ETV Bharat / politics

বৰপেটাত কংগ্ৰেছ নেতাই আৰম্ভ কৰিলেই নিৰ্বাচনী প্ৰচাৰ: সিদ্ধান্ত লোৱাই নাই ইণ্ডি এলায়েন্সে

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 10:11 PM IST

Barpeta Lok Sabha constituency: কোনে ক’ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেই সন্দৰ্ভত ঘোষণা কৰা নাই ইণ্ডি এলায়েন্সে ৷ তথাপিত বৰপেটাত টিকট প্ৰত্যাশী কংগ্ৰেছ নেতাই আৰম্ভ কৰিলে প্ৰচাৰ অভিযান ৷ ইফালে CPI(M)ৰ মনোৰঞ্জন তালুকদাৰেও দাবী জনাই আহিছে টিকটৰ বাবে ৷

Deep Bayan Congress
বৰপেটাত প্ৰাৰ্থিত্ব প্ৰত্যাশী দীপ বায়ন

বৰপেটাত প্ৰাৰ্থিত্ব প্ৰত্যাশী দীপ বায়নৰ প্ৰচাৰ অভিযান

বৰপেটা, ৬ মাৰ্চ: আলোচনা শেষ হোৱা নাই বুলি ক’লেও বৰপেটাত টিকট প্ৰত্যাশী কংগ্ৰেছ নেতাই নিজাববীয়াকৈ আৰম্ভ কৰিলে প্ৰচাৰ অভিযান ৷ ইণ্ডি এলায়েন্স অথবা অসমত বিৰোধী ঐক্যমঞ্চৰ কোনো সিদ্ধান্তৰ আনুষ্ঠানিক ঘোষণা নোহোৱাকৈ কংগ্ৰেছ নেতাই বৰপেটাত একপ্ৰকাৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা কাৰ্যই অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইণ্ডি এলায়েন্সৰ হৈ বৰপেটাত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বুলি ভাবি থকা চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰৰ আশাত চেঁচাপানী পৰিব নেকি তাক লৈয়ো উঠিছে প্ৰশ্ন ৷ কংগ্ৰেছ নে চিপিআইএম নিৰ্বাচনী যুঁজত নামিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক সভাপতি তথা বৰপেটাৰ টিকটৰ দাবীদাৰ দীপ বায়ন তৎপৰ হৈ পৰিছে নিৰ্বাচনক লৈ ৷

উল্লেখ্য যে ইণ্ডি এলায়েঞ্চৰ মিত্ৰদল হিচাপে চিপিআই(এম)এ আৰম্ভণিৰ পৰাই বৰপেটা সমষ্টি দাবী কৰি আহিছিল ৷ ইয়াৰ বিপৰীতে সাধাৰণ কংগ্ৰেছ কৰ্মীসকলে বৰপেটা কোনোকাৰণতে এৰি নিদিয়াৰ দাবী জনাই আহিছে ৷ আনকি বৰপেটা জিলা কংগ্ৰেছ নেতৃত্বয়ো সাধাৰণ কংগ্ৰেছ কৰ্মীসকলৰ মনোভাৱ বুজি হাই কমাণ্ডক বৰপেটা এৰি নিদিয়াৰ দাবী জনাইছিল ৷

ইয়াৰ মাজতে বৰপেটাত দীপ বায়নৰ নিৰ্বাচনী প্ৰচাৰে আচলতে কি ইংগিত বহন কৰিছে সেয়া হয়তো দুই এদিনতে স্পষ্ট হ’ব ৷ অৱশ্যে কংগ্ৰেছেই হওক বা চিপিআই এনেই হওক মুঠতে যিয়ে নিৰ্বাচনত অৱতীৰ্ণ নহওক কিয় বৰপেটাত ইণ্ডি এলায়েঞ্চৰ হৈয়েই নিৰ্বাচন খেলাটো নিশ্চিত বুলি দাবী কৰিছে দীপ বায়নে ৷

আনহাতে দীপ বায়নে কয় যে মনোৰঞ্জন তালুকদাৰ তেওঁ জ্যেষ্ঠ ভাতৃৰ দৰে ৷ যথেষ্ট অভিজ্ঞতাপুষ্ট মনোৰঞ্জন তালুকদাৰ ৷ যিয়েই নিৰ্বাচনত অৱতীৰ্ণ নহওক, বিজেপি আৰু অগপৰ বিৰুদ্ধে একেলেগে যুঁজিব বুলি মন্তব্য কৰে দীপ বায়নে ৷

লগতে পঢ়ক: অগপ-এ আই ইউ ডি এফে প্ৰাৰ্থী দিয়াৰ পিচতহে কংগ্ৰছে ঘোষণা কৰিব অসমৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.