ETV Bharat / politics

অখিল গগৈৰ প্ৰতিটো মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 10:40 PM IST

Akhil Gogoi over CAA
Lok Sabha Election 2024

BJP election campaign: কা সন্দৰ্ভত অখিল গগৈয়ে যিবোৰ কথা কৈ আছিল সকলোবোৰেই মিছা হ'ল । গতিকে পাঁচজন নিহত ব্যক্তিৰ পৰিয়ালৰ ওচৰত ক্ষমা খুজিব লাগে অখিল গগৈয়ে । তেওঁৰ প্ৰতিটো মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব । টেঙাখাটত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ।

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

মৰাণ, ১১ এপ্ৰিল: ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ দুলীয়াজানত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাতৰ ন-খঙীয়া খেলপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ভাষণত অৰুণোদয়, লাখপতি বাইদেউ, আয়ুষ্মান কাৰ্ড, বসুন্ধৰা আঁচনি আদি বিভিন্ন আঁচনিৰ সন্দৰ্ভত ৰাইজক বৰ্ণনা কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

যেতিয়ালৈকে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব, যেতিয়ালৈকে অসমত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব আৰু তেতিয়ালৈকে এটাও বাংলাদেশী সোমাবলৈ নিদিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে ৰাইজৰ আগত ঘোষণা কৰে ।

ইয়াৰ পিচতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে বিপুল ভোটত জয়লাভ কৰিব । সকলো স্থানতে বিজেপিৰ ভালেই হৈ আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে কা আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজক আবেগিক কথাৰে বিপথে পৰিচালিত নকৰাহেতেন মানুহৰ মৃত্যু নহ'লহেতেন । অখিল গগৈয়ে কৰা প্ৰত্যেকটো মন্তব্যৰ বিপৰীতে একোটাকৈ গোচৰ ৰুজু কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।

ইফালে অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ সন্দৰ্ভত তেওঁ কয় যে জাহাজৰ তলিৰে ফুটা ওলাই গ'ল । অসম আন্দোলনত অসমৰ শ শ মানুহক হত্যা কৰা কংগ্ৰেছ দলৰ ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীক লুৰীণে জাহাজত বহুৱাই লৈছে । গতিকে জাহাজ ডুবিবই ।

ইফালে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ যি সমস্যা আছে সেই বিষয়ে নিৰ্বাচনৰ পাচতে তেওঁলোকৰ সৈতে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে । কিয়নো বিভিন্ন কাৰণ দেখুৱাই ১ এপ্ৰিলৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত সংগ্ৰহ কৰা নাছিল কিছু সংখ্যক চাহ কোম্পানীয়ে । সেয়ে মুখ্যমন্ত্ৰীক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ক্ষুদ্ৰ চাহ খেতিয়কসকলে । ইয়াৰ পিচতে এইদৰে আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলক কিছু সকাহ দিলে মুখ্যমন্ত্ৰীয়ে ।

আজি অনুষ্ঠিত টেঙাখাতৰ নিৰ্বাচনী সভাত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক তেৰছ গোৱালাৰ লগতে বহুসংখ্যক দলীয় কাৰ্যকতা আৰু প্ৰায় পাঁচ সহস্ৰাধিক লোক উপস্থিত থাকে ।

লগতে পঢ়ক: খোৱাঙত সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.