ETV Bharat / politics

ৰাণী নে উদয়, লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ দোমোজাত কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 12:27 PM IST

Lakhimpur LS seat: অসমৰ ১৪ টা লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হ'ল ১৪ নং লখিমপুৰ লোকসভা সমষ্টি । বিজেপি, তৃণমূল কংগ্রেছ আদি দলে এই সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । কিন্তু প্ৰধান বিৰোধী দল কংগ্রেছে এতিয়াও ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থীৰ নাম । দুগৰাকী সম্ভাব্য প্ৰাৰ্থীৰ বাছনিক লৈ বিবুদ্ধিত পৰিছে দলটো ।

Lakhimpur LS seat
লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ দোমোজাত কংগ্ৰেছ

লখিমপুৰ,১৫ মাৰ্চ : ৰাণী নে উদয় ! লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কিয় থমকিছে কংগ্রেছ ? প্ৰাৰ্থী বাছনিতে এখন ভিতৰুৱা যুঁজৰ উমান পোৱা গৈছে । এতিয়া নিৰ্বাচনী বতৰৰ আগলি বতাহে কোবাই গৈছে সমগ্ৰ দেশ । যিকোনো মুহূৰ্ততে নিৰ্বাচনৰ তাৰিখ আৰু নিৰ্বাচনী অধিসূচনা জাৰি হ'ব । তাৰ বাবে প্ৰস্তুতি চলিছে জোৰদাৰ ৰূপত । ৰাজনৈতিক দলসমূহেও বিভিন্ন ৰণনীতি প্ৰস্তুত কৰিছে । সমষ্টি অনুসৰি দলৰ প্ৰাৰ্থী তালিকাও ইতিমধ্যে ঘোষণা কৰা হৈছে ৷

অসমত শাসকীয় বিজেপি দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্রেছসহ বিৰোধী ঐক্যমঞ্চই এতিয়াও সম্পূর্ণ তালিকা প্রকাশ কৰিব পৰা নাই । ইয়াৰ মাজতে আকৌ ঐক্যমঞ্চৰ বান্ধোন এৰি আপ, তৃণমূল কংগ্রেছ আদিয়ে নিজা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ প্ৰধান বিৰোধী দল কংগ্রেছে এই পৰ্যন্ত ১২ টাকৈ সমষ্টিত দলীয় প্রার্থীৰ নাম ঘোষণা কৰিছে ।

ডিব্ৰুগড় সমষ্টি কংগ্রেছে মিত্রদললৈ এৰি দিয়াৰ পিচত লখিমপুৰ লোকসভা সমষ্টিক লৈ এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৷ ঐক্যমঞ্চৰ আন দলসমূহক একাষৰীয়া কৰি কংগ্রেছ দলে ১২ টাকৈ সমষ্টিত দলীয় প্রার্থী প্ৰক্ষেপ কৰোৱাৰ পিচত বাকী থকা সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ গৈ থমকি ৰ'বলগীয়া হৈছে । দলৰ ভিতৰুৱা খবৰ অনুসৰি ডিব্ৰুগড় সমষ্টিটোত ঐক্যমঞ্চৰ তৰফৰ পৰা লুৰীণজ্যোতি গগৈক দিয়া হৈছে যদিও সন্মুখত বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বাবে কিছু হোঁহকা-পিছলা কৰিবলগীয়া হৈছে ।

আনহাতে সৰ্বাধিক চৰ্চিত সমষ্টিটো হৈছে লখিমপুৰ সমষ্টি । এই সমষ্টিত কংগ্রেছৰ প্ৰাৰ্থী বাছনিৰ বিষয়টো এতিয়াও গেঁঠেলা মাৰি আছে । দলীয় সূত্রৰ মতে কংগ্ৰেছে এই সমষ্টিত দলীয় প্রার্থী বাছনিৰ বেলিকা এখন যুঁজত অৱতীৰ্ণ হ'বলগীয়া হৈছে । এই যুঁজখনৰ কাৰক হৈছে প্ৰাক্তন সাংসদ ৰাণী নৰহ আৰু প্রার্থিত্ব প্ৰত্যাশী উদয় শংকৰ হাজৰিকা । কংগ্রেছ দলৰ পৰা এই সমষ্টিত এওঁলোক দুয়োজন প্ৰাৰ্থিত্ব প্ৰত্যাশী ।

