ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী হ’ব বিৰোধীৰ প্ৰধান ইছ্যু

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 6:35 PM IST

Updated : Mar 21, 2024, 6:21 AM IST

Charge Sheet Against BJP: বিৰোধী ঐক্য মঞ্চই মুকলি কৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে মহা-অভিযোগনামা ৷ সেই অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে থকা গুৰুতৰ অভিযোগসমূহ মূল ইছ্যু হিচাপে ৰাইজৰ ওচৰলৈ লৈ যাব বিৰোধীয়ে ৷

Charge Sheet Against BJP
মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেংলেকাৰী

গুৱাহাটী, ২০ মাৰ্চ: বুধবাৰে বিৰোধী ঐক্যমঞ্চই গুৱাহাটীত মুকলি কৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে 60 টা অভিযোগ সম্বলিত অভিযোগনামা ৷ উক্ত অভিযোগখিনি লৈ বিৰোধী এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নামিব ৷ উক্ত 60 টা অভিযোগৰ ভিতৰত আছে অসমৰ‌ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে থকা কেতবোৰ অভিযোগো ৷ য’ত সন্নিৱিষ্ট কৰা হৈছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে থকা ভূমি কেংলেকাৰীৰ অভিযোগৰ উপৰিও মুখ্যমন্ত্ৰীৰ পত্নীলৈ ১০ কোটি টকাৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাজ সাহায্য, পত্নীৰ মালিকাধীন কোম্পানীয়ে ১৮ একৰ‌ মাটি দখল , কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীৰ পৰিয়ালে জনজাতীয় লোকৰ ১০০০ বিধা ভূমি দখল আদি অভিযোগো ৷ এই অভিযোগসমূহত বিশেষ দৃষ্টি ৰাখি অসমত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে আগবাঢ়িছে বিৰোধী ঐক্য মঞ্চ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বুধবাৰে গুৱাহাটীৰ এখন হোটেলত মুকলি কৰা মহা-অভিযোগনামাৰ পুস্তিকাখনত ভূ-মাফিয়াৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালক উপস্থাপন কৰা হৈছে । অভিযোগনামা মুকলি অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয় যে অসমৰ ৰাজনৈতিক ইতিহাসত কেলেংকাৰী সংঘটিত কৰি কুখ্যাত হৈ পৰা একমাত্ৰ মুখ্যমন্ত্ৰীজনেই হৈছে ড৹ হিমন্ত বিশ্ব শর্মা । তদুপৰি তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলংকাৰী হৈছে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ কেলেংকাৰী ।

Charge Sheet Against BJ
বিজেপিৰ বিৰুদ্ধে অভিযোগনামা

অভিযোগনামাত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ক্ষমতা আৰু প্ৰভাৱ খটুৱাই নীতি বৰ্হিভূতভাৱে বৃহৎ পৰিমাণৰ ভূমি ক্ৰয় কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই । প্ৰায় আঢ়ৈ বছৰৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালে অসমৰ বিভিন্ন জিলাত ভূমি ক্ৰয় কৰিছে ৷ কেৱল ভূমিয়েই নহয়, অসমৰ চাহ বাগিচা, ফিছাৰী, অৱসৰ বিনোদনৰ বাবে ব্যক্তিগত ঠাই, ৰিজৰ্ট, নিউজ পৰ্টেল, কৃষিভূমি আদি এফালৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালে নিজৰ কৰি লৈছে বুলি অভিযোগ কৰিছে কংগ্ৰেছে ।

Charge Sheet Against BJ
বিজেপিৰ বিৰুদ্ধে অভিযোগনামা

ক্ষমতাৰ অপব্যৱহাৰ কৰি নীতি বৰ্হিভূতভাৱে এই সকলোবোৰ কৰিছে বুলি মন্তব্য কৰে জীতেন্দ্ৰ সিঙে । অভিযোগনামাত উল্লেখ কৰে যে ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিচতেই অসমত বাধাহীনভাৱে ভূমি দখল অভিযান আৰম্ভ কৰে পত্নী ৰিণিকি ভূঞা শৰ্মাই । মুখ্যমন্ত্ৰীৰ পত্নীয়ে অলপতে নগাঁও জিলাৰ কলিয়াবৰ বৰ্ভগীয়া মৌজাৰ দাৰগাজি গাঁৱত একেদিনাই ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি দখল কৰিছিল বুলিও অভিযোগনামাত উল্লেখ কৰা হৈছে বুলি সিঙে কয় ।

Charge Sheet Against BJ
বিজেপিৰ বিৰুদ্ধে অভিযোগনামা

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশাধন মন্ত্ৰণালয়ৰ পৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়ে ১০ কোটি টকাৰ ৰাজসাহায্যও লাভ কৰা বুলিও অভিযোগ উত্থাপন কৰা হৈছে । তদুপৰি ক্ষমতাৰ অপব্যৱহাৰ কৰি মাত্ৰ কিছুদিনৰ ভিতৰতে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন ঘটাই মুখ্যমন্ত্ৰীৰ পত্নীয়ে ভূমি কেলেংকাৰী সংঘটিত বুলিও অভিযোগ উত্থাপন কৰা হৈছে । যিটো সময়ত অসমৰ দৰিদ্ৰ মহিলাই ৫ৰ পৰা ১০ হাজাৰ টকা ঋণ মাফ কৰাৰ দাবীৰে চৰকাৰৰ ওচৰত হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়তে মুখ্যমন্ত্ৰীৰ পত্নীয়ে বক্ৰপথেৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে জিতেন্দ্ৰ সিঙে ।

Charge Sheet Against BJ
বিজেপিৰ বিৰুদ্ধে অভিযোগনামা

অভিযোগনামাত উল্লেখ কৰা মতে ২০২১ চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পিচতে পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন কোম্পানীয়ে কামৰূপ জিলাৰ মিৰ্জাত দখল কৰে ১৮ একৰ ভূমি । ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন আৰ বি এছ ৰিয়েলটছে দখল কৰা সেই ভূমি আছিল ভূমিহীন লোক আৰু প্ৰতিষ্ঠানৰ বাবে নিৰ্ধাৰিত । কাৰ্বি পাহাৰৰ জনজাতীয় লোকৰ ভূমিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে এৰা নাই বুলি বিৰোধী ঐক্যই অভিযোগ কৰিছে ।

Charge Sheet Against BJ
বিজেপিৰ বিৰুদ্ধে অভিযোগনামা

সংবাদমেলত এই অভিযোগনামা সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয়, ‘‘এই‌ অভিযোগনামা আমাৰ নহয়, এয়া অসমৰ ৰাইজৰ অভিযোগনামা । উৰণসেতু, দলং নিৰ্মাণৰ নামত কোনে দুৰ্নীতি কৰিছে, সেয়া সকলোৱে জানে । গৰুৰ ছিণ্ডিকেট কোনে কৰিছে, সেয়া স্পষ্ট হৈছে । অসমত ৭০০০ স্কুল বন্ধ হৈছে ।‌ সুৰাৰ দোকান বৃদ্ধি হৈছে । অসমত যাতে সুৰাৰ অভাৱ দূৰ কেতিয়াও নহয় তাৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে কৰিছে ।’’ তেওঁ কয় যে অসমতে এতিয়া দেশৰ ভিতৰত দুৰ্নীতিগ্ৰস্ত চৰকাৰ চলি আছে ।

লগতে পঢ়ক: অজাপ ত্যাগ দুলু আহমেদৰ: চাটুকাৰিতাৰ ৰাজনীতি কৰাৰ অভিযোগ লুৰীণৰ বিৰুদ্ধে

Last Updated : Mar 21, 2024, 6:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.