ETV Bharat / politics

কংগ্ৰেছক নস্যাৎ ! বিজেপিক জয়ী কৰোৱাৰ পণ কলিয়াবৰৰ সংখ্যালঘু ভোটাৰৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 11:37 AM IST

Kaziranga LS seat
Lok Sabha Election 2024

Kaziranga LS seat: নিজৰ অভেদ্য দুৰ্গতো যেন স্থিতি লৰিছে কংগ্ৰেছৰ । কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰৰ সংখ্যালঘু ভোটাৰ আকৰ্ষিত হৈছে বিজেপিৰ প্ৰতি । পুনৰাই কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ পোষকতা কৰাৰ লগতে নৰেন্দ্ৰ মোদীকেই প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিলে এইসকল ভোটাৰে ।

কংগ্ৰেছৰ প্ৰতি মোহভংগ সংখ্যালঘু ভোটাৰৰ

কলিয়াবৰ, ১২ এপ্ৰিল : প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এসপ্তাহ আছে । ভোটাৰক আকৰ্ষিত কৰাৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে । নতুনকৈ গঠন হোৱা কাজিৰঙা লোকসভা সমষ্টিটো দেখা গৈছে শাসক বিৰোধীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।

সমষ্টিটোত বিজেপিয়ে কামাখ্যা প্ৰসাদ তাছাক প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰ'জলীনা তিৰ্কীক । আন কেবাগৰাকীও প্ৰাৰ্থীয়ে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতেই যে অনুষ্ঠিত হ'ব সেয়া স্পষ্ট হৈ পৰিছে ।

বৃহস্পতিবাৰে ঈদৰ দিনা কলিয়াবৰৰ জখলাবন্ধাত অনুষ্ঠিত হয় অগপ-বিজেপি মিত্ৰজোঁটৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা । কলিয়াবৰৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থকা এই সভাখনত দেখা গ'ল বহু সংখ্যক সংখ্যালঘু ভোটাৰৰ সমাবেশ । সকলোকে উদ্দেশ্যি মঞ্চৰ পৰাই দুয়োগৰাকী নেতাই বিপুল ভোটত কামাখ্যা প্ৰসাদ তাছাক জয়ী কৰাবলৈ আহ্বান জনায় ।

উল্লেখ্য যে বিগত কালচোৱাত কংগ্ৰেছৰ বাবে অভেদ্য দূৰ্গ স্বৰূপ আছিল কলিয়াবৰ লোকসভা সমষ্টি । প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, তেওঁৰ ভাতৃ দ্বীপ গগৈ আৰু শেহতীয়াকৈ পুত্ৰ গৌৰৱ গগৈ দুটা কাৰ্যকালৰ বাবে কংগ্ৰেছ দলৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত কলিয়াবৰ লোকসভা সমষ্টিৰ বিলুপ্তি ঘটাই তাৰ স্থানত কাজিৰঙা লোকসভা সমষ্টি গঠন কৰা হ'ল । ইফালে কংগ্ৰেছেও যেন কাজিৰঙাত নিজৰ ভেটি লাহে লাহে হেৰুৱাবলৈ ধৰিছে ।

কিন্তু প্ৰায়েই দলীয় অন্তঃকলহে দেখা দিয়া দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ অসম প্ৰদেশৰ বহু নেতাই নিৰ্বাচনৰ আগলৈকে দল এৰি আন দলত যোগ দিয়া দেখা গৈছে । ফলত কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগতে সমৰ্থকসকলৰো যেন দলটোৰ প্ৰতি মোহভংগ হৈছে । বৃহস্পতিবাৰে কলিয়াবৰত বিজেপিৰ সভাত সংখ্যালঘু ভোটাৰৰ ব্যাপক সঁহাৰিয়ে তাকেই যেন প্ৰতিপন্ন কৰিলে ।

এগৰাকী সংখ্যালঘু লোকে কয়, "ঈদৰ দিনা আমাৰো ভাগ্য ভাল বিজেপিৰ সভাত অংশগ্ৰহণ কৰাৰ সুবিধা পালোঁ । বিজেপিৰ পৰা আমি বহু সুবিধা পাইছোঁ । আমাৰ ১৪ গোষ্ঠী কংগ্ৰেছ-কংগ্ৰেছ কৰি মৰি গ'ল, কিন্তু কংগ্ৰেছৰ পৰা একো এটা পোৱা নাই ।"

আনহাতে, আন এজন ইছলাম ধৰ্মীয় লোকে পুনৰবাৰ নৰেন্দ্ৰ মোদীক বিচাৰিলে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে । "বিজেপিৰ দিনত বহুত উন্নতি হৈছে, আমি সুখী সেয়ে বিজেপি চৰকাৰ হোৱাটো বিচাৰিছোঁ । কংগ্ৰেছে ইমান বছৰ চৰকাৰ গঠন কৰি অসমৰ উন্নতি কৰিব নোৱাৰিলে সেইবাবে আমি কংগ্ৰেছক নাকচ কৰিছোঁ ।" কংগ্ৰেছক অচল পইচাৰ লগত তুলনা কৰি এইদৰে কয় ব্যক্তিগৰাকীয়ে ।

ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে কংগ্ৰেছৰ গৰা খহনীয়া চলি আছে, চলি থাকিব । কংগ্ৰেছ দলত এতিয়া আৰু মানুহ নাথাকে । কংগ্ৰেছ দলটো হ'ব ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, ৱাজেদ আলী চৌধুৰীৰ দল । গাঁৱত থকা ক্লাবৰ দৰে অৱস্থা হ'বগৈ কংগ্ৰেছ দলৰ ।

কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা চাৰি লক্ষাধিক ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

লগতে পঢ়ক: অখিল গগৈৰ প্ৰতিটো মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.