ETV Bharat / politics

প্ৰকাৰান্তৰে বিজেপিৰ প্ৰতি সমৰ্থন সাংসদ বদৰুদ্দিন আজমলৰ ! - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 5:38 PM IST

Badruddin Ajmal : হিন্দু ভোটাৰ সকলক গৌৰৱ গগৈক ভোট নিদিয়াৰ বাবে অনুৰোধ আজমলৰ । গৌৰৱ গগৈৰ নামাজক ৰাজনৈতিক নামাজ আখ্যা । ৰকিবুল হুছেইন প্ৰায় ৮ লাখ ভোটৰ ব্যৱধানত পৰাজিত হ'ব । ভূপেন বৰাক পাগল আখ্যা । কৰিমগঞ্জত এ আই ইউ ডি এফ আৰু বিজেপি মাজত হ'ব যুঁজ । কংগ্ৰেছ থাকিব তিনি নম্বৰত ।

BADRUDDIN AJMAL
গৌৰৱ গগৈক ভোট নিদিবলে হিন্দুৰ প্ৰতি আহ্বান আজমলৰ

গৌৰৱ গগৈক ভোট নিদিবলে হিন্দুৰ প্ৰতি আহ্বান আজমলৰ

গুৱাহাটী, ১৪ এপ্ৰিল: যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ পৰাজিত হোৱাটো বিচাৰে এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে । আনকি আজমলে যোৰহাট সমষ্টিৰ হিন্দু ভোটাৰসকলক গৌৰৱ গগৈক ভোট নিদিবৰ বাবে অনুৰোধ জনায় । গৌৰৱ গগৈ হাৰিলে কোন জিকিব সেই কথা স্পষ্ট নকৰিলেও কিন্তু বিজেপিৰ প্ৰাৰ্থী তপন গগৈ জয়ী হ'লে ভাল পোৱাৰ ইংগিত দিলে সাংসদ আজমলে ।

দেওবাৰে গুৱাহাটীৰ খানাপাৰাৰ পৰা হেলিকপ্টাৰত উঠাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ আজমলে কয় যে আজিৰ মুছলমান ইমান বুৰ্বক নহয় । গৌৰৱ গগৈয়ে ৫ বছৰ আৰু তেওঁৰ দেউতাক ১০ বছৰ সাংসদ হিচাপে থাকি মুছলমানৰ কোনো এটা ইছ্যুও সংসদত উত্থাপন নকৰিলে ।

গৌৰৱ গগৈয়ে ঈদৰ দিনা নামাজ পঢ়ি মুছলমান লোকক ল'লিপ'প দিব বিচাৰিছে বুলি মন্তব্য কৰি আজমলে কয়, ‘‘নামাজ পঢ়ি গৌৰৱ গগৈ মুছলমান হৈছে ভাল কথা, আমি আদৰণি জনাইছো ৷’’ গৌৰৱ গগৈৰ নামাজক ৰাজনৈতিক নামাজ আখ্যা দি আজমলে কয় যে ধৰ্মনিৰপেক্ষ বুলি গৌৰৱ গগৈক ভোট দিয়াসকলে এতিয়া ভাবিব লাগে যে গৌৰৱ গগৈক ভোট দিব লাগে নে নাই ৷ কাৰণ গৌৰৱ গগৈ মুছলমান হৈ গ'ল । আজমলে হিন্দু ভোটাৰসকলক গৌৰৱ গগৈক ভোট নিদিবৰ বাবে আহ্বান জনাই কয় যে গৌৰৱ গগৈয়ে নাটক কৰি আছে । যোৰহাটত গৌৰৱ গগৈ হাৰিলে ভাল পাব বুলি আজমলে সদৰী কৰে যদিও কোন জিকিলে ভাল পাব তাৰ কোনো সুদূত্তৰ নিদিলে ।

পৰোক্ষভাৱে আজমলে বিজেপিৰ প্ৰাৰ্থী তপন গগৈকে সমৰ্থন জনোৱাৰ কথাকে সূচায় । কাৰণ যোৰহাট লোকসভা সমষ্টিত এইবাৰ ৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে কংগ্ৰেছৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈ, একম সনাতন ভাৰত দলৰ অৰুণ চন্দ্ৰ সন্দিকৈ আৰু নিৰ্দলীয় ৰাজ কুমাৰ দুৱৰা । তেনেস্থলত স্পষ্টভাৱেই যোৰহাট সমষ্টিত মূলতঃ নিৰ্বাচনী যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থাকিব । কংগ্ৰেছৰ পৰাজয় বিচাৰিলে বিজেপিৰ জয় কামনা কৰাকে বুজাব ।

আনহাতে ধুবুৰীৰ প্ৰসংগত আজমলে কয় যে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন প্ৰায় ৮ লাখ ভোটত তেওঁৰ পিচত থাকিব । এইবাৰৰ নিৰ্বাচনত ৰকিবুল হুছেইনৰ মুছলিম নেতা হিচাপে থকা যোগ্যতা একেবাৰে শেষ হৈ যাব । ইফালে ভূপেন বৰাই ২০২৬ চনত মুখ্যমন্ত্ৰী হ'ব বুলি কোৱাৰ প্ৰসংগত আজমলে ভূপেন বৰাক পাগল হৈছে বুলি কয় । ধুবুৰীত আজমল জয়ী হ'লে ভূপেন বৰাই ৰাজনীতি ত্যাগ কৰিব কোৱাৰ প্ৰসংগৰে আজমলে কয় যে ভূপেন বৰাই ৰাজনীতি ত্যাগ কৰি পুনৰ যোগদান কৰি সভাপতি হৈ নিৰ্বাচন খেলি জয়ী হ'লেহে মুখ্যমন্ত্ৰী হ'ব পাৰিব ।

ভূপেন বৰাই সপোন দেখিছে আৰু সপোন দেখিব পাৰে বুলি আজমলে কটাক্ষ কৰে । আনহাতে কৰিমগঞ্জত কংগ্ৰেছ তিনি নম্বৰত থাকিব বুলি সদৰী কৰি আজমলে কয় যে কৰিমগঞ্জত এ আই ইউ ডি এফ আৰু বিজেপি মাজত যুঁজ হ'ব । ইফালে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টিত বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক সমৰ্থন জনোৱাৰ কথা সদৰী কৰে আজমলে ।

লগতে পঢ়ক: বিজেপি দলে কংগ্ৰেছৰ গুণ্ডাগিৰিক ভয় নকৰে : সুৰেশ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.