ETV Bharat / politics

গৌৰৱ গগৈ-লুৰীণজ্যোতি গগৈক হৰুওৱাৰ কাম কৰি আছে অখিল গগৈয়ে : জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 6:34 PM IST

Minister Jayant MallaBaruah : আজিৰ তাৰিখত অখিল গগৈয়ে দুখন মহাকাব্যৰ দুটা ডাঙৰ চৰিত্ৰ ৰূপায়ণ কৰি আছে ৷ তেওঁ বিভীষণ আৰু শকুনিৰ সমন্বয়ৰ এটা চৰিত্ৰ সুন্দৰভাৱে কৰি আছে ৷ এই অভিযোগ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷

MINISTER JAYANT MALLA BARUAH
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অভিযোগ

অখিল গগৈক সমালোচনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

গুৱাহাটী, 30 মাৰ্চ : অখিল গগৈক ৰামায়ণৰ বিভীষণ আৰু মহাভাৰতৰ শকুনি আখ্যা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ আজিৰ তাৰিখত অখিল গগৈয়ে দুখন মহাকাব্যৰ দুটা ডাঙৰ চৰিত্ৰ ৰূপায়ণ কৰি আছে ৷ তেওঁ বিভীষণ আৰু শকুনিৰ সমন্বয়ৰ এটা চৰিত্ৰ সুন্দৰভাৱে কৰি আছে ৷ বিধায়ক অখিল গগৈৰ সমালোচনাত মুখৰ হৈ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷

শনিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়ক অখিল গগৈক পুনৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷ মন্ত্ৰীগৰাকীয়ে অখিল গগৈক উদ্দেশ্যি কয় যে, যেনেদৰে ৰামায়ণত বিভীষণ আৰু মহাভাৰতত শকুনিৰ দুটা চৰিত্ৰ আছে, তেনেদৰে অখিল গগৈয়ে এই দুয়োটাৰ সমন্বয়ৰ এটা চৰিত্ৰ সুন্দৰকৈ ৰূপায়ণ কৰি আছে ৷ ঘৰতে থাকি শত্ৰুতা কৰাৰ বাবে বিভীষণক ঘৰশত্ৰু বুলি কোৱা হয় ৷ ঠিক তেনেকুৱা এটা চৰিত্ৰই অখিল গগৈয়ে ৰূপায়ণ কৰিছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পুনৰ কয় যে, বিভীষণে যেনেদৰে লংকাধিপতি হ’বলৈ নিজৰ ভাতৃকো কেনেকৈ পৰাস্ত কৰিব লাগে তাৰ সকলো বুদ্ধি ৰামক দিছিল, তেনেকুৱা এটা ব্যৱস্থাই অখিল গগৈয়ে এতিয়া কৰি আছে ৷ তেনেদৰে মহাভাৰতত শকুনিয়ে ভাতৃ হত্যাৰ প্ৰতিশোধ ল’বলৈ কৌৰৱৰ লগত থাকিয়ে কৌৰৱক ধ্বংস কৰাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল ৷ শকুনিৰ চৰিত্ৰটোও অখিল গগৈয়ে সুন্দৰকৈ ৰূপায়ণ কৰি আছে বুলি কয় মন্ত্ৰীজনে ৷

জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰে যে, বিভীষণ আৰু শকুনিৰ চৰিত্ৰৰ মাজেৰে অখিল গগৈয়ে নিজৰ লগত থকা মানুহখিনিক ৰাজনৈতিক হত্যাৰ পৰিকল্পনা কৰি লৈছে ৷ লগতে অখিল গগৈয়ে তেওঁৰ ভৱিষ্যতৰ দুৰাকাংক্ষাৰ ৰাজ্যখনৰ একছত্ৰী সম্ৰাট হ’বলৈ সুন্দৰভাৱে কাম কৰি আছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে লগতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈকো হৰুৱাবলৈ অখিল গগৈয়ে কাম কৰি আছে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : অসমৰ কোনগৰাকী মন্ত্ৰীয়ে মানুহৰ মাথা কিনিব বিচাৰে ! জনাব অখিল গগৈয়ে - Campaign For Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.