ETV Bharat / politics

বাম গণতান্ত্রিক ভাৱধাৰাৰ ভোটাৰৰ সমৰ্থন পাব SEUCI এ : পল্লৱ পেগু - suci candidate pallav pegu

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 2:29 PM IST

Lakhimpur Lok Sabha constituency:ৰাইজে এইবাৰ ন্যায়ৰ পক্ষত ঠিয় দিব বুলি কয় লখিমপুৰ লোকসভা সমষ্টিৰ এছইউচিআইৰ প্ৰাৰ্থী পল্লৱ পেগুয়ে । তেওঁ কয় যে ৰাইজ এতিয়া বামপন্থী বিকল্পৰ সন্ধানত আছে ।

Lakhimpur Lok Sabha constituency
এছইউচিআইৰ প্ৰাৰ্থী পল্লৱ পেগু

এছইউচিআইৰ প্ৰাৰ্থী পল্লৱ পেগু

লখিমপুৰ, ২৩ মাৰ্চ : লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ বাম গণতান্ত্রিক ভাৱধাৰৰ ভোটাৰৰ সমৰ্থন পাব ছচিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট) চমুকৈ এছইউচিআইৰ প্ৰাৰ্থীয়ে । আজি (শনিবাৰ) এইদৰে দাবী কৰে লখিমপুৰ সমষ্টিৰ এছইউচিআইৰ প্ৰাৰ্থী পল্লৱ পেগুয়ে । এছইউচিআইৰ প্ৰাৰ্থীগৰাকীয়ে দৃঢ়তাৰে কয় যে বাম গণতান্ত্রিক ভাৱধাৰাৰ ভোটাৰে তেওঁক দিব সমৰ্থন ।

লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ বাম গণতান্ত্রিক ভাৱধাৰাত বিশ্বাসী শুভবুদ্ধি সম্পন্ন ভোটাৰে এছইউচিআইৰ প্ৰাৰ্থীক ভোট দিব বুলি উল্লেখ কৰি এছইউচিআইৰ প্ৰাৰ্থী পল্লৱ পেগুয়ে কয় যে সাম্প্রতিক ৰাজনৈতিক বাতাবৰণে ৰাইজৰ মনত ঘৃণাৰ সৃষ্টি কৰিছে । ৰাজনৈতিক নেতা-পালি নেতাৰ কাম কাজত ৰাইজ চূড়ান্তভাৱে অসন্তুষ্ট হৈ আছে । সেয়ে ৰাইজে এক নতুন ধাৰাৰ চিন্তা কৰিছে ।

সেইবাবে বাম গণতান্ত্রিক ধাৰাৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে । ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ এছইউচিআইৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে এইখন এখন ন্যায় আৰু অন্যায়ৰ যুঁজ । ৰাইজে এইবাৰ ন্যায়ৰ পক্ষত ঠিয় দিব । তেওঁ পুনৰ কয় যে ৰাজনৈতিক দলৰ নেতাসকলে ৰাইজৰ সমস্যাক লৈ মাতমতা নাই । নিবনুৱা সমস্যা, শিক্ষা আদি সমস্যা সমাধান কৰাত মাতমতা নাই । ৰাইজে স্থাপন কৰা ১৩ হেজাৰ স্কুল চৰকাৰে বন্ধ কৰিলে । এই লৈ ৰাইজ ক্ষোভত ফাটি পৰিছে ৷

এছইউচিআইৰ প্ৰাৰ্থী পল্লৱ পেগুয়ে পুনৰ কয় যে ৰাজনৈতিক দলৰ নেতাসকলে সাম্প্রদায়িক, ফেচীবাদী বিয়বাস্প বিয়পাই দিছে । বুৰ্জোৱা শ্ৰেণীৰ লগত বিজেপি, কংগ্রেছ আদি দল চামিল হৈ পৰিছে । যাৰ বাবে ৰাইজ এতিয়া বামপন্থী বিকল্পৰ সন্ধানত আছে ৷ সেয়ে সমাগত নিৰ্বাচনত ৰাইজে বাম গণতান্ত্রিক চিন্তা ধাৰাৰ সমৰ্থনপুষ্ট এছইউচিআইৰ প্ৰাৰ্থীক সমৰ্থন দিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:কাৰ হাতলৈ যাব চৰ্চিত লখিমপুৰ লোকসভা সমষ্টি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.