অমিত শ্বাহৰ নিৰ্দেশত অসমত চাকমা-হাজং লোকক অসমত সংস্থাপনৰ চক্ৰান্ত মুখ্যমন্ত্ৰীৰ: ভূপেন বৰা - Lok Sabha Election 2024
Chakma Hajong settlement Issue: ৫ লাখ অৰুণাচলী চাকমা আৰু হাজং লোকক অসমত সংস্থাপনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ভূপেন বৰাৰ । কোনো কাৰণতে ১৯৭১ ৰ পিচত অহা কোনো বিদেশীক অসমীয়াই মানি নলয় বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

Published : April 23, 2024 at 9:56 PM IST
নলবাৰী, ২৩ এপ্ৰিল: কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদমেল পাতি ৫ লাখ অৰুণাচলী চাকমা আৰু হাজং লোকক অসমত সংস্থাপন দিব বুলি কোৱাৰ পিচতে তোলপাৰ লাগিছে ৰাজনৈতিক মহলত । নলবাৰীৰ বাটচৰৰ বি বি এছ বি চ'কত বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নৰ হৈ প্ৰচাৰ চলাবলৈ আহি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।
- " class="align-text-top noRightClick twitterSection" data="">
নিৰ্বাচনী সভাৰ পূৰ্বে সাংবাদিকৰ স'তে হোৱা এক সাক্ষাৎকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, পাঁচ লাখ অৰুণাচলী চাকমা আৰু হাজং লোকক গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত অসমত সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উঠিপৰি লাগিছে । সভাপতি ভূপেন বৰাই স্পষ্টকৈ কয় যে কোনো কাৰণতে ১৯৭১ ৰ পিছত অহা কোনো বিদেশীক অসমীয়াই মানি নলয় ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "এটা পক্ষীও অসমত প্ৰৱেশ কৰিবলৈ নিদিও বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি এতিয়া পুনৰ ওলোটা খৰ মাৰিছে । বিজেপিয়ে কা জাপি দিয়াৰ পিচত এতিয়া ৫ লাখ চাকমা আৰু হাজং লোকক অসমত সংস্থাপন দিয়াৰ চিন্তা চৰ্চা কৰিছে ।"
ভূপেন বৰাই পুনৰ কয় যে অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ পিচত অহা কোনো বিদেশীক অসমৰ ৰাইজে গ্ৰহণ নকৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে বচাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কথামতে উঠা বহা কৰি আহিছে । ইয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনৰ দুমুখীয়া চৰিত্ৰ ৰাইজে বুজি উঠিছে । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মত ব্যক্ত কৰে ।
উল্লেখ্য যে কিৰেণ ৰিজিজুৱে উল্লেখ কৰা পাঁচ লাখ চাকমা আৰু হাজং লোকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ সৈতে কোনোধৰণৰ আলোচনা হোৱা নাই বুলি নগাঁৱত মন্তব্য কৰিছে ৷ তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজু বৰ্তমান চৰকাৰৰ কোনো বিভাগৰ দায়িত্বত নাই ৷ গতিকে নিৰ্বাচন শেষ হোৱাৰ পিচত এই সন্দৰ্ভত ৰিজিজুৰ সৈতে আলোচনা কৰিব ৷
তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কিহৰ বাবে এই মন্তব্য কৰিছে সেই সম্পৰ্কে অজ্ঞাত বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ বিপৰীতে অৰুণাচলত থকা মৰাণ, মটকসকলক ৰাজ্যত নাগৰিকত্বৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ (পি আৰ চি) প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ৷
ইফালে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নক ভোট দি বিপুল ভোটত জয়ী কৰাবলৈও আহ্বান জনাইছে সভাপতি ভূপেন বৰাই । আজিৰ এই নিৰ্বাচনী সভাখনত বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়ন, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে ভাষণ ৰাখে । উক্ত সভাত প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক দিব্যজ্যোতি হালৈ, কংগ্ৰেছ নেতা আব্দুল কাদেৰকে ধৰি ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক: চাকমা-হাজং শৰণাৰ্থী সংস্থাপন প্ৰসংগত দুই মেৰুত কিৰেণ ৰিজিজু-হিমন্ত বিশ্ব ! - Chakma Hajong Issue

