ETV Bharat / politics

বিজেপি দলে কংগ্ৰেছৰ গুণ্ডাগিৰিক ভয় নকৰে : সুৰেশ বৰা - Election violence in Rupohihat

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 2:28 PM IST

BJP CANDIDATE Suresh Bora commented on Rupohihat Election violence
বিজেপি দলে কংগ্ৰেছৰ গুণ্ডাগিৰিক ভয় নকৰে; বিজেপি প্ৰাৰ্থী সুৰেশ বৰা

Election violence in Rupohihat : ৰূপহীহাটত হোৱা নিৰ্বাচনী হিংসাত্মক ঘটনা সন্দৰ্ভত সংবাদমেলৰ আয়োজন বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ ৷ বিজেপি দলে কংগ্ৰেছৰ গুণ্ডাগিৰিক ভয় নকৰে বুলি মন্তব্য বৰাৰ ৷

বিজেপি দলে কংগ্ৰেছৰ গুণ্ডাগিৰিক ভয় নকৰে; বিজেপি প্ৰাৰ্থী সুৰেশ বৰা

চামগুৰি, 14 এপ্ৰিল: নিশা ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ নিৰ্বাচনী হিংসাত্মক ঘটনাত দুই পক্ষৰ শিলাবৰ্ষণ, হতাহতিত কম বেছি পৰিমাণে আহত হয় প্ৰায় 40 জনকৈ লোক ৷ নিশাই ৰূপহীহাটৰ শিঙিমাৰীস্থিত অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় বিজেপি প্ৰাৰ্থী সুৰেশ বৰা ৷ ঘটনা সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই এনে ঘটনাক নিন্দা জনাইছে ৷

বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই কয়, "কংগ্ৰেছ এতিয়া হতাশগ্ৰস্থ ৷ যাৰ বাবে এনে হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে ৷ শনিবাৰৰ দুপৰীয়া ভাগত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই উচটনিমূলক মন্তব্য কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত এনে ঘটনা সংঘটিত হ’বলৈ পাইছে ৷"

সমান্তৰালভাৱে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই বিজেপি দলে কংগ্ৰেছৰ গুণ্ডাগিৰিক ভয় নকৰে বুলি উল্লেখ কৰি আগন্তক দিনত এনে কাৰ্য নকৰিবলৈ সকীয়নী প্ৰদান কৰে ৷ আনকি অনাগত দিনত পুনৰ এনে কাৰ্য কৰিলে প্ৰত্যুত্তৰ দিবলৈ বিজেপি কৰ্মী সাজু আছে বুলিও মন্তব্য কৰে সুৰেশ বৰাই ৷ কংগ্ৰেছ কৰ্মীয়ে হাতত চোকা অস্ত্ৰলৈ লৈ বিজেপিৰ সমৰ্থকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ উপস্থিতিত এনে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাবে কংগ্ৰেছৰ দুয়ো গৰাকী নেতাক জগৰীয়া কৰিছে বৰাই ৷ আনফালে এই ঘটনা সন্দৰ্ভত নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথে কয়, "চামগুৰিত গুণ্ডাগিৰি, মাৰপিট এয়া কংগ্ৰেছৰ পুৰণা চৰিত্ৰ ৷ কংগ্ৰেছৰ গুণ্ডাৰাজ আৰু অসমত নচলে ৷"

সংবাদমেলত সমগ্ৰ ঘটনা সন্দৰ্ভত বিজেপিয়ে বিধায়ক নুৰুল হুদাসহ 17 জন লোকৰ বিৰুদ্ধে ৰুজু কৰা হয় ৰূপহীহাট আৰক্ষী থানাত ৷ আনফালে কংগ্ৰেছেও 15 জনকৈ বিজেপি কৰ্মীৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷

লগতে পঢ়ক: আৰক্ষীয়ে দাবী-ধমকিৰে কংগ্ৰেছ কৰ্মীক বিজেপিত যোগদান কৰোৱাইছে : প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.