ETV Bharat / politics

লোকসভা নিৰ্বাচন : কি বিচাৰে নগাঁৱৰ যুৱ ভোটাৰে ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 6:38 PM IST

Voters Reaction
যুৱ ভোটাৰৰ মনৰ কথাৰে

Voters Reaction : বৰ্তমান চৰকাৰৰ কামকাজক লৈ কিমান সন্তুষ্ট যুৱ প্ৰজন্মৰ ভোটাৰ ? আগন্তক নিৰ্বাচনত কেনেকুৱা চৰকাৰ বিচাৰে এইসকল ভোটাৰে ? নগাঁৱৰ একাংশ যুৱ ভোটাৰৰ কাষত ই টি ভি ভাৰত অসম-

নগাঁৱৰ একাংশ যুৱ ভোটাৰৰ কাষত ই টি ভি ভাৰত অসম

নগাঁও, 28 মাৰ্চ : ক্ৰমে চমু চাপি আহিছে লোকসভা নিৰ্বাচনৰ দিন ৷ নিৰ্বাচন জয়ৰ বাবে ইতিমধ্যেই ৰণকৌশল প্ৰস্তুত কৰি ব্যাপক তৎপৰতা আৰম্ভ কৰিছে শাসক-বিৰোধীৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহে ৷

ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ ইতিমধ্যে 19 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সমাপ্ত হৈছে মনোনয়ন দাখিল পৰ্ব ৷

এফালে উন্নয়নৰ জয়গানেৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসকীয় দল বিজেপি ৷ আনফালে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ইছ্যু লৈ নিৰ্বাচনী প্ৰচাৰত নামিছে বিৰোধী ৰাজনৈতিক দলসমূহ ৷ ভোটাৰ ৰাইজৰ মন জয় কৰাৰ বাবে শাসক-বিৰোধী এতিয়া নামি পৰিছে এক অঘোষিত প্ৰতিযোগিতাত ৷

ইয়াৰ মাজতে সম্পূৰ্ণ নিৰপেক্ষভাৱে যুৱ ভোটাৰৰ মনৰ কথাৰে এক বিশেষ অনুষ্ঠান আৰম্ভ কৰিছে ই টি ভি ভাৰত (ETV Bharat) অসমে ৷ আজি নগাঁৱৰ একাংশ যুৱ ভোটাৰৰ কাষত উপস্থিত হৈ ই টি ভি ভাৰত অসমে জানিবলৈ চেষ্টা কৰে যুৱ ভোটাৰৰ মনৰ কথা ৷ ই টি ভি ভাৰত অসমৰ সন্মুখত কি কলে নগাঁৱৰ যুৱ প্ৰজন্মৰ একাংশ ভোটাৰে ? বৰ্তমান চৰকাৰৰ কামকাজক লৈ কিমান সন্তুষ্ট নগাঁৱৰ যুৱ প্ৰজন্মৰ একাংশ ভোটাৰ ? আগন্তক নিৰ্বাচনত কেনেকুৱা চৰকাৰ বিচাৰে নগাঁৱৰ এইসকল ভোটাৰে ? আগন্তুক চৰকাৰৰ পৰা কি কি আশা কৰে এইসকল যুৱ ভোটাৰে ? শিক্ষাৰ ক্ষেত্ৰত কি বিচাৰে নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা ছাত্ৰ-ছাত্ৰীয়ে ? সকলো সামৰি ই টি ভি ভাৰতৰ এই বিশেষ অনুষ্ঠান 'যুৱ ভোটাৰৰ মনৰ কথাৰে" ৷

লগতে পঢ়ক : বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ৰ দিশে অৰুণাচলৰ মুখ্যমন্ত্ৰীসহ ৫ বিজেপি প্ৰাৰ্থী - Arunachal Pradesh Assembly Election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.