ETV Bharat / state

তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাৰ পদত্যাগ - lok sabha election 2024

Tinsukia district Congress : তিনিচুকীয়া কংগ্ৰেছত মোক্ষম আঘাত ৷ জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাৰ পদত্যাগ ৷ আনহাতে পদত্যাগৰ পিচতে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয় প্ৰণৱ বৰুৱাক ৷

Tinsukia district Congress president Pranab Baruah resigns
কংগ্ৰেছত মোক্ষম আঘাত
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 8:13 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ২৬ মাৰ্চ : লোকসভাৰ নিৰ্বাচনৰ গৰম বতাহৰ মাজতে তিনিচুকীয়া জিলা কংগ্ৰেছত পৰিছে মোক্ষম আঘাত । মঙলবাৰে তিনিচুকীয়া কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, জ্যেষ্ঠ কংগ্ৰেছী মহেশ মৰাণ আৰু থমাছ বৰুৱাই কংগ্ৰেছৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি চৰ্চা চলিছে ৷

Tinsukia district Congress president Pranab Baruah resigns
প্ৰণৱ বৰুৱাক বহিষ্কাৰ

তিনি কংগ্ৰেছীৰ লগতে প্ৰাক্তন কংগ্ৰেছ নেতা বিৰিঞ্চি নেওগসহ চাৰিগৰাকীয়ে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁট দলৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিব্ৰুগড়ত শাসকীয় দলটোত যোগদান কৰিব বুলি খবৰ আহিছে ৷ ইফালে, তিনিচুকীয়াৰ তিনি জ্যেষ্ঠ কংগ্ৰেছী, প্ৰাক্তন কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাক লৈ কোনো আশ্চৰ্য প্ৰকাশ কৰা নাই তিনিচুকীয়াৰ কংগ্ৰেছ কৰ্মীসকলে ৷ তিনিচুকীয়াৰ কংগ্ৰেছ নেতা শিৱনাথ চেতিয়াই জিলা সভাপতি প্ৰণৱ বৰুৱা, বিৰিঞ্চি নেওগসহ দলটোৱে দীৰ্ঘদিনৰ পৰা শাসকীয় দলটোত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰখাটো অৱগত বুলি উল্লেখ কৰাৰ লগতে ১০ দিনৰ পূৰ্বেই জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰাৰ মুখৰ পৰা কংগ্ৰেছকৰ্মীসকলে প্ৰণৱ বৰুৱাই বিজেপিত যোগদান কৰিব বুলি অৱগত হয় বুলি উল্লেখ কৰে ।

প্ৰণৱ বৰুৱাৰ নেতৃত্বত জিলাখনত কংগ্ৰেছৰ কোনো সাংগঠনিক ভেটি গঢ়ি তোলা নাই বুলি সদৰী কৰাৰ লগতে মৰাণ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ লালসাত বিৰিঞ্চি নেওগে বিজেপিৰ সৈতে যোগদানৰ বাবে যোগাযোগ কৰি আহিছিল বুলি জানিবলৈ দিয়ে কংগ্ৰেছ নেতা শিৱনাথ চেতিয়াই ৷ আনহাতে, আজি অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী যৌথ মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ দিনটোত পুৱাৰে পৰা মোবাইল ফোন অফ কৰি বৈঠকত মিলিত হৈছিল চাৰিওগৰাকী ৷

আনহাতে, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈৰ স্বাক্ষৰিত এখন পত্ৰৰ জৰিয়তে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাক নিলম্বন কৰি জিলা কংগ্ৰেছৰ উপ-সভাপতি জয়ন্ত কলিতাক দায়িত্ব প্ৰদান কৰা বুলি এক জাননী প্ৰদান কৰে তিনিচুকীয়া জিলা কংগ্ৰেছে ৷

লগতে পঢ়ক : দুই সহস্ৰাধিক লোকৰ সমদলৰে মনোনয়ন পত্ৰ দাখিল ৰ'জলীনা তিৰ্কীৰ - LOK SABHA ELECTION 2024