ETV Bharat / politics

প্ৰধানমন্ত্ৰী মোদীয়ে মেচ ফিক্সিং কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ - INDIA bloc Mega rally

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 5:12 PM IST

INDIA bloc Mega rally
প্ৰধানমন্ত্ৰী মোদীয়ে মেচ ফিক্সিং কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ

INDIA bloc Mega rally: লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰামলীলা ময়দানত 'ইণ্ডিয়া ব্লক'ৰ লোকতন্ত্ৰ বচাও কাৰ্যসূচী । ভাষণত ৰাহুল গান্ধীয়ে কয় যে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেচ ফিক্সিং কৰিছে । মেচ ফিক্সিং অবিহনে বিজেপিয়ে ১৮০ খন আসনো অতিক্ৰম কৰিব নোৱাৰে ।

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ : বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ আহ্বানত দিল্লীত 'লোকতন্ত্ৰ বচাও' শীৰ্ষক ৰেলীৰ আয়োজন কৰা হয় । য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক লোকসভা নিৰ্বাচনত 'মেচ ফিক্সিং' কৰাৰ অভিযোগ উত্থাপন কৰে । ৰামলীলা ময়দানত ইণ্ডিয়া ব্লকৰ 'লোকতন্ত্ৰ বচাওক' ৰেলীত ভাষণ দি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এয়া সাধাৰণ নিৰ্বাচন নহয়, দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে নিৰ্বাচন ।

ক্ৰিকেটৰ প্ৰশংস উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে যেতিয়া আম্পায়াৰ আৰু অধিনায়কৰ ওপৰত হেঁচা দিয়া হয়, খেলুৱৈসকলক ক্ৰয় কৰা হয় আৰু খেলখন জয়ী হয়, ক্ৰিকেটত ইয়াক মেচ ফিক্সিং বুলি কোৱা হয় । সন্মুখত লোকসভা নিৰ্বাচন । তেওঁ প্ৰশ্ন কৰে আম্পায়াৰসকলক কোনে বাছনি কৰিছে ? খেল আৰম্ভ হোৱাৰ পূৰ্বে দুজন খেলুৱৈক গ্ৰেপ্তাৰ কৰা হৈছে । ৰাহুল গান্ধীৰ মতে নৰেন্দ্ৰ মোদীয়ে এই নিৰ্বাচনত মেচ ফিক্সিং কৰিবলৈ চেষ্টা কৰি আছে ।

ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে ৪০০ খন আসন লাভ কৰাৰ শ্ল'গান দি আছে । কিন্তু ই ভি এম, মেচ ফিক্সিং, বিৰোধী নেতাসকলৰ ওপৰত চাপ আৰু সংবাদ মাধ্যম ক্ৰয় নকৰাকৈ বিজেপিয়ে ১৮০ খন আসনো অতিক্ৰম কৰিব নোৱাৰিব বুলি ৰাহুল গান্ধীয়ে দাবী কৰে । গান্ধীয়ে লগতে কয় যে কংগ্ৰেছ হৈছে আটাইতকৈ বৃহৎ বিৰোধী দল আৰু দলটোৰ সকলো একাউণ্ট ফ্ৰীজ কৰা হৈছে ।

গান্ধীয়ে কয় যে দুগৰাকী মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে তিনি-চাৰিজন বিলিয়নেয়াৰৰ সৈতে মিলি মেচ ফিক্সিং কৰিছে । দৰিদ্ৰ লোকৰ পৰা সংবিধান কাঢ়ি নিবলৈ এইটো কৰা হৈছে বুলি তেওঁ দাবী কৰে । সংবিধান হৈছে জনসাধাৰণৰ কণ্ঠস্বৰ আৰু যিদিনা ই সমাপ্ত হ'ব, এই দেশখন শেষ হ'ব বুলি তেওঁ দৃঢ়তাৰে দাবী কৰে ।

ৰাহুল গান্ধীৰ মতে বিজেপিয়ে ভাবে যে আৰক্ষী, চিবিআই আৰু ইডিৰ ভাবুকিৰে দেশখন চলাব পাৰি, সংবাদ মাধ্যম ক্ৰয় কৰিব পাৰে আৰু সেইবোৰক দমন কৰিব পাৰে । কিন্তু বিজেপিয়ে ভাৰতৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে । এই পৃথিৱীত কোনো শক্তিয়ে মানুহৰ কণ্ঠস্বৰ দমন কৰিব নোৱাৰে বুলিও তেওঁ দাবী কৰে ।

তেওঁ দাবী কৰে যে যদি বিজেপিয়ে মেচ ফিক্সিঙৰ জৰিয়তে নিৰ্বাচনত জয়লাভ কৰে আৰু সংবিধান সলনি কৰে তেন্তে দেশখন ৰক্ষা নহয় আৰু সকলো ঠাইতে জুই লাগিব বুলিও তেওঁ সন্দেহ কৰে । ৰেলীত অংশ লৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক :দিল্লীত বিৰোধীৰ লোকতন্ত্ৰ বচাও ৰেলী, কোন কোন থাকিব উপস্থিত ? - INDIA Bloc Mega Rally

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.