ETV Bharat / politics

অসমৰ কোনগৰাকী মন্ত্ৰীয়ে মানুহৰ মাথা কিনিব বিচাৰে ! জনাব অখিল গগৈয়ে - campaign for Gaurav Gogoi

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 2:33 PM IST

Minister pijush hazarikas brother accused of distributing money in Sivasagar
পীযুষৰ নিৰ্দেশত শিৱসাগৰত টকা বিলোৱাৰ অভিযোগ মন্ত্ৰী ভাতৃৰ বিৰুদ্ধে

MLA Akhil Gogoi: পীযুষ হাজৰীকাৰ নিৰ্দেশত তেওঁৰ ভাতৃয়ে শিৱসাগৰত টকা বিলোৱাৰ অভিযোগ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷ সমান্তৰালকৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক ক্ষুৰধাৰ সমালোচনা গগৈৰ ৷

পীযুষৰ নিৰ্দেশত শিৱসাগৰত টকা বিলোৱাৰ অভিযোগ মন্ত্ৰী ভাতৃৰ বিৰুদ্ধে

শিৱসাগৰ, 30 মাৰ্চ: "পীযুষ হাজৰীকা এজন দাম্ভিক অহংকাৰী ৰাজনৈতিক ব্যক্তি, মানুহৰ মাথা কিনিব বিচৰা মানুহ ৷" শিৱসাগৰত সংবাদ মাধ্যমৰ আগত এই বক্তব্য আগবঢ়ায় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । আনকি, অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে টকা বিলোৱাৰ অভিযোগো তোলে গগৈয়ে ।

বিধায়ক অখিল গগৈয়ে পীযুষ হাজৰীকাই তেওঁৰ এগৰাকী ভাতৃৰ হতুৱাই শিৱসাগৰৰ বিভিন্ন নামঘৰত টকা বিলোৱা বুলি গুৰুতৰ অভিযোগ তোলে ৷ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে জয়ন্তমল্ল বৰুৱাকো কঠোৰ ভাষাৰে সমালোচনা কৰে বিধায়ক গগৈয়ে ৷ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কথাৰ কোনো গুৰুত্ব নাই বুলি উল্লেখ কৰি বিধায়ক গগৈয়ে কয়, "জয়ন্তমল্ল এজন অদৰকাৰী মানুহ ৷ তেওঁৰ কথাৰ উত্তৰ মই নিদিওঁ ৷"

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ মাজত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা । শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ষনিবাৰে সম্বোধন কৰে সংবাদমেলৰ । সমষ্টিটোত 33 খন পঞ্চায়তত ৰাইজৰ দলে কাৰ্যালয় মুকলি কৰিব বুলি গগৈয়ে সংবাদ মাধযমক অৱগত কৰে ।

সমান্তৰালভাৱে, সাংসদ তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈক কিয় ভোট দিব লাগে ইয়াৰ সপক্ষত গোহাৰি পত্ৰ প্ৰকাশ কৰে ৰাইজৰ দলে । সংসদত গৌৰৱ গগৈ আৰু তপন গগৈয়ে কিমান প্ৰশ্ন উত্থাপন কৰিলে আৰু বিতৰ্কত ভাগ ল’লে গোহাৰি পত্ৰযোগে ৰাইজৰ দলে প্ৰকাশ কৰে । গোহাৰি পত্ৰযোগে দলটোৱে তপন গগৈ কণ্ঠহীন সাংসদ বুলি উল্লেখ কৰি সকলোকে গৌৰৱ গগৈক ভোট দি জয়যুক্ত কৰোৱাবৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক: পদুম-ট্ৰেক্টৰ এৰি নাঙলত ধৰিলে পাঁচ শতাধিকে - BPF joining programme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.