ETV Bharat / politics

অসমৰ মুখ্যমন্ত্ৰীয়ে কথা ক'লে বিজেপি কৰ্মীয়েও টিভি বন্ধ কৰি দিয়ে: ৰকিবুল হুছেইন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 7:49 PM IST

Lok Sabha Election 2024
Rakibul Hussain slams Assam CM

Rakibul Hussain slams Assam CM: মুখ্যমন্ত্ৰীৰ স্বৈৰাচাৰিতাই ধ্বংস কৰিব বিজেপিক । মুখ্যমন্ত্ৰীৰ কথা-বতৰা অতি তৰল । বঙাইগাঁৱত নিৰ্বাচনী সভাত ক'লে ৰকিবুল হুছেইনে ।

ৰকিবুল হুছেইনৰ প্ৰচাৰ সভা

বঙাইগাঁও, ২২ এপ্ৰিল: বঙাইগাঁৱত নিৰ্বাচন প্ৰচাৰ চলাবলৈ গৈ ক্ষোভিত হৈ পৰিল ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । হেলিকপ্টাৰ অৱতৰণৰ বাবে ঠিক কৰি থোৱা স্থানত প্ৰশাসনে হেলিকপ্টাৰ অৱতৰণ কৰিবলৈ অনুমতি নিদিয়াত ক্ষোভিত হৈ পৰে হুছেইন । বঙাইগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে পক্ষপাতমূলক আচৰণ কৰাৰ অভিযোগ । ৰাজ্যিক নিৰ্বাচন বিষয়াক এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই ৰকিবুল হুছেইনে ।

উল্লেখ্য যে সোমবাৰে বঙাইগাঁও জিলাৰ লেংটিছিঙাত নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল ৰকিবুল হুছেইন । সভা অনুষ্ঠিত হোৱা স্থানৰ কাষতেই হুছেইনৰ হেলিকপ্টাৰ অৱতৰণৰ বাবে ঠাই নিৰ্ধাৰণ কৰা হৈছিল যদিও প্ৰশাসনে অৱতৰণৰ অনুমতি প্ৰদান নকৰিলে । ফলত কিছু দূৰৈত হেলিকপ্টাৰ অৱতৰণ কৰাবলগীয়া হয় হুছেইনে । তাৰ পিচতেই তেওঁ নিৰ্বাচনী ভাষণ তথা সংবাদ মাধ্যমৰ সমুখত প্ৰদান কৰা ভাষ্যত এই কাৰ্যৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনক তীব্ৰ গৰিহণা দিয়ে ।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচত মুখ্যমন্ত্ৰীয়ে পাঁচোটা সমষ্টিতে বিজেপি জয়ী হ'ব বুলি কৰা মন্তব্যৰ বিষয়ে সাংবাদিকে সোধাত ৰকিবুল হুছেইনে কয় যে মুখ্যমন্ত্ৰীৰ মুখখন সোমবাৰেও দেওবাৰ দেওবাৰ লাগে । অসমৰ ৰাইজে আনকি বিজেপিৰ কৰ্মীসকলেও মূল্যবোধৰ ৰাজনীতি বিচাৰে । অসমৰ আহোম, চাহ জনগোষ্ঠীৰ লগতে আন ছয় জনগোষ্ঠীও হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰিতাত ক্ষোভিত হৈ পৰিছে । গতিকে বিজেপিক তেওঁলোকে এইবাৰ শিক্ষা দিব বুলি কয় ৰকিবুল হুছেইনে ।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পৰিয়ালক তুচ্চ তাচ্ছিল্য কৰা কাৰ্যক ৰাইজে সহজভাৱে নলয় বুলি উল্লেখ কৰি হুছেইনে কয় যে লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ দুয়োজনেই বিপুল ভোটত জয়ী হ'ব ।

ইফালে ধুবুৰীবাসী ৰাইজৰ সৈতে হাত মিলালে ৰকিবুল হুছেইনে ছেনিটাইজাৰ ব্যৱহাৰ কৰা বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰা মন্তব্য সন্দৰ্ভত ৰকিবুল হুছেইনে কয় যে জয়ন্ত মল্লবৰুৱাই মোৰ পিচে পিচে ঘুৰি ফুৰে নেকি ? তেওঁ এবাৰ নে দুবাৰ জিকি মন্ত্ৰী হৈছে, তেওঁ বেঁকাকৈ হাঁহি মাৰি কথা কয় আৰু ৰাইজে সেয়া বেয়া পায় ।

কংগ্ৰেছ গাখীৰ নিদিয়া গৰু বুলি মুখ্যমন্ত্ৰীয়ে কৰা কটাক্ষ সন্দৰ্ভত ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মুখ্যমন্ত্ৰীয়ে তৰল আৰু নিকৃষ্ট মন্তব্য কৰে । অসমৰ মুখ্যমন্ত্ৰীয়ে স্থান-কাল চাইহে কথা ক'ব লাগে । তেওঁ ভাষণ দি থাকিলে পৰিয়ালৰ সৈতে টিভি চাই থকা বিজেপিৰ লোকসকলেও টিভিৰ ছুইচ বন্ধ কৰি দিয়ে । মুখ্যমন্ত্ৰীক অতি তৰল বুলি কটাক্ষ কৰি আজমলৰ সৈতে মুখ্যমন্ত্ৰী শৰ্মাৰ ঘনিষ্ঠতা থকা বুলিও তেওঁ সমালোচনা কৰে ।

ইফালে যিমানে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰীৰ ৰাইজে কাক সাংসদ হিচাবে বাচি লয় সেয়াই হ'ব লক্ষণীয় ।

লগতে পঢ়ক: কংগ্ৰেছৰ চকু মহিলাৰ মংগসূত্ৰৰ ওপৰত; সেয়া অনুপ্ৰৱেশকাৰীক বিলাব: নৰেন্দ্ৰ মোদী - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.