ETV Bharat / politics

শোণিতপুৰত কাৰ ভোট ভাঙিব বি পি এফে ?

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 8:41 PM IST

Sonitpur Lok Sabha constituency
BPF candidate in Sonipur

Sonitpur Lok Sabha constituency: বিপিএফ দলে প্ৰাৰ্থিত্ব আগবঢ়াব শোণিতপুৰ লোকসভা সমষ্টিত ৷ সমষ্টিটোত দলটোৱে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ সম্ভাৱনা নাই যদিও ভোট বিভাজনত ল’ব নেকি গুৰুত্বপূৰ্ণ ভুমিকা ? লাভ হ’ব কাৰ ?

তেজপুৰ, ১৯ মাৰ্চ : ক্ৰমাৎ আকৰ্ষণীয় হ’বলৈ ধৰিছে শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা । এটাৰ পিচত আন এটা নতুন মোৰ লৈছে প্ৰাৰ্থী তালিকাই ৷ দেশৰ নিৰ্বাচন আয়োগে ১৮ সংখ্যক লোকসভাৰ নিৰ্বাচনৰ বাবে দিন ঘোষণা কৰা ৪ দিন সম্পূৰ্ণ হ’ল ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বুধবাৰে অধিসূচনা জাৰি কৰিব ৷ এইবাৰ শোণিতপুৰৰ লোকসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই খবৰৰ পিচত সমষ্টিটোত এক গৰম বতাহ ব’বলৈ আৰম্ভ কৰিছে ৷ অৱশ্যে বিপিএফ দলৰ পৰা কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই বিষয়ে জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে সমষ্টিটোত শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ-আপৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ইণ্ডি এলায়েন্সৰ অন্তৰ্ভুক্ত হ’লেও আপ আৰু কংগ্ৰেছে শোণিতপুৰত দুয়োটা দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ ঐক্যমঞ্চত থাকিলে আপ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মাজত এক অন্তঃকন্দল মুকলিকৈ চলিছে । ইয়াৰ পিচত এইবাৰ বিপিএফ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে ।

উল্লেখ্য বিপিএফ দলে শোণিতপুৰ লোকসভাত যে সংখ্যাগৰিষ্ঠ ভোট লাভ নকৰে সেয়া দলটোও ভালদৰে অৱগত, ইয়াৰ পিচতো প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ যো-জা চলোৱাটো এক গুৰুত্বপূৰ্ণ বিষয় । সমষ্টিটোত নিৰ্বাচনী বতাহ একমাত্ৰ বিশ্বনাথ চাৰিআলি আৰু বিহালী বিধানসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলে অব্যাহত ৰাখিছে ৷ গাঁও অঞ্চলত নিৰ্বাচনৰ কোনো প্ৰভাৱ দেখা পোৱা নাই । এই সুযোগ গ্ৰহণ কৰি ‘আপ’ এ লোকসভা সমষ্টিটোৰ শোণিতপুৰ জিলাৰ পাঁচটা সমষ্টিত গাঁও অঞ্চলত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।

উল্লেখযোগ্য যে ,শোণিতপুৰত বিজেপিৰ প্ৰতিদ্বন্দ্বিতা বিৰোধীৰ লগত নহয় বুলি মন্তব্য কৰিছে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই ৷ এইবাৰ প্ৰতিযোগিতা বিধায়কসকলৰ মাজতহে বুলি কৈ ৰঞ্জিত দত্তই কয় যে কোনটো বিধানসভা সমষ্টিত সৰ্বাধিক ভোট লাভ কৰিব তাৰহে প্ৰতিযোগিতা হ’ব ৷ একেদৰে বুথ কমিটিসমূহৰ মাজতো চলিব প্ৰতিযোগিতা ৷ সমষ্টিৰ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ আশীৰ্বাদ ল’ব বিজেপি প্ৰাৰ্থীয়ে ৷

ইফালে তেজপুৰত মন্ত্ৰী অশোক সিংহলে মন্তব্য কৰিছে যে শোণিতপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকী চাৰি লাখৰ ভোটৰ ব্যবধানত জয়ী হ’ব ৷ একপ্ৰকাৰে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছে এতিয়া বিজেপিৰ দলীয় কৰ্মী তথা মন্ত্ৰী-বিধায়ক ।

এতিয়া কথা হ’ল, বিপিএফ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে প্ৰকৃততে কোনো নিৰ্দিষ্ট দলক সহায় কৰিব নেকি ? কাৰ ভোট লাভ কৰিব বিপিএফ দলে ?

লগতে পঢ়ক: বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে লুৰীণজ্যোতি মোৰো প্ৰাৰ্থী : পৱন সিং ঘাটোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.