ETV Bharat / politics

চান্দা সংগ্ৰহ কৰা ভাল কিন্তু নিয়ম মতে ল’ব লাগিব : ভূপেন বৰাক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 4:28 PM IST

ASSAM CM OVER DONATION
পৰিমল শুক্লবৈদ্যৰ মনোনয়ন দাখিল কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

Assam CM over donation : ভূপেন বৰাক টাৰ্গেট নহয়, মুখ্যমন্ত্ৰী হোৱাৰ ৰাস্তাহে দেখুৱাই আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ শিলচৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ মনোনয়ন দাখিল কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

ভূপেন বৰাক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ

শিলচৰ, 3 এপ্ৰিল : "মই তেওঁক টাৰ্গেট কৰা নাই, তেওঁক মুখ্যমন্ত্ৰী হোৱাৰ ৰাস্তা দেখুৱাই আছো ৷ চান্দা সংগ্ৰহ কৰাটো ভাল, কিন্তু নিয়মমতে কৰিব লাগে ৷" ভূপেন বৰাক উদ্দেশ্যি এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ শিলচৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ মনোনয়ন দাখিল কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক উদ্দেশ্যি কয় যে, ভূপেন বৰাক তেওঁ কেতিয়াও টাৰ্গেট কৰা নাই, ভূপেন বৰাক মুখ্যমন্ত্ৰী হোৱাৰ ৰাস্তাহে দেখুৱাই আছে ৷ তেওঁ কয় "বেয়া কথা ক’লেহে টাৰ্গেট কৰা হয় ৷ মই কাকো বেয়া কথা কোৱা নাই, টাৰ্গেট কৰা নাই ৷" লগতে ভূপেন বৰাই নিজকে কংগ্ৰেছৰ 'ষ্টাৰ কেম্পেইনাৰ' বুলি ঘোষণা কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে "এতিয়ালৈকেতো হয়, কিন্তু ভৱিষ্যৎ কোনে দেখিছে" বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছৰ ডাঙৰ ডাঙৰ ষ্টাৰ কেম্পেইনাৰে বিজেপিত যোগদান কৰিছে ৷ আগদিনা বিজেপিক গালি পাৰি, পিচদিনা বিজেপিত যোগদান কৰা মানুহ সকলোৱে দেখি আছে ৷ গতিকে কাৰ গেৰান্টি কোনে ল’ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে ভূপেন বৰাই চান্দা সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই চান্দা সংগ্ৰহ কৰা ভাল কিন্তু নিয়ম মতে ল’ব লাগিব বুলি কয় ৷ 2 হাজাৰ টকাৰ ওপৰত চন্দা ল’লে চেকত ল’ব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

আজি শিলচৰত বিশাল জনসভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া শিলচৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই বুধবাৰে দাখিল কৰে মনোনয়ন ৷ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

পুৱা 11 বজাত হেলিকপ্টাৰ যোগে শিলচৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে DSA ৰ পৰা বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক লগত লৈ বিশাল সমদলেৰে কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ৷ জিলা আয়ুক্ত কাৰ্যালয়ত মনোয়ন দাখিলৰ সময়ত পৰিমল শুক্লবৈদ্যক সংগ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মনোয়ন দাখিলৰ পিচত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত বিজেপিৰ এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ সভাত মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ৷

ইফালে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শিলচৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য বিপুল ভোটত জয়ী হ’ব ৷ এইবাৰ নিৰ্বাচনত অভিলেখ সৃষ্টি হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে শিলচৰৰ কাৰ্যসূচী সমাপ্ত কৰি কৰিমগঞ্জত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ মনোয়ন দাখিলত সংগ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : মই ৮০ লাখ টকা চান্দা লৈছো, মোৰ বিৰুদ্ধে ইডি-চিবিআই লগাই দিয়ক: ভূপেন বৰা - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.