ETV Bharat / politics

সদ্য দলত্যাগী প্ৰণৱ বৰুৱাৰ সৈতে কুকুৰৰ সম্পৰ্ক কি- ব্যাখ্যা আগবঢ়ালে তিনিচুকীয়া জিলা কংগ্ৰেছে - Leaders Resigning Congress

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 12:52 PM IST

Tinsukia district Congress clarifies on president Pranab Baruah's exit from congress
সদ্য দলত্যাগী প্ৰণৱ বৰুৱাৰ সৈতে কুকুৰৰ সম্পৰ্ক কি - বাখ্যা আগবঢ়ালে তিনিচুকীয়া জিলা কংগ্ৰেছে

Leaders Resigning Congress: বিজেপিত যোগদান কৰা জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাক সংগ দিছিল এটা কুকুৰে ৷ বৰুৱাই পদত্যাগ কৰিছিল নে দলে বহিস্কাৰ কৰিছিল সেই সন্দৰ্ভতো তিনিচুকীয়া জিলা কংগ্ৰেছে দিলে স্পষ্টীকৰণ ।

সদ্য দলত্যাগী প্ৰণৱ বৰুৱাৰ সৈতে কুকুৰৰ সম্পৰ্ক কি - বাখ্যা আগবঢ়ালে তিনিচুকীয়া জিলা কংগ্ৰেছে

তিনিচুকীয়া, 27 মাৰ্চ: তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাক অসম প্ৰদেশ কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰাৰ পাচত মংগলবাৰে সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয় জয়ন্ত কলিতাক ৷ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰাৰ এক পত্ৰ ৰাজহুৱা হোৱাৰ পাছতে তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ ৷ সভাপতিৰ দায়িত্ব প্ৰদান কৰা জয়ন্ত কলিতাক কংগ্ৰেছৰ মহিলা কমিটিৰ লগতে বিভিন্নজনে ফুলাম গামোছাৰে শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ তথ্য কংগ্ৰেছ নেতৃত্বই লাভ কৰাৰ পিচতে জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাক বহিস্কাৰ কৰা হয় বুলি তিনিচুকীয়া জিলা কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি জয়ন্ত কলিতাই সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰে ৷ ইয়াৰোপৰি, প্ৰণৱ বৰুৱাৰ বিজেপি গমনত কংগ্ৰেছৰ একো ক্ষতি নহয় বুলিও উল্লেখ কৰে কলিতাই ।

আনহাতে, জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা হৈ থকাৰ সময়ত কংগ্ৰেছ ভৱনৰ সমুখত গাড়ীৰ কাষত এটা কুকুৰ ৰৈ আছিল বুলি কংগ্ৰেছৰ উপ-সভাপতি শিৱনাথ চেতিয়াই উল্লেখ কৰে ৷ লগতে, প্ৰণৱ বৰুৱাই আচলতে কোনোদিনেই কংগ্ৰেছ কৰাই নাছিল বুলিও সদৰী কৰে সংবাদ মাধ্যমৰ সমুখত ।

চেতিয়াই লগতে কয়, "কংগ্ৰেছৰ কোনো প্ৰাথমিক গোট, মণ্ডল পৰ্যায়, এন এছ ইউ আই, যুৱ কংগ্ৰেছৰ সৈতে জড়িত নাছিল প্ৰণৱ বৰুৱা ৷ হঠাৎ কেনেবাকৈ কংগ্ৰেছত আহি পৰিছিল ৷ বিগত দিনসমূহত বিৰোধী যৌথ মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক পৰাস্ত কৰিবলৈ দলৰ ভিতৰত থাকি কাম কৰি আহিছিল, গতিকে এতিয়া পানীৰ তলৰ কাঁইট নাইকিয়া হ’ল যেতিয়া ভালেই হ’ল । এতিয়া কংগ্ৰেছ কৰ্মীসকলৰ লুৰীণজ্যোতি গগৈক জিকাই অনাত সুবিধা হ’ব ৷"

লক্ষণীয় বিষয় যে, দলত্যাগী প্ৰণৱ বৰুৱাই কংগ্ৰেছ দললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি চৰ্চা চলিছিল যদিও নৱ-নিযুক্ত সভাপতি জয়ন্ত কলিতাই বৰুৱাক দলে বহিস্কাৰ কৰা বুলি সংবাদ মাধ্যমৰ আগত কয় ৷

লগতে পঢ়ক: তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাৰ পদত্যাগ - lok sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.