৷ সংবাদ মাধ্যম আৰু কংগ্ৰেছ আৰু আন ৰাজনৈতিক দলৰ ষড়যন্ত্ৰ আখ্যা দি ৰিজিজুৱে কয় যে নিৰ্বাচনৰ সময়ত এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ ৷ তেওঁ সংবাদমেলত যিহেতু "কা" অৰুণাচল প্ৰদেশত প্ৰযোজ্য নহয় সেয়েহে চাকমা-হাজংসকলক অৰুণাচল প্ৰদেশ এৰি য'ত "কা" প্ৰযোজ্য তেনে ৰাজ্যত সংস্থাপিত কৰা উচিত বুলি মন্তব্য কৰিছিল বুলি দাবী কৰে ৷

ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ে অনুৰোধ জনোৱাৰ কথাহে তেওঁ কৈছিল বুলি ৰিজিজুৱে আজি দিল্লীত স্পষ্টীকৰণ দিছে ৷ আনহাতে অৰুণাচলৰ হাজং-চাকমাসকলক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থায়ীভাৱে বিকল্প স্থানত সংস্থাপিত কৰাৰ পোষকতা কৰাৰ কথাহে তেওঁ কৈছিল, অসমত সংস্থাপনৰ কথা কোৱা নাছিল বুলি আজি অৰুণাচল তথা দেশৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতা ৰিজিজুৱে দাবী কৰে ৷ নিৰ্বাচনৰ সময়ত ‘ডেমেজ কণ্ট্ৰল’ কৰাৰ চেষ্টা কৰি ৰিজিজুৱে কয়- “অসমত সংস্থাপন কৰিব বুলি মই কোৱা নাছিলো ৷ তেনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই ৷ অসমে আমাক সহায় কৰক বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰাৰ কথাহে মই কৈছিলো ৷ কোনে কৈছে যে অসমত হাজং-চাকমাসকলক সংস্থাপনৰ সিদ্ধান্ত লোৱা হৈছে ?”

লগতে পঢ়ক : অমিত শ্বাহৰ নিৰ্দেশত অসমত চাকমা-হাজং লোকক অসমত সংস্থাপনৰ চক্ৰান্ত মুখ্যমন্ত্ৰীৰ: ভূপেন বৰা - Lok Sabha Election 2024

Last Updated :Apr 25, 2024, 5:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.