ETV Bharat / politics

দলীয় শৃংখলাৰ অৱনতি ঘটিছে অসম প্ৰদেশ কংগ্ৰেছত: দেৱব্ৰত শইকীয়া

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 3:29 PM IST

Assam Congress: কংগ্ৰেছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ পদবীৰ মৰ্যাদা লাঘৱ কৰি সদনত অসত্য কথা কয় বুলি মন্তব্য কৰে বিৰোধী দলপতি জনে ৷

Assam Congress
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 18 ফেব্ৰুৱাৰী : ব্যাপক খহনীয়াৰ কবলত পৰিছে অসম প্ৰদেশ কংগ্ৰেছ ৷ এজনৰ পাছত আনজনকৈ বিধায়কে দলৰ বিপৰীতে স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ দুজনকৈ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপি চৰকাৰৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ পাছত আন কেইবাজনো কংগ্ৰেছ বিধায়কে বিজেপি আৰু অগপলৈ যোৱাৰ কুচ-কাৱাজ আৰম্ভ কৰিছে ৷

ইতিমধ্যে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে অগপত যোগদানৰ কথা স্পষ্ট কৰিছে ৷ ইফালে বিধায়ক ৰকিবুল হুছেইনক ধুবুৰী সমষ্টিত টিকট দিলে দল ত্যাগ কৰাৰ হুংকাৰ দিছে তিনিজন সংখ্যালঘু বিধায়কৰ ৷ তেওঁলোক হৈছে আব্দুৰ ৰছিদ মণ্ডল, ৱাজেদ আলী চৌধুৰী আৰু আব্দুৰ ৰহিম আহমেদ ৷ ৰাজ্যিক কংগ্ৰেছৰ শেহতীয়া এই পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

একাংশ বিধায়কে ৰকিবুল হুছেইনৰ বিৰোধ কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতিগৰাকীয়ে কয় যে কিবা কথা থাকিলে দলীয় মঞ্চত ক'ব পাৰে ৷ আনহাতে ব্যক্তিগতভাৱেও ক'ব পাৰে ৷ সংবাদ মাধ্যমৰ আগত তেওঁলোকে ব্যক্তিগতভাৱে কথা কৈছে বুলি সদৰী কৰি শইকীয়াই কয় যে সেইবিষয়ত তেওঁ মন্তব্য দিয়াৰ ক্ষেত্ৰত অসমৰ্থ ৷

তেওঁ কয় যে তেওঁ নিজৰ পদবীৰ মৰ্যাদা লাঘৱ কৰিব নিবিচাৰে ৷ প্ৰসংগক্ৰমে তেওঁ মুখ্যমন্ত্ৰীয়ে নিজৰ পদবীৰ মৰ্যাদা লাঘৱ কৰি সদনত অসত্য কথা কয় বুলি সদৰী কৰে ৷ কৰ্তৃত্বৰ বাহিৰত গৈ তেওঁ মন্তব্য দিব নোৱাৰে বুলি সদৰী কৰি কয় যে বিধায়ীনি দলৰ নেতাসকলে ব্যক্তিগতভাৱে কোৱাৰ দৰে কোনো অভিযোগ তেওঁৰ আগত দাঙি ধৰা নাই ৷

তেওঁ লগতে কয় যে বৰ্তমান সময়ত বিজেপি আৰু অগপ দলৰ মাজত স্থিতিগত কোনো পাৰ্থক্য নাই ৷ দুয়োটা দলে এটা কমন এজেণ্ডা লৈ চৰকাৰ চলাই আহিছে বুলি তেওঁ সদৰী কৰে ৷ বিৰোধী দলপতি জনে লগতে স্বীকাৰ কৰে যে বৰ্তমান সময়ত কংগ্ৰেছ দলত দলীয় শৃংখলাৰ অৱনতি ঘটিছে ৷

লগতে পঢ়ক : অসমত কংগ্ৰেছৰ খহনীয়াক লৈ উদ্বিগ্ন হাইকামাণ্ড; দিল্লীত ভূপেন বৰা-দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.