ETV Bharat / politics

প্ৰতিগৰাকী ভাৰতীয়ক শাৰীৰিক-মানসিকভাৱে দুৰ্বল কৰিলে বিজেপিয়ে: মীৰা বৰঠাকুৰ - Mira Borthakur Goswami

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 6:40 PM IST

MIRA BORTHAKUR GOSWAMI
মীৰা বৰঠাকুৰৰ সৈতে ই টিভি ভাৰতৰ সাক্ষাৎকাৰ

Mira Borthakur Goswami: ক’ভিডৰ ভেকচিন দি সকলো মানুহক শাৰীৰিকভাৱে দুৰ্বল কৰা হ'ল বুলি বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মীৰা বৰঠাকুৰৰ ৷ ইলেক্ট’ৰেল ব’ণ্ডৰ জৰিয়তে কোম্পানীবোৰৰ পৰা টকা লৈ অহা এক তাৰিখৰ পৰা 800 বিধ ঔষধৰ দাম বিজেপি চৰকাৰে বৃদ্ধি কৰিব বুলিও উল্লেখ কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷

মীৰা বৰঠাকুৰৰ সৈতে ই টিভি ভাৰতৰ সাক্ষাৎকাৰ

গুৱাহাটী, ২১ মাৰ্চ: ‘‘বিজেপি চৰকাৰে ক’ভিডৰ ভেকচিন দি সকলো মানুহক দুৰ্বল কৰিলে ৷ এইখন চৰকাৰে টকাৰ স্বাৰ্থত শাৰীৰিক আৰু মানসিকভাৱে প্ৰতিগৰাকী ভাৰতীয়ক দুৰ্বল কৰিলে ৷’’ এই গুৰুতৰ অভিযোগ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ ৷

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ‌ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি হৈছে । বিভিন্ন দলৰ পৰা প্ৰক্ষেপ কৰা প্ৰাৰ্থীসকলৰ আহৰি নোহোৱা হৈছে । এইক্ষেত্ৰত গুৱাহাটী লোকসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছে ।

উল্লেখ্য যে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰক আৰু বিজেপিৰ পৰা বিজুলী কলিতা মেধিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । গুৱাহাটী লোকসভা সমষ্টিত এইবাৰ এই দুয়োগৰাকীৰ মাজতে মূলতঃ নিৰ্বাচনী যুঁজ হ'ব বুলি সমীক্ষকসকলে সদৰী কৰিছে ।

একপ্ৰকাৰে ক’বলৈ গ'লে গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰে সাংগঠনিক ভেটি শক্তিশালী । ই টিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে নিজেও বিজেপি প্ৰাৰ্থীগৰাকীৰ সৈতে নিৰ্বাচনী যুঁজ‌ হ’ব বুলি মন্তব্য কৰিছে ।

মীৰা বৰঠাকুৰে কয় যে তেওঁ মহিলাসকলৰ প্ৰধান‌ সমস্যাসূহ তুলি ধৰিব । তেওঁ কয়, ‘‘মই যদি সাংসদ হিচাপে নিৰ্বাচিত হওঁ, গুৱাহাটীত বিভিন্ন ঠাইৰ পৰা গুৱাহাটীত কৰ্মৰত হোৱা মহিলাসকলৰ বাবে মহিলা হোষ্টেলৰ ব্যৱস্থা কৰিম । গুৱাহাটীত মহিলাৰ টয়লেটৰ সমস্যা সমাধান কৰিম । গুৱাহাটীৰ পদপথৰ শাকপাচলি বজাৰৰ পৰিৱৰ্তে ঠায়ে ঠায়ে এখন এখন ভাল শাক-পাচলিৰ বজাৰৰ ব্যৱস্থা কৰি দিয়াৰ ব্যৱস্থা কৰিম ।’’

মীৰা বৰঠাকুৰৰ মতে, গুৱাহাটীৰ দীৰ্ঘদিনীয়া খোৱাপানীৰ সমস্যা আৰু জাবৰ নিষ্কাষণৰ‌ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব তেওঁ । কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কয়, ‘‘খোৱাপানীৰ‌ সমস্যা কেৱল গুৱাহাটী মহানগৰীতে নহয়, গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত খোৱাপানীৰ সমস্যা আছে । ডিমৰীয়া অঞ্চলত আজিও মানুহে ফলা বাঁহ বান্ধি নিজৰাৰ পানী বহুত কষ্ট কৰি সংগ্ৰহ কৰি আছে । বহুত ঠাইত বাঁহৰ দলঙেৰে মানুহে যাতায়ত কৰি আছে ।’’ তদুপৰি মীৰা বৰঠাকুৰে কয় যে তেওঁ যদি সাংসদ হয়, তেনেহ’লে দুধনৈত এটা ফুড প্ৰচেছিঙৰ উদ্যোগ স্থাপন কৰিব ।

কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা ঠাকুৰৰ বিশ্বাস যে তেওঁ বিপুল‌ ভোটত জয়লাভ কৰিব । ইতিমধ্যে ৰাইজৰ পৰা বিপুল‌ সঁহাৰি লাভ কৰা বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে বিৰোধী দল অজাপ, ৰাইজৰ দলৰ উপৰিও বাওঁপন্থী দলসমূহেও তেওঁক সহায়‌ কৰাৰ বাবে আগবাঢ়ি আহিছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী হ’ব বিৰোধীৰ প্ৰধান ইছ্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.