ETV Bharat / politics

উজনিৰ ৫ সমষ্টিত কি ভূমিকা ল’লে আহোম আৰু চাহ জনগোষ্ঠীয় ভোটাৰে - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 3:57 PM IST

ETV Bharat special interview
ড৹ দয়ানন্দ বৰগোঁহাইৰ সাক্ষাৎকাৰ

আহোম ভোটাৰে ভোট দি জিকাব নে গৌৰৱ-লুৰীণৰ ? চাহ জনগোষ্ঠীয় ভোটাৰে এইবাৰ কি ভূমিকা ল’লে উজনিত ? বিশিষ্ট শিক্ষাবিদ তথা আহোম জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ হকে সুদীৰ্ঘকাল সৰৱ হৈ অহা ড৹ দয়ানন্দ বৰগোঁহাইৰ নিৰ্মোহ বিশ্লেষণ ৷

উজনিৰ ৫ সমষ্টিত কি ভূমিকা ল’লে আহোম আৰু চাহ জনগোষ্ঠীয় ভোটাৰে

গুৱাহাটী, 21 এপ্ৰিল : দেশৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ 5 টাকৈ সমষ্টিত 19 এপ্ৰিলত ভোটগ্ৰহণ সম্পন্ন হৈ যায় ৷ ৰাজ্যখনৰ উজনি অসমৰ ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কাজিৰঙা আৰু শোণিতপুৰ- ভোটগ্ৰহণ হৈ যোৱা এই পাঁচ সমষ্টিত দুটাকৈ জনগোষ্ঠীয়ে পূৰ্বৰ দৰে এইবাৰো বিশেষ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে ৷ পূৰ্বৰ দৰেই এইবাৰো চাহ জনগোষ্ঠীয় আৰু আহোম সম্প্ৰদায়ৰ ভোটাৰে অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ বিস্তাৰ কৰিব ৷ কিন্তু এইবাৰ ইয়াৰ প্ৰভাৱৰ দিশবোৰ মন কৰিবলগীয়া ৷

অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা আহোম জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ বাবে সৰৱ আৰু সচেতন ব্যক্তি ড৹ দয়ানন্দ বুঢ়াগোঁহায়ে ভোটগ্ৰহণ হৈ যোৱা 5 টা লোকসভা সমষ্টিৰ এক বিশ্লেষণ আগবঢ়াইছে ‘ইটিভি ভাৰত অসম’ৰ সাংবাদিকৰ আগত ৷ ড৹ বুঢ়াগোঁহাইৰ স্পষ্ট মত- “এইবাৰ যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিৰ দুটা বৈশিষ্ট্য হৈছে ৷ 5 টা সমষ্টিৰ ভিতৰত যোৰহাট সমষ্টিত প্ৰায় 80% ভোটদানৰ কাৰণ- নৱ প্ৰজন্মৰ ভোটাৰৰ উচ্চহাৰত ভোটদানত অংশগ্ৰহণ আৰু আহোম ভোটাৰ ব্যাপক হাৰত ওলাই অহা বুলি মই বিশ্বাস কৰো” ৷

মন কৰিবলগীয়া যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত অসমত মুঠ ভোটদানৰ হাৰ 78.4 % ৷ তাৰ ভিতৰত যোৰহাট সমষ্টিতে ভোটদানৰ হাৰ সৰ্বোচ্চ 79.89% ৷ তাৰপিছত ক্ৰমে শোণিতপুৰত 78.3%, ডিব্ৰুগড়ত 76.75%, কাজিৰঙাত 79.33 আৰু লখিমপুৰত 76.42 শতাংশ হৈছে ভোটদানৰ হাৰ ৷ ইতিমধ্যে হৈ যোৱা ভোটগ্ৰহণত যোৰহাট সমষ্টিতে আটাইতকৈ বেছি হৈছে ভোটদানৰ হাৰ ৷ আনুষ্ঠানিক পিয়ল নহ’লেও জনগোষ্ঠীয় সংগঠন আৰু সমাজকৰ্মীসকলৰ তথ্য অনুসৰি, সমগ্ৰ অসমত প্ৰায় 60 লাখ ভোটাৰ আৰু 50 লাখৰো অধিক আহোম সম্প্ৰদায়ৰ ভোটাৰ আছে ৷ বিশেষকৈ, যোৰহাট লোকসভা সমষ্টিত আহোম সম্প্ৰদায়ৰ সকলোতকৈ বেছি দখল আছে আৰু ডিব্ৰুগড়ত চাহ জনগোষ্ঠীয় ভোটাৰৰ সৰ্বাধিক দখল আছে ৷ আহোমসকলৰ ৰাজনৈতিক অধিকাৰ কৰ্মী ড৹ দয়ানন্দ বৰগোঁহায়ে কয়- “বিশেষকৈ যোৰহাট সমষ্টিত আহোমসকলৰ বিস্তৰ প্ৰভাৱ আছে ৷ যোৰহাটত 5 লাখতকৈয়ো বেছি আহোম ভোটাৰ আছে। এইবাৰৰ নিৰ্বাচনটোত পাৰ্টিৰ ভিত্তিত নহয়, সাম্প্ৰদায়িক ভিত্তিয়ে বিশেষ কাম কৰিছে ৷ যোৰহাটত 80% ভোটদান হোৱাৰ