ETV Bharat / politics

ভূপেন বৰা, ৰাহুল গান্ধীৰ দৰে মানুহৰ নেতৃত্বত কেনেকৈ কংগ্ৰেছ কৰিব: জয়ন্ত মল্ল বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 5:32 PM IST

BJP Joining Programme : বিৰোধী ঐক্যই চাহ-ভাত খাওঁতে খাওঁতে নিৰ্বাচনেই পালেহি বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ নলবাৰীৰ মুকালমুৱাত বিজেপিৰ এক যোগদান সমাৰোহত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু বিৰোধী ঐক্যক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷

BJP Joining Programme
মুকালমুৱাত বিজেপিৰ যোগদান সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

কংগ্ৰেছ আৰু বিৰোধী ঐক্যক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নলবাৰী, 10 মাৰ্চ : "হুঁচ থাকিলে কেনেকৈ কংগ্ৰেছ কৰিব ৷ কংগ্ৰেছ কৰিবলৈ হ’লে বেহুঁছ হ’ব লাগিব ৷ ভূপেন বৰাৰ দৰে লোকৰ নেতৃত্বত, ৰাহুল গান্ধীৰ দৰে মানুহৰ নেতৃত্বত কেনেকৈ কংগ্ৰেছ কৰিব ৷" এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ নলবাৰীৰ মুকালমুৱাত বিজেপিৰ এক যোগদান সমাৰোহত অংশগ্ৰহণ কৰি কংগ্ৰেছক এইদৰে কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷

কংগ্ৰেছ আছে ক’ত, কংগ্ৰেছ নিচিহ্নই বুলি উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, দলটোৱে দহ-পোন্ধৰটামান ক্লাব বহুৱাই এইয়া বিৰোধী মৰ্চা বুলি কয়, কিন্তু তাৰ পিচত এটাও মানুহ নাথাকে ৷ বিৰোধী ঐক্যই চাহ-ভাত খাওঁতে খাওঁতে নিৰ্বাচনেই পালেহি ৷ কিন্তু বিৰোধী মৰ্চা হৈয়ে উঠা নাই বুলি কয় মন্ত্ৰী বৰুৱাই ৷

ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক সৰু ল’ৰা বুলি কটাক্ষ কৰি কয় যে, তেওঁ এতিয়াও ৰাজনীতিৰ পথাৰত বহুত কথা শিকা নাই ৷ অসমৰ মানুহে এটা সময়ত আবেগ কিছুমান দেখুৱালে ৷ গতিকে তেওঁ এতিয়া ভাৰসাম্যহীন হৈ আছে যে, কি কৰিব কি নকৰিব ৷ তেওঁ ভাবি আচে যে, ৰাজনীতি এনেকুৱাই ৷ ৰাজনীতি কৰোঁতে তেওঁ এবাৰ বিশ্লেষণ কৰিব লাগিছিল ৷ এতিয়া বয়সো কম, গতিকে বিশ্লেষণ কৰোঁতে কৰোঁতে বয়স পাৰ হৈ যাব বুলি লুৰীণজ্যোতি গগৈক কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

উল্লেখ্য যে, আজি নলবাৰী জিলাৰ মুকালমুৱাত বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয় ৷ মুকালমুৱাস্থিত দেশভক্ত ময়দানত অনুষ্ঠিত হোৱা সভাখনত কংগ্ৰেছ তথা অন্যান্য দলৰ প্ৰায় 2000 গৰাকী নেতা-কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ নলবাৰী জিলা কংগ্ৰেছৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক নাচিৰ উদ্দিন আহমেদ, বিশিষ্ট সমাজকৰ্মী তথা জ্যেষ্ঠ কংগ্ৰেছী তাৰিক হুছেইন, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক কনক পাঠককে ধৰি প্ৰায় 2000 গৰাকী লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ যোগদান সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি বহুকেইজন বিজেপিৰ নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.