ETV Bharat / politics

সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰৱ সোণোৱাল কছাৰী গণমঞ্চ: মুখ্যমন্ত্ৰীকো প্ৰত্যাহ্বান গণমঞ্চৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 9:16 PM IST

SONOWAL KACHARI GANA MANCHA
সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰৱ সোণোৱাল কছাৰী গণমঞ্চ

নিৰ্বাচনৰ পূৰ্বে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সোণোৱাল কছাৰী গণমঞ্চ ৷ সোণোৱাল কছাৰীসকলক প্ৰতাৰণা কৰাৰ অভিযোগ মঞ্চৰ ৷ সবিশেষ সামৰি সোণোৱাল কছাৰী গণমঞ্চৰ সম্পাদকৰ সৈতে ই টিভি ভাৰতৰ সাংবাদিক উমাকান্ত বৰুৱাৰ বিশেষ সাক্ষাৎকাৰ ৷

সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰৱ সোণোৱাল কছাৰী গণমঞ্চ

ডিব্ৰুগড়, 14 এপ্ৰিল: ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ । ডিব্ৰুগড় লোকসভা সমষ্টিত শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা পিছতেই যেন সকলো ৰাজনৈতিক পৰিৱেশ সলনি হৈ পৰিল ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ ডিব্ৰুগড়ৰ বিজেপি কৰ্মীসকল অতি উৎসাহী যদিও সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিজৰ জনগোষ্ঠীয় সংগঠনে আৰম্ভ কৰিছে বিদ্ৰোহ । নিৰ্বাচনৰ প্ৰাকক্ষণত সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতাক লৈ সৰৱ সোণোৱাল কছাৰী গণমঞ্চ ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থকা সময়তে সৰ্বানন্দ সোণোৱালে সোণোৱাল কছাৰী ৰাইজৰ বাবে কোনোধৰণৰ কাম নকৰাৰ অভিযোগ উত্থাপিত হৈছে । জনগোষ্ঠীটোৰ বাবে যি উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাক কাৰ্যকৰী নকৰাৰ অভিযোগ সোণোৱাল কছাৰী গণমঞ্চৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজি বৃদ্ধি কৰি জনগোষ্ঠীৰ সামগ্ৰীক উন্নয়ন কৰাত ব্যৰ্থ হ'ল সৰ্বানন্দ সোণোৱাল, লগতে খোৱাং নাহৰণিত থকা সোণোৱাল জনগোষ্ঠীৰ একমাত্ৰ বহুৱা নৃত্যলৈ এক কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ো আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে । এনেবোৰ অনেক অভিযোগেৰে সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ বিৰোধী ঐক্যমঞ্চত চামিল হ'ল সোণোৱাল কছাৰী গণমঞ্চ ।

বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে কংগ্ৰেছৰ নেতৃত্বত 16 টাকৈ বিৰোধী ৰাজনৈতিক দলে গঠন কৰা বিৰোধী ঐক্যমঞ্চত যোগ দিলে সোণোৱাল কছাৰী গণ মঞ্চই । সোণোৱাল কছাৰী গণমঞ্চৰ সম্পাদক গোপাল সোণোৱালৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত তেওঁ জানিবলৈ দিয়ে যে উজনি অসমৰ 5 টা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক সমৰ্থন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা কৰিছে গণমঞ্চই ।

সাক্ষাৎকাৰত সংগঠনটোৰ সম্পাদকগৰাকীয়ে ডিব্ৰুগড় লোকসভাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল পৰাজিত হোৱাটো নিশ্চিত বুলি দাবী কৰে ।

লগতে পঢ়ক: প্ৰকাৰান্তৰে বিজেপিৰ প্ৰতি সমৰ্থন সাংসদ বদৰুদ্দিন আজমলৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.