ETV Bharat / politics

কাৰ হাতলৈ যাব চৰ্চিত লখিমপুৰ লোকসভা সমষ্টি ?

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 12:14 PM IST

Who will have the last laugh in Lakhimpur Lok Sabha constituency?
কাৰ হাতলৈ যাব চৰ্চিত লখিমপুৰ লোকসভা সমষ্টি ?

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে ৰাজনৈতিক দলসমূহৰ মাজত । লখিমপুৰতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ 9 টা বিধানসভা সমষ্টিৰে গঠিত 14 নং লখিমপুৰ লোকসভা সমষ্টিৰ 6 টা সমষ্টি আছে বিজেপিৰ দখলত । এটা সমষ্টি কংগ্রেছৰ দখলত আছে ৷ আন দুটা নৱগঠিত বিধানসভা সমষ্টি এইবাৰ লোকসভা সমষ্টিটোত অন্তর্ভুক্ত কৰা হৈছে । সমষ্টিকেইটাক লৈ আগবঢ়োৱা হৈছে আমাৰ এক বিশ্লেষাত্মক প্ৰতিবেদন-

লখিমপুৰ, 16 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ অন্যতম চৰ্চিত লোকসভা সমষ্টিটো হ’ল 14 নং লখিমপুৰ লোকসভা সমষ্টি ৷ এই সমষ্টিটোত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে দুটাকৈ সমষ্টি ৷ এই সমষ্টি দুটাই শাসক-বিৰোধী উভয়ৰে অংক জটিল কৰাৰ সম্ভাৱনা প্ৰবল কৰি তুলিছে ।

লখিমপুৰ লোকসভাৰ 9 বিধানসভা সমষ্টিৰ 6 টা আছে শাসকীয় বিজেপিৰ দখলত । লখিমপুৰ লোকসভা সমষ্টিটো জটিল জনগাঁথনি আৰু ভৌগলিকভাৱেও জটিলতাপূৰ্ণ । লোকসভা সমষ্টিটোৰ এফালে সাতটা আৰু আনফালে দুটা বিধানসভা সমষ্টি । মাজেৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ ।

পোনপটীয়াকৈ একমাত্র বগীবিল দলংখনে সমষ্টিটোৰ দুয়ো পাৰৰ সংযোগ ৰক্ষা কৰিছে । এই জটিল ভৌগোলিক অৱস্থানৰ লগতে সমষ্টিটো বিভিন্ন মিশ্ৰিত জনগাঁথনিৰে ভৰা । সমষ্টিটোৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ আশা-আকাংক্ষাক পতিয়ন নিয়াব পৰাকৈ জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিব নোৱাৰিলে বিজয়ৰ পথ যে সহজ নহ’ব সেয়া ধুৰুপ ।

আসন্ন লোকসভা নির্বাচনত এইবাৰ সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ পুনৰ বিন্যাস ঘটোৱাৰ বাবে কিছু জটিলতাই দেখা দিব । এই জটিলতা শাসক-বিৰোধী উভয় পক্ষৰ বাবেই আহিব পাৰে যদিও বিৰোধী দল অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । উল্লেখ্য যে, লোকসভা সমষ্টিটোৰ অন্তৰ্গত 9 টা বিধানসভা সমষ্টিৰ ভিতৰত মাজুলী আৰু চাবুৱাক বাদ দি নতুনকৈ ৰঙানদী আৰু চিচিবৰগাঁও নামেৰে দুটা সমষ্টি গঠন কৰি অন্তৰ্ভুক্ত কৰা হৈছে ।

সেই অনুসৰি বৰ্তমান লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত হৈ আছে ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, চিচিবৰগাঁও, জোনাই, শদিয়া আৰু ডুমডুমা সমষ্টি । নতুন সমষ্টি দুটাক বাদ দিলে আন সাতটা সমষ্টিৰ ছটা সমষ্টিয়েই আছে বিজেপিৰ দখলত । এটা আছে কংগ্ৰেছৰ দখলত । নতুন সমষ্টি ৰঙানদী আৰু চিচিবৰগাঁৱক বাদ দিলে আন সাতটা সমষ্টিৰ নাওবৈচা সমষ্টিটো আছে কংগ্রেছৰ ভৰত নৰহৰ দখলত ।

লখিমপুৰত মানৱ ডেকা, ঢকুৱাখনাত নৱ দলে, ধেমাজিত ৰণোজ পেগু, জোনাইত ভুবন পেগু, শদিয়াত দুৰ্লভ চেতিয়া আৰু ডুমডুমাত আছে ৰুপেশ গোৱালা । এই আটাইকেইজন হ’ল বিজেপিৰ বিধায়ক । শাসকীয় দলৰ বাবে নিজৰ বিধায়ক থকা সমষ্টিকেইটাত জন সমৰ্থন লাভ কৰাত জটিলতা কমিব যদিও আন তিনিটা সমষ্টিত সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কিয়নো নাওবৈচা সমষ্টিটো আছে কংগ্রেছৰ ভৰত নৰহৰ দখলত ।

আনহাতে, নৱগঠিত ৰঙানদী সমষ্টিটোত নাওবৈচাৰ সৰহভাগ এলেকা সংযোজন কৰা হৈছে । লখিমপুৰ, বিহপুৰীয়া আৰু নাওবৈচা সমষ্টিৰ বুথ কাটি আনি ৰঙানদী সমষ্টিটো গঠন কৰা হৈছে । ইয়াৰ সৰহভাগ বুথ নাওবৈচা সমষ্টিৰ । সেয়ে নাওবৈচা সমষ্টিৰ সৰহভাগ বুথ অন্তৰ্ভুক্ত হোৱা ৰঙানদী সমষ্টিত প্ৰকাৰন্তৰে হ’লেও নাওবৈচা সমষ্টিৰ কংগ্রেছী বিধায়কজনৰ প্ৰভাৱ থাকিব । শাসকীয় দলৰ বাবে নাওবৈচা নাইবা ৰঙানদী এই দুয়োটা সমষ্টিত জন সমৰ্থন লাভ কৰাত জটিলতা আহিব । তেনেদৰে আনটো নতুন সমষ্টি চিচিবৰগাঁও সমষ্টিত কোনে গৰিষ্ঠসংখ্যক জনমত আদায় কৰিব তাৰ পূৰ্বানুমান কৰাত জটিলতাৰ সৃষ্টি হৈছে ।

আনহাতে, যদিও ঢকুৱাখনা সমষ্টি বিজেপিৰ দখলত আছে তথাপি সমষ্টিটোত কংগ্রেছৰো দখল শক্তিশালী ৰূপত আছে । সেয়ে নাওবৈচা, ৰঙানদী, চিচিবৰগাঁও, ঢকুৱাখনা আদি সমষ্টিকেইটাত শাসকীয় দলৰ বাবে জনমত আদায় কৰাত জটিলতাই দেখা দিব । আনহাতে, বিৰোধী দল কংগ্রেছৰ বাবে এই সমষ্টিকেইটাত জন সমৰ্থন আদায় কৰাতো কিছু পৰিমাণে জটিলতা কম হ’ব বুলি আপাতদৃষ্টিত ধাৰণা হয় । লোকসভা নির্বাচনৰ ফলাফল সমষ্টিটোত কি হ’ব সেয়া বৰ্তমানেও সামান্য পৰিমাণেও ঠাৱৰ কৰিব পৰা হোৱা নাই ।

লগতে পঢ়ক: ৰাণী নে উদয়, লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ দোমোজাত কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.