ETV Bharat / politics

পদুম-ট্ৰেক্টৰ এৰি নাঙলত ধৰিলে পাঁচ শতাধিকে - BPF joining programme

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 10:09 AM IST

BPF joining programme : চিৰাঙৰ বিজনীত বিপিএফৰ যোগদান কাৰ্যসূচী ৷ হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত পাঁচ শতাধিকৰ বিপিএফত যোগদান । বিপিএফ জয়ী হোৱাটো এশ শতাংশ নিশ্চিত বুলি দাবী হাগ্ৰামা মহিলাৰীৰ ।

MORE THAN 500 bjp GSP UPPL WORKERS JOIN BPF IN BIJNI
পদুম-ট্ৰেক্টৰ এৰি নাঙলত ধৰিলে পাঁচ শতাধিকে

পদুম-ট্ৰেক্টৰ এৰি নাঙলত ধৰিলে পাঁচ শতাধিকে

চিৰাং, 30 মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ মাজত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা । আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি । কোকৰাঝাৰ লোকসভা সমষ্টিৰ ক্ষেত্ৰতো ইয়াৰ কোনো ব্যতিক্ৰম ঘটা নাই । বিজেপি, গণ সুৰক্ষা দল আৰু ইউপিপিএলৰ নেতৃত্বত বিটিচি পৰিচালিত হৈ আছে যদিও বিটিআৰৰ জনতাই প্ৰতিদিনে যোগদান কৰা পৰিলক্ষিত হৈছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলত ।

MORE THAN 500 bjp GSP UPPL WORKERS JOIN BPF IN BIJNI
পদুম-ট্ৰেক্টৰ এৰি নাঙলত ধৰিলে পাঁচ শতাধিকে

চিৰাং জিলাৰ বিজনীত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত দুখনকৈ সভাত পাঁচ শতাধিক লোকে দলটোত শুকুৰবাৰে যোগদান কৰে । প্ৰথমতে মানস ছেৰফাং সমষ্টিৰ অন্তৰ্গত 1 নং লক্ষীঝৰাত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত প্ৰায় আঢ়ৈশ লোকে বিপিএফত যোগদান কৰে ।

MORE THAN 500 bjp GSP UPPL WORKERS JOIN BPF IN BIJNI
পদুম-ট্ৰেক্টৰ এৰি নাঙলত ধৰিলে পাঁচ শতাধিকে

পৰৱৰ্তী সময়ত 1 নং বিষ্ণুপুৰ বজাৰত বিজনীৰ বিজেপি বিধায়ক অজয় কুমাৰ ৰায়ৰ ভগ্নী তথা বিপিএফ কৰ্মী মুনমুন ৰায়ৰ নেতৃত্বত অনুষ্ঠিত আন এখন যোগদান সভাত প্ৰায় তিনিশ লোকে বিপিএফত যোগদান কৰে । এই যোগদান কাৰ্যসূচী বিধায়ক অজয় কুমাৰ ৰায়ৰ বাবে তথা বিজেপিৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে বুলি চৰ্চা চলিছে ।

দলটোত যোগদান কৰা লোকসকলৰ বেছি সংখ্যকেই ইউপিপিএল, জিএছপি আৰু বিজেপি দলৰ পৰা অহা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । এইক্ষেত্ৰত কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ 1 নম্বৰত আছে বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰি কয়, "বিপিএফৰ জয় এশ শতাংশ নিশ্চিত ।"

  • " class="align-text-top noRightClick twitterSection" data="">

শুকুৰবাৰে বিয়লি বিজনীত অনুষ্ঠিত হোৱা বিপিএফৰ এই যোগদান কাৰ্যসূচীয়ে শাসকীয় দলত জোকাৰণিৰ সৃষ্টি কৰিছে । উল্লেখনীয় যে, বিজনীত বিজেপি বিধায়ক থকাৰ পিচতো বিপিএফ দলৰ প্ৰতি ভোটাৰৰ আকৰ্ষণ অধিক হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: শোণিতপুৰত কাৰ ভোট ভাঙিব বি পি এফে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.