ETV Bharat / politics

কংগ্ৰেছৰ দূৰ্গত বিজেপিক ভোটদানৰ বাবে ইচ্ছা প্ৰকাশ সংখ্যালঘু ভোটাৰৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 4:30 PM IST

Lok Sabha Election 2024
LS polls 2024

LS polls 2024: নিৰ্বাচনক লৈ চৌদিশে দেখা গৈছে ব্যস্ততা, উছাহ, উদ্দীপনা । কিন্তু নিৰ্বাচনক লৈ কোনো উছাহ নাই নগাঁৱৰ বহু পৰিয়ালৰ । তেওঁলোকৰ বাবে নিৰ্বাচন মানেই যেন ৰাজনৈতিক নেতাৰ মিছা প্ৰতিশ্ৰুতিৰ এক উৎসৱ । কিন্তু কোন এইসকল লোক, কিয় নাই নিৰ্বাচনী উছাহ, কিয় আৱেগিক এইসকল লোক ? জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন...

বিজেপিক ভোটদানৰ বাবে ইচ্ছা প্ৰকাশ সংখ্যালঘু ভোটাৰৰ

নগাঁও, ২৩ এপ্ৰিল: দেশত এতিয়া নিৰ্বাচনৰ ঢৌৱে বতাহ গৰম কৰি ৰাখিছে । পুৱাৰ চাহকাপৰ সৈতে হাতত তুলি লোৱা বাতৰি কাকতখনৰ পৰা সন্ধিয়াৰ আড্ডালৈকে সকলোতে নিৰ্বাচনৰ বতৰাই স্থান লাভ কৰিছে । যোৱা ১৯ এপ্ৰিলত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব অহা ২৬ এপ্ৰিলত । ৰাজনৈতিক দলসমূহৰ মাজত ভোটাৰক আকৰ্ষণৰ বাবে ব্যাপক কুচকাৱাজ দেখা গৈছে ।

অসমৰ পাঁচটা সমষ্টিত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । এই পাঁচটা সমষ্টিৰ ভিতৰত অন্য়তম হৈছে নগাঁও সংসদীয় সমষ্টি । এইবাৰ সমষ্টিটোত বিজেপিয়ে সুৰেশ বৰাক প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

নগাঁও সমষ্টিত কোনফালে বলিছে নিৰ্বাচনী বতাহ ? ভোটাৰৰ প্ৰথম পছন্দ কোন হ'ব ? এই সম্পৰ্কে জানিবলৈ ই টিভি ভাৰতৰ সাংবাদিক কাষ চাপিছিল একাংশ লোকৰ । ২০২২ বৰ্ষতে উচ্ছেদিত নগাঁও জিলাৰ বটদ্ৰবাৰ একাংশ লোকে আজিও বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে আশ্ৰয় বিচাৰি । নিৰ্বাচনক লৈ তেওঁলোকৰ মনত নাই কোনো উছাহ । জনপ্ৰতিনিধিৰ ওপৰত যেন আস্থা হেৰুৱাই পেলাইছে এইসকল লোকে । ভোটৰ সময় আহিলেই প্ৰাৰ্থী বা দলীয় কৰ্মীয়ে আহি তেওঁলোকক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচন শেষ হোৱাৰ পিচতেই সেই প্ৰতিশ্ৰুতিলৈ পিঠি দিয়ে জনপ্ৰতিনিধিয়ে ।

"প্ৰতিটো ৰাজনৈতিক দলেই আমাক ঠগন দি আহিছে । নিৰ্বাচনক লৈ আমাৰ কোনো উছাহ নাই । কাৰণ আমি এতিয়া কেৱল আশ্ৰয়ৰ চিন্তাত আছো । থাকিবলৈ ভেটি এটাও নাই । পথৰ দাঁতিত কাৰোবাৰ পুখুৰীৰ ওপৰত জুপুৰী এটা সাজি কোনোমতে দিন ৰাতি কটাইছো ।" এগৰাকী লোকে এইদৰে কয় ই টিভি ভাৰতক ।

১৯৮৮ চনতেই সেই সময়ৰ বিধায়ক দিগেন বৰাৰ জ্ঞাতেই বটদ্ৰৱাৰ লালুংগাঁও, ভোমোৰাগুৰিত আশ্ৰয় লোৱা বহুকেইটা পৰিয়ালক বিগত ২০২২ চনৰ ১৯ ডিচেম্বৰত উচ্ছেদ কৰি দিয়াৰ পিচত গৃহহীন হৈ পৰিছে পৰিয়ালকেইটা । কিন্তু বৰ্তমান পৰিয়ালকেইটাই ক'ত কেনেদৰে আশ্ৰয় লৈছে তাৰো খবৰ ল'বলৈ যেন আহৰিয়েই নাই কাৰোৱেই । কোনোবাই যদি আত্মীয়ৰ ঘৰত, আন কোনোবাই আকৌ পথৰ দাঁতিত, পুখুৰীৰ ওপৰত জুপুৰী সাজি দিন অতিবাহিত কৰিবলগীয়া হৈছে ।

বছৰ বছৰ ধৰি কংগ্ৰেছ, অগপ, এ আই ইউ ডি এফ দলকো ভোট দি অহা এইসকল লোকে কোনো এখন চৰকাৰৰ পৰাই লাভ নকৰিলে বাসস্থানৰ স্থায়িত্ব। ভূমি পট্টা দিব বুলি বহু প্ৰতিশ্ৰুতি দিওঁ কংগ্ৰেছ চৰকাৰে ভূমি পট্টা নিদিয়াৰ অভিযোগ কৰি এইসকল উচ্ছেদিত লোকে এইবাৰ প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষক সমৰ্থন কৰাৰ কথাও মুকলিকৈয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক: চাকমা আৰু হাজংসকলক অসমত সংস্থাপনৰ ঘোষণা ৰিজিজুৰ - Chakma Hajong Issue

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.