ETV Bharat / politics

কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দেশক দীর্ঘসময় ধৰি ক্ষতি কৰিলে : সৰ্বানন্দ সোণোৱাল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 4:29 PM IST

Sarbananda Sonowal in Lakhimpur
প্ৰদান বৰুৱাৰ হৈ সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

Sarbananda Sonowal in Lakhimpur: পূৰ্বৰ প্ৰধানমন্ত্ৰীগৰাকীক বিদেশত কোনেও গুৰুত্ব দিয়া নাছিল বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ ৷ ইফালে প্ৰদান বৰুৱাই পুৱা ৫ বজাৰ পৰা নিশা ২ বজালৈ কাম কৰে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ । প্ৰদান বৰুৱাৰ দৰে লোকক পোৱাটো ৰাইজৰ সৌভাগ্য বুলিও মন্ত্ৰী কৰে তেওঁ ৷

প্ৰদান বৰুৱাৰ হৈ সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

লখিমপুৰ, 14 এপ্ৰিল: কংগ্ৰেছক তুলাধূনা দি লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে । লখিমপুৰৰ বগীনদীত শুকুৰবাৰে লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ।

ভাষণত সোণোৱালে কয় ‘‘কংগ্ৰেছৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বৈষম্যমূলক আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দেশক দীর্ঘ সময় ধৰি ক্ষতি কৰিলে ৷ আনহে নালাগে তেওঁলোকে নূন্যতম যাতায়াত ব্যবস্থাও দিব নোৱাৰিলে । কংগ্ৰেছৰ ঘৃণনীয় ৰাজনীতিৰ বাবে বিশ্বৰ ভিতৰত সমৃদ্ধিশালী দেশ ভাৰতবৰ্ষ নিশকতীয়া হৈ থাকিল । দেশখনক কংগ্ৰেছে অন্ধকাৰত ৰাখিছিল ।’’

ভাৰতবৰ্ষৰ অৱস্থা দেখি বিশ্বৰ মানৱ সমাজে হাঁহিছিল বুলি উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয়, ‘‘তেতিয়াৰ প্ৰধানমন্ত্ৰীজন আমেৰিকা, ইউৰোপ য’লৈকে নাযাওক কোনেও গুৰুত্ব নিদিছিল । দহটা বছৰৰ ভিতৰত মোদীয়ে দেশৰ ১৪০ কোটি ৪৪ লাখ লোকক সুসংগঠিত কৰি চবকা সাথ চবকা বিকাশৰ মন্ত্ৰৰে আগুৱাই নিছে । বিশ্বৰ সবাটোকৈ লোকপ্ৰিয় নেতা হিচাপে চিহ্নিত হৈছে প্ৰধানমন্ত্ৰী মোদী ।’’

লখিমপুৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি উল্লেখ কৰি তেওঁ কেতবোৰ উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে । লখিমপুৰ কোনো কাৰণতে পিচপৰি থাকিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছৰ দিনত দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বাবে লখিমপুৰ পিচপৰি আছিল । ভাষণত তেওঁ দলীয় প্ৰার্থী প্ৰদান বৰুৱাৰ শলাগ লয় । প্ৰাৰ্থীগৰাকীৰ সম্পৰ্কে তেওঁ কয়, ‘‘প্ৰদান বৰুৱা এজন পৰিশ্ৰমী লোক । অতি কৰ্মদক্ষ । পুৱা ৫ বজাৰ পৰা তেওঁ নিশা ২ বজালৈ কাম কৰে । সমষ্টিটোৰ প্ৰতিটো অঞ্চলৰ সমস্যা, প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমস্যা সমাধান কৰাত তেওঁ অতিকে আগ্ৰহী । সমস্যা সমাধান কৰাৰ বাবে তেওঁ নিৰন্তৰ যুঁজ দি আহিছে ।’’

ৰাইজৰ প্ৰতি শ্ৰদ্ধাশীল এনে এজন লোকক পোৱাটো ৰাইজৰ সৌভাগ্য বুলি সোণোৱালে মন্তব্য কৰি প্ৰদান বৰুৱাক এইবাৰো নিৰ্বাচনত আশীৰ্বাদ দিবলৈ আহ্বান জনায় । উল্লেখ্য যে লখিমপুৰৰ বগীনদী ৰামধেনু ক্লাবৰ খেলপথাৰত আয়োজন কৰা নিৰ্বাচনী সভাখনত সৰ্বানন্দ সোণোৱালৰ লগতে বিধায়ক মানৱ ডেকা, নৱ দলে, বিজেপিৰ জিলা সভাপতি ফণীধৰ বৰুৱা, অপূৰ্ব ভট্টাচার্য আদিয়ে অংশগ্ৰহণ কৰে ।

সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণত লখিমপুৰৰ বিধায়ক মানৱ ডেকাকো অতি কৰ্মতৎপৰ বিধায়ক বুলি শলাগ লয় । বগীনদীৰ সভাস্থলীৰ পৰা মাজুলীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰিবলৈ সৰ্বানন্দ সোণোৱাল হেলিকপ্টাৰযোগে ৰাওনা হয় । উল্লেখ্য নিজে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈও সৰ্বানন্দ সোণোৱালে লখিমপুৰ লোকসভা সমষ্টিত দলীয় প্ৰার্থীৰ হৈ এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলায় । বিগত সময়ত তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা অভিলেখ পৰিমাণৰ ভোট লাভ কৰি সাংসদৰূপে নিৰ্বাচিত হৈছিল ।

পূৰ্বে সমষ্টিটোত তেওঁ নিৰ্বাচন খেলি অভিজ্ঞতাৰে পুষ্ট হৈ থকাৰ বাবে নিজৰ দায়িত্বৰ উপৰি লখিমপুৰ লোকসভা সমষ্টিত দলীয় প্ৰার্থীৰ হৈ এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ জঁপিয়াই পৰে ।

লগতে পঢ়ক: কংগ্ৰেছক নস্যাৎ ! বিজেপিক জয়ী কৰোৱাৰ পণ কলিয়াবৰৰ সংখ্যালঘু ভোটাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.