ETV Bharat / state

চাকমা-হাজং শৰণাৰ্থী সংস্থাপন প্ৰসংগত দুই মেৰুত কিৰেণ ৰিজিজু-হিমন্ত বিশ্ব ! - Chakma Hajong Issue

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 3:40 PM IST

Updated : Apr 23, 2024, 3:56 PM IST

Reaction of CM Himanta Biswa sarma on resettlement of Chakma and Hajong refugees
জুৰীয়াত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

CM on Chakma Hajong Settlement Row: শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এক বৃহৎসংখ্যক চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপন দিয়াৰ কথা ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ সৰ্বত্ৰে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ৷ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

জুৰীয়াত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

নগাঁও, 23 এপ্ৰিল: ৰাজ্যৰ ভিন্ন সমষ্টিত অব্যাহত আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ ৷ মঙলবাৰে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হকে প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী শৰ্মাই ৷ ৰূপহীহাটৰ জুৰীয়া, চামগুৰি সমষ্টিৰ শিঙিমাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিয়ে জয় লাভ কৰিব বুলি ঘোষণা কৰে ৷ লগতে উপস্থিত ৰাইজৰ লগতে সমষ্টিবাসী ভোটাৰ ৰাইজক বিজেপিক ভোটদান কৰিবলৈও আহ্বান জনায় ৷

এই প্ৰচাৰ সভাৰ পিচতে সাংবাদিকে কেইবাটাও ভিন্ন বিষয়ত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে ৷ তাৰ ভিতৰত অন্যতম বিষয় আছিল হাজং, চাকমা শৰণাৰ্থীসকলৰ সংস্থাপন ৷ শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে হাজং, চাকমা সম্প্ৰদায়ৰ শৰণাৰ্থীসকলক অসমত সংস্থাপন কৰাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল ৷ নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়মত এইসকল লোকক অসমত সংস্থাপন দিয়াৰ কথা ঘোষণা কৰাৰ লগে লগে সৰ্বত্ৰে আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া ৷

মুখ্যমন্ত্ৰীয়ে এই কথা একেমুখে নস্যাৎ কৰি কয় যে, এই সন্দৰ্ভত তেওঁৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ কোনোধৰণৰ আলোচনা হোৱা নাই ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজু বৰ্তমান চৰকাৰৰ কোনো বিভাগৰ দায়িত্বত নাই ৷ গতিকে নিৰ্বাচন শেষ হোৱাৰ পিচত এই সন্দৰ্ভত ৰিজিজুৰ সৈতে আলোচনা কৰিব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কিহৰ বাবে এই মন্তব্য কৰিছে সেই সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ বিপৰীতে অৰুণাচলত থকা মৰাণ, মটকসকলক ৰাজ্যত নাগৰিকত্বৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ (পি আৰ চি) প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ৷

উল্লেখ্য যে, বৰ্তমান অৰুণাচলত প্ৰায় 67,000 হাজং, চাকমা শৰণাৰ্থী লোকে বাস কৰি আছে ৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই মন্তব্যৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ গগৈয়ে অৰুণাচলত বাস কৰা হাজং, চাকমা শৰণাৰ্থী লোকসকলৰ সংস্থাপন সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মাজত হোৱা আলোচনা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী তোলে ৷

লগতে চাওক: চাকমা আৰু হাজংসকলক অসমত সংস্থাপনৰ ঘোষণা ৰিজিজুৰ - Chakma Hajong Issue

Last Updated :Apr 23, 2024, 3:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.