ETV Bharat / politics

মই ৮০ লাখ টকা চান্দা লৈছো, মোৰ বিৰুদ্ধে ইডি-চিবিআই লগাই দিয়ক: ভূপেন বৰা - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 2:24 PM IST

Lok Sabha Polls 2024
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

Lok Sabha elections 2024: আজি কেইবাগৰাকীও কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব । এই কাৰ্যসূচীলৈ যোৱাৰ পূৰ্বে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গুৱাহাটী ৩ এপ্ৰিল: ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব অব্যাহত আছে । আজি মনোনয়ন পত্ৰ দাখিল কৰিব কেইবাগৰাকীও কংগ্ৰেছ প্ৰাৰ্থীয়ে । ডিফু লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিব কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙে । আনহাতে, শিলচৰ লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিব কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰে । ডিফু, শিলচৰৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হেলিকপ্টাৰ যোগে ৰাওনা হোৱাৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰী কৰে । দুয়োটা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলত উপস্থিত থাকিব সভাপতিগৰাকী ।

এই কাৰ্যসূচীলৈ যোৱাৰ মুহুৰ্তত সভাপতিগৰাকীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়,"মুখ্যমন্ত্ৰীয়ে আমাৰ মগজুটো নিয়ন্ত্ৰণ কৰিব বিচাৰিছে । তিনিদিন যদি অসমৰ সংবাদ মাধ্যমে মোক লগ দিয়ে তেন্তে শুই থকা সিংহ জাগি উঠিব ।"

আনহাতে, ৰমেন বৰঠাকুৰৰ প্ৰসংগত কৰা প্ৰশ্নক লৈ সৰব হৈ উঠে ভূপেন বৰাই । তেওঁ কয়," আপোনাৰ চেনেলৰ মালিক কোন কওঁ নেকি ? মই টকা দিলে ল'ম, মই সূৰ্যৰ পোহৰত কৈ আছো মই চান্দা লৈছো । যোৱা মাহত ৮০ লাখ টকা চান্দা লৈছো । মুখ্যমন্ত্ৰীৰ দম আছে যদি CBI, ED লগাই দিয়ক। যদি ৰমেন বৰঠাকুৰে কোৱা কথা সঁচা তেন্তে মই কোৱা কথা মিছা নেকি ?"

কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পুনৰ কয়," কয়লা ছিণ্ডিকেটৰ টকা মুখ্যমন্ত্ৰীৰ পকেটত যায় । বাজপেয়ী ভৱনৰ টকাৰ হিচাপ ক’ত?" ইপিনে,সংবাদ মাধ্যমকো আক্ৰমণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । তেওঁ কয়,"মোক প্ৰশ্ন কৰিবলৈ সংবাদ মাধ্যমে ওঠত ধাৰ দি আহে আৰু মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ মুখত টেপ মাৰি যায় ।" এনেদৰে সংবাদ মাধ্যমৰ বিৰুদ্ধে সৰব হৈ পৰে ভূপেন বৰাই লগতে কয়," আপোনালোকৰ কলিজা নাই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ । আপুনি প্ৰশ্ন কৰিলে আপোনালোকৰ চাকৰি যাব সেয়েহে প্ৰশ্ন নকৰে ।"

লগতে পঢ়ক:আমাৰ প্ৰাৰ্থীসকলক যথাসাধ্য আৰ্থিকভাৱে সহায় কৰক : ভূপেন বৰা - Congress In Crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.