ETV Bharat / politics

আৰম্ভ ভোটযুদ্ধ : কোন কোন বিধায়কে সাব্যস্ত কৰিলে ভোটাধিকাৰ ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 11:51 AM IST

LOK SABHA ELECTION IN ASSAM : আজি পুৱাৰে পৰা আৰম্ভ ভোটযুদ্ধ ৷ ৩৫ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিবলৈ সাজু ৮৬,৪৭,৮৬৯ গৰাকী ভোটাৰ ৰাইজ ৷ জানো আহক, বৰ্তমানলৈকে কোন কোন মন্ত্ৰী-বিধায়কে কৰিলে ভোটধিকাৰ সাব্যস্ত...

আৰম্ভ ভোটযুদ্ধ : কোন কোন বিধায়কে সাব্যস্ত কৰিলে ভোটাধিকাৰ ?
আৰম্ভ ভোটযুদ্ধ : কোন কোন বিধায়কে সাব্যস্ত কৰিলে ভোটাধিকাৰ ?

আৰম্ভ ভোটযুদ্ধ

নিউজ ডেস্ক, ১৯ এপ্ৰিল : আজি পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হ’ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । অসমৰ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । মুঠ ৩৫ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব ৮৬,৪৭,৮৬৯ গৰাকী ভোটাৰে ৷

বিধায়ক প্ৰশান্ত ফুকন -

ডিব্ৰুগড়ৰ খনীয়া গাঁও সোণালী সংঘ ভোটগ্ৰহণ কেন্দ্ৰত বিধায়ক প্ৰশান্ত ফুকনে পুৱা ৭ বজাত প্ৰথমজন ভোটাৰ হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰে । ভোট প্ৰদান কৰি ডিব্ৰুগড় বিধানসভা সমষ্টিত ৮০ % ভোট হ'ব বুলি দাবী কৰে বিধায়ক প্ৰশান্ত ফুকনে । উল্লেখ্য যে, ডিব্ৰুগড় লোকসভাত সমষ্টিত এইবাৰ তিনিজন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে । বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ ভাগ্য নিৰ্ণয় হ'ব আজি ।

এইবাৰ ৮৮ নং ডিব্ৰুগড় বিধানসভা সমষ্টিত মুঠ ২২০ টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে । চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০,১৫,৫১৫ গৰাকী । মুঠ মহিলা ভোটাৰৰ সংখ্যা ৫,২০,৫১৮ আৰু পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৪,৯৪,৯৮৭ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ১০ গৰাকী । আজি পুৱাই ভোটদান কৰাৰ পাচতে বিধায়ক প্ৰশান্ত ফুকনে প্ৰতিটো ভোট কেন্দ্ৰ পৰিদৰ্শন কৰিম বুলিও জানিবলৈ দিয়ে ৷

বিধায়ক মানৱ ডেকা -

এক সুন্দৰ ফৰকাল বতৰত উৎসাহেৰে ভোট দিবলৈ ওলাই আহিছে বহু ৰাইজ । লখিমপুৰৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত আশাভৰা দৃশ্য । প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ অন্যতম হ’ল ১২ নং লখিমপুৰ লোকসভা সমষ্টি ৷ এই সমষ্টি সদৰ লখিমপুৰটো ভোট দিবলৈ ৰাইজ হিলদল ভাঙি ওলাই অহা পৰিলক্ষিত হৈছে । লখিমপুৰ মহাবিদ্যালয়ৰ খণ্ড ১২০ নং কেন্দ্ৰত বিধায়ক হিচাপে প্ৰথমটো লোকসভা নিৰ্বাচনৰ ভোট দিয়ে বিধায়ক মানৱ ডেকাই । তেওঁ সকলোকে এক সুস্থ গণতান্ত্ৰিক শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

মন্ত্ৰী যোগেন মহন -

আজি মৰাণৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰাই দেখা গৈছে ভোটাৰৰ উছাহ ৷ যোৰহাট সংসদীয় সমষ্টিৰ অন্তৰ্গত মাহমৰা সমষ্টিৰ ২৫ নং মৰাণ মহাবিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাতে উপস্থিত হৈ ভোটদান সাব্যস্ত কৰে মন্ত্ৰী যোগেন মহনে ৷ ভোটদান কৰাৰ পূৰ্বে মন্ত্ৰীজনে কেন্দ্ৰটোৰ পুলিং, পিজাইদিং বিষয়াক একোখনকৈ গামোচাৰে সম্বৰ্দ্ধনা জনায় ৷

ভোটদান সাব্যস্ত কৰি মন্ত্ৰীজনে কয়, ‘‘ৰাইজ এতিয়া বিজেপিৰ পক্ষত আছে ৷ নতুন প্ৰজন্মৰ ভোটাৰ সকলৰো বিজেপিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে’’ । যোৰহাট লোকসভা সমষ্টিত অভিলেখ সংখ্যক ভোটত তপন কুমাৰ গগৈ বিজয়ী হ'ব বুলিও দাবী কৰে মন্ত্ৰীজনে ৷

উল্লেখ্য যে, যোৰহাট লোকসভা সমষ্টিত এইবাৰ ভোট যুদ্ধ অতি আকৰ্ষণীয় হৈছে । কিয়নো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সন্মুখত এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ।

বিধায়ক ভূবন গাম -

দেশত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । দেশৰ ২১ খন ৰাজ্যৰ লগতে অসমৰ ৫ টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মাজুলী যোৰহাট লোকসভা সমষ্টিৰ লগত সংযোগ হোৱাৰ পাচত এইবাৰ অনুষ্ঠিত হৈছে প্ৰথম নিৰ্বাচন । পুৱা ৭ বজাৰ পৰাই মাজুলীৰ ১৭৬ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া । পুৱাৰ ভাগতে ভোট প্ৰদান কৰিলে মাজুলীৰ বিধায়ক ভূবন গামে ।

মাজুলীৰ ১,৪০,৭৭২ জন ভোটাৰে এইবাৰ অংশগ্ৰহণ কৰিব এই ভোটদান প্ৰক্ৰিয়াত । যোৰহাট লোকসভা সমষ্টিটোৱে এইবাৰ বিশেষভাৱে গুৰুত্ব পাইছে এই নিৰ্বাচনত । এই নিৰ্বাচনত এফালে বিজেপি দলৰ হৈ অৱতীৰ্ণ হৈছে তপন গগৈ, আনফালে কংগ্ৰেছ দলৰ হৈ অৱতীৰ্ণ হৈছে গৌৰৱ গগৈ ।

বিধায়ক প্ৰদীপ হাজৰিকা -

আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত আমগুৰিত ভোটদান সাব্যস্ত কৰে বৰ্তমানৰ বিধায়ক প্ৰদীপ হাজৰিকাই । ৭২ নং ভূঁঞাহাট প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে হাজৰিকাই ।

বিধায়ক ৰামকৃষ্ণ ঘোষ -

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৬ বজাত অন্ত পৰিব । ইতিমধ্যে হোজাইৰ ৰাষ্ট্ৰভাষা হাইস্কুলৰ ১০০ নং ভোটকেন্দ্ৰত পৰিয়ালসহ শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিলে দিলে বিধায়ক ৰামকৃষ্ণ ঘোষে ৷

লগতে পঢ়ক : জানো আহক লখিমপুৰ লোকসভা সমষ্টিৰ ৰূপৰেখা - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.