ETV Bharat / politics

কংগ্ৰেছৰ চকু মহিলাৰ মংগলসূত্ৰৰ ওপৰত; সেয়া অনুপ্ৰৱেশকাৰীক বিলাব: নৰেন্দ্ৰ মোদী - LOK SABHA ELECTION 2024

MODI ON MANGALSUTRA: এদিন পূৰ্বে ৰাজস্থানত কৰা মন্তব্যক লৈ বিতৰ্ক হোৱাৰ পিচতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিচলিত হোৱা দেখা নগ'ল । তেওঁ সোমবাৰে পুনৰ কয় যে কংগ্ৰেছ আৰু বিৰোধী INDIA ব্লকে মহিলাৰ মংগলসূত্ৰক লক্ষ্য কৰি লৈছে, কাৰণ তেওঁলোকৰ চকু আছে “আপোনাৰ উপাৰ্জন আৰু আপোনাৰ সম্পত্তিৰ ওপৰত”।

LOK SABHA ELECTION 2024
MODI ON MANGALSUTRA
author img

By ETV Bharat Assamese Team

Published : April 22, 2024 at 6:24 PM IST

|

Updated : April 23, 2024 at 12:28 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২২ এপ্ৰিল: এদিন পূৰ্বে কৰা বিতৰ্কিত মন্তব্যক দুগুণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কংগ্ৰেছ ক্ষমতালৈ আহিলে মানুহৰ সম্পত্তি পুনৰ বিতৰণ কৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ উত্থাপন কৰে আৰু কয় যে তেওঁলোকৰ চকু মহিলাৰ ‘মংগলসূত্ৰ’ৰ ওপৰত আছে । উত্তৰ প্ৰদেশৰ আলিগড়ত ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে এদিন পূৰ্বে ৰাজস্থানত কৰা মন্তব্যক দোঁহাৰি কয় যে কংগ্ৰেছে মানুহৰ সম্পত্তিৰ জৰীপ কৰি পুনৰ বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে ।

তেওঁ কয় যে আলিগড়ৰ জনসাধাৰণে বংশবাদী ৰাজনীতি, দুর্নীতি আৰু দুই শ্বাহেৱজাদে বা ৰাজকুমাৰে কৰা তুষ্টিকৰণত তলা লগাইছে ৷ তেওঁ লোকসভা নিৰ্বাচনত মিত্ৰ হিচাপে যুঁজি থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱৰ কথা উল্লেখ কৰিছিল ।

"মই দেশবাসীক সকীয়াই দিব বিচাৰো । কংগ্ৰেছ আৰু ইণ্ডি মিত্ৰজোঁটৰ চকু আপোনালোকৰ উপাৰ্জন আৰু আপোনাৰ সম্পত্তিৰ ওপৰত । কংগ্ৰেছৰ 'শ্বেহজাদা'ই কয় যে তেওঁলোকৰ চৰকাৰ যদি ক্ষমতালৈ আহে তেন্তে কোনে কিমান উপাৰ্জন কৰে, কাৰ কিমান উপাৰ্জন কৰে তদন্ত কৰিব । আমাৰ মাতৃ আৰু ভগ্নীসকলৰ সোণৰ সম্পত্তি আছে, ই ‘স্ত্ৰী ধন’, ইয়াক পবিত্ৰ বুলি গণ্য কৰা হয়, আইনেও ইয়াক সুৰক্ষা দিয়ে...।

এতিয়া এই লোকসকলৰ চকু নাৰীৰ ‘মংগলসূত্ৰ’ৰ ওপৰত । তেওঁলোকৰ উদ্দেশ্য মাক-ভগ্নীৰ সোণ চুৰি কৰা । যদি আপোনাৰ গাঁৱত পুৰণি পূৰ্বপুৰুষৰ ঘৰ আছে আৰু আপুনিও আপুনিৰ চহৰত এটা সৰু ফ্লেট ক্ৰয় কৰিছিল আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে, তাৰ পিচত দুয়োটাৰে এটা কংগ্ৰেছে লৈ যাব...।

এয়া মাওবাদী চিন্তা, এয়া কমিউনিষ্টৰ চিন্তা । এনে কৰি তেওঁলোকে ইতিমধ্যে বহু দেশ ধ্বংস কৰি পেলাইছে । এতিয়া এই একে নীতি কংগ্ৰেছ পাৰ্টী আৰু ইণ্ডি মিত্ৰজোঁটে ভাৰততো ৰূপায়ণ কৰিব বিচাৰিছে..." মোদীয়ে কয় ।

মোদীয়ে কংগ্ৰেছে তুষ্টিকৰণৰ নীতি অনুসৰণ কৰা বুলি অভিযোগ কৰে, আৰু তথাপিও মুছলমানসকলৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা উন্নীত কৰিবলৈ একোৱেই কৰা নাই বুলি কয় । তেওঁ চৰকাৰৰ কাৰ্যকালত তৎক্ষণাত তিনি তালাকৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাটো মুছলমান মহিলাক সহায় কৰা পদক্ষেপ বুলি উল্লেখ কৰে । ভাৰতীয় তীৰ্থযাত্ৰীৰ হজ কোটা বৃদ্ধিৰ কথাও তেওঁ উল্লেখ কৰে ।

এদিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে সংখ্যালঘু সম্প্ৰদায়ক লৈ কৰা মন্তব্যৰ পিছতে ব্যাপক বিবাদৰ সূচনা কৰিছিল । "আগতে যেতিয়া তেওঁলোক (কংগ্ৰেছ) ক্ষমতাত আছিল তেতিয়া তেওঁলোকে কৈছিল যে জাতিৰ ধন-সম্পত্তিৰ ওপৰত মুছলমানৰ প্ৰথম অধিকাৰ আছে । ইয়াৰ অৰ্থ হ’ল তেওঁলোকে এই ধন-সম্পত্তি অধিক সন্তান থকাসকলক, অনুপ্ৰৱেশকাৰীক বিতৰণ কৰিব । আপোনাৰ কষ্টোপাৰ্জিত ধন অনুপ্ৰৱেশকাৰীক টকা দিব লাগেনে ?" দেওবাৰে ৰাজস্থানৰ বনস্বৰাত এক সভাত ভাষণ দি মোদীয়ে এইদৰে কয় ।

লগতে পঢ়ক: লালুৰ বহুত ল'ৰা-ছোৱালী-নীতিশ কুমাৰ; ক্ষমা খোজাৰ দাবী আৰ জে ডিৰ - Lok Sabha Election 2024

Last Updated : April 23, 2024 at 12:28 PM IST