ETV Bharat / politics

বৰপেটা লোকসভা সমষ্টিত নিশা পৰ্যন্ত মাৰাথন নিৰ্বাচনী প্ৰচাৰ কেবিনেট মন্ত্ৰীৰ - Lok sabha Election 2024

Barpeta Lok Sabha constituency: বৰপেটা লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ বিজেপি ৷ দেওবাৰৰ নিশা পৰ্যন্ত নলবাৰীত চলিল বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ । মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অতুল বৰাৰ অংশগ্ৰহণ এই নিৰ্বাচনী প্ৰচাৰত ।

Minister Jayantamalla baruah AND ATUL BORA Election Campaigning IN Barpeta Lok Sabha constituency
বৰপেটা লোকসভা সমষ্টিত নিশা পৰ্যন্ত মাৰাথন নিৰ্বাচনী প্ৰচাৰ কেবিনেট মন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 11:20 AM IST

2 Min Read
Choose ETV Bharat
বৰপেটা লোকসভা সমষ্টিত নিশা পৰ্যন্ত মাৰাথন নিৰ্বাচনী প্ৰচাৰ কেবিনেট মন্ত্ৰীৰ

নলবাৰী, 29 এপ্ৰিল: ইতিমধ্যে ৰাজ্যত সমাপ্ত পৰিছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী তৎপৰতা ৷ পিছ পৰি ৰোৱা নাই শাসকীয় বিজেপি দল ৷ দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় দলটোৰ দুগৰাকীকৈ প্ৰভাৱশালী মন্ত্ৰীয়ে ।

মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু অতুল বৰাই তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিত দেওবাৰৰ দিনটোত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নলবাৰী সমষ্টিৰ চাৰিওটা মণ্ডলতেই নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠান চলায় মন্ত্ৰী দুগৰাকীয়ে । বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নলবাৰী সমষ্টিৰ বাঁহজানী মণ্ডল, উত্তৰ মণ্ডল, ঘগ্ৰাপাৰ মণ্ডল আৰু সন্ধিয়া টাউন মণ্ডলত অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই চলায় মাৰাথন নিৰ্বাচনী প্ৰচাৰ ।

নলবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থীগৰাকীয়ে এক লাখ ত্ৰিশ হাজাৰ ভোট লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত সনাতনী সংস্কৃতিত বিশ্বাসী কোনো লোকে কংগ্ৰেছ দলত নাথাকে বুলি বিৰোধীক সংবাদ মাধ্যমৰ আগত কটাক্ষ কৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, বৰপেটা লোকসভা সমষ্টিটোক লৈ বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে বিজেপিক ৷ 17 এপ্ৰিলৰ দিনা বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলাইছিল নিৰ্বাচনী প্ৰচাৰ । আজি আৰু অহা 4 মে’ৰ দিনা সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক:

সামগ্ৰীৰ দাম কিছুদিনৰ পৰা কমিছেহে: জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে ৰাহুল গান্ধীয়ে ভয় খাই সভা বাতিল কৰিছে: জয়ন্তমল্ল বৰুৱা - Lok Sabha Election 2024