জানিব পৰা মতে প্ৰদেশ কংগ্রেছৰ তৰফৰ পৰা হাইকমাণ্ডলৈ প্ৰেৰণ কৰা তালিকাত লখিমপুৰ লোকসভা সমষ্টিৰ বাবে কেৱল উদয় শংকৰ হাজৰিকাৰ নামটোহে প্ৰেৰণ কৰা হৈছিল । কিন্তু প্ৰাক্তন সাংসদ ৰাণী নৰহে দিল্লীত তেওঁৰ দলীয় মনোনয়নৰ বাবে হেঁচা প্ৰয়োগ কৰে । প্ৰাক্তন সাংসদ, প্ৰাক্তন কেন্দ্রীয় মন্ত্রী হিচাপে আৰু দীর্ঘদিন কংগ্রেছৰ কৰ্মী হিচাপে এইবাৰ দলীয় টিকট পাব লাগে বুলি ৰাণী নৰহে দিল্লীত হেঁচা প্ৰয়োগ কৰিছে ।

আনহাতে প্ৰদেশ কংগ্রেছৰ তৰফৰ পৰা নাম প্ৰেৰণ কৰা উদয় শংকৰ হাজৰিকাৰ সমৰ্থনতো হাইকমাণ্ডৰ একাংশই পক্ষ লৈছে । কংগ্রেছৰ হাইকমাণ্ডৰ দুটা শিবিৰে দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ হৈ অৱস্থান লোৱাত এতিয়া ওলমি আছে লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীজনৰ নাম । ইয়াকে লৈ দলীয় কৰ্মীসকলৰ মাজতে ব্যাপক উৎকণ্ঠাই বিৰাজ কৰিছে ।

উল্লেখ্য যে কেইমাহমানৰ পূৰ্বে কংগ্রেছত যোগদান কৰাৰ বাবে উদয় শংকৰ হাজৰিকাৰ মনোনয়নত ৰাণী নৰহে বিধি-পথালি দিয়া বুলি চৰ্চা লাভ কৰাৰ বিপৰীতে গৰিষ্ঠ সংখ্যককৰ্মীয়ে আকৌ নতুন মুখৰ প্ৰাৰ্থীজনকলৈ হে আশাবাদী । একাংশ কৰ্মীৰ মতে নতুন মুখৰ প্ৰাৰ্থীজনক লৈ দলীয় কৰ্মীয়ে বহু উৎসাহেৰে কাম কৰিবলৈ ওলাই আহিব । বিপৰীতে পুৰণি তথা দলৰ কৰ্মীৰে দীর্ঘদিন ধৰি সম্পৰ্ক বজাই নৰখা ৰাণী নৰহে প্ৰাৰ্থিত্ব পালে দলীয় কৰ্মীৰ উৎসাহ স্তিমিত হ'ব ।

সম্প্রতি লখিমপুৰ লোকসভা সমষ্টিত এই দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীক লৈ দলীয় হাইকমাণ্ডৰ দোদুল্যমান স্থিতি, দলীয় কৰ্মীৰ উৎকণ্ঠাই বিৰাজ কৰা এক পৰিৱেশৰ সৃষ্টি হৈ আছে । সকলোৱে দলৰ শীর্ষ নেতৃত্বৰ সিদ্ধান্তক লৈ আগ্ৰহেৰে বাট চাই আছে । ৰাণী নে উদয়, কংগ্রেছে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব ! সেয়া হেজাৰ হেজাৰ কংগ্রেছ কৰ্মীৰ এই মুহূৰ্তৰ উত্তৰ বিহীন প্ৰশ্ন ।

লগতে পঢ়ক :‘অসমবাসীয়ে বিচৰা ধৰণে হ’ব সকলো খবৰ’ বুলি বৃহস্পতিবাৰৰ নিশা কিয় ক’লে লুৰীণে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.