ETV Bharat / politics

প্ৰধানমন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 9:20 PM IST

apcc president bhupen bora questions pm modi over his speech during assam visit
ভূপেন বৰা

অসমৰ চাহ-বাগিচা সমূহৰ অৱস্থা ভাল হৈছে যদি উইলিয়ামচন মেগৰৰ দৰে কোম্পানীয়ে কিয় ১৬খনকৈ চাহ-বাগিচা বিক্ৰী কৰিবলগীয়া হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৯ মাৰ্চ : শনিবাৰে সমাপ্তি ঘটিল প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ভ্ৰমণ কৰি আপ্লুত হৈ পৰে প্ৰধানমন্ত্ৰী ৷ উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে ১৭হাজাৰ ৫০০কোটি টকাৰ বহু কেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । প্ৰধানমন্ত্ৰীয়ে মেলেং মেটেলি পথাৰত বিশাল ৰাজহুৱা সভা সম্বোধন কৰি অসমবাসীক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰধানমন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে যদি অসমৰ চাহ-বাগিচাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে তেন্তে কিয় প্ৰতিমাহে অসমৰ এখনকৈ চাহ বাগিচা বিক্ৰী হ’বলগীয়া হৈছে । বিজেপিৰ দিনত চাহ বাগানৰ তথা চাহ শ্ৰমিকৰ অৱস্থা যদি ইমানেই ভাল হৈছে তেন্তে কোৱা ধৰণে চাহ শ্ৰমিকৰ মজুৰি কিয় ৩৫১ টকা কৰি দিব পৰা নাই বুলি তেওঁ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে ।

প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে যদি উত্তৰ-পূৰ্বাঞ্চল তেওঁৰ পৰিয়াল হয় তেন্তে মণিপুৰ উত্তৰ-পূৰ্বাঞ্চলৰ অংশ হয়নে নহয় নেকি বুলি প্ৰশ্ন কৰে তেওঁ প্ৰধানমন্ত্ৰীক ৷ ইয়াৰ লগতে কয় যে পৰিয়াল হ’লে পৰিয়ালৰ মুৰব্বীজনে সংকটৰ সময়ত খবৰ লোৱাটো দায়িত্ব ।

প্ৰধানমন্ত্ৰীক সমালোচনা কৰাৰ লগতে তেওঁ কয় যে লাচিত বৰফুকনৰ যিমানেই ডাঙৰ মূৰ্তি নবনাওক কিয়, কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন (কা) মানি লোৱা নহ’ব । লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বনাই দিলে বুলিয়েই 'কা' মানি ল’ব লাগিব বুলি ভবাটো অসম্ভৱ কথা । মোদীয়ে নিজেই কৈছিল বিজেপি আহিব আৰু বিদেশী যাব । হিমন্ত বিশ্ব শৰ্মায়ো ১৯৭১ চনৰ পাছৰ বিদেশীৰ বোজা অসমে নলয় বুলি মন্তব্য কৰিছিল । এতিয়া লুটি-বাগৰ মাৰিলে অসমৰ ৰাইজে ইয়াক সহজভাৱে নলয় বুলি তেওঁ মন্তব্য কৰে ।

মণিপুৰৰ বাবে ঘোষণা কৰা পেকেজক ব্যাপক প্ৰৱঞ্চনা কৰা বুলি সদৰী কৰি ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে নিৰ্বাচনৰ দিন ঘোষণা হ’বলৈ বেছি সময় নাই । চৰকাৰখন কেয়াৰটেকাৰ চৰকাৰ হ’বলৈ গৈ আছে বুলি মন্তব্য কৰি তেওঁ কয় যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰখনে পেকেজ ঘোষণা কৰি প্ৰলোভন আৰু প্ৰতাৰণাৰ ৰাজনীতি কৰিছে ।

লগতে পঢ়ক : হাতত তৰোৱাল লৈ কোন বীৰে ধুতি পিন্ধি যুদ্ধ কৰিবলৈ যাব: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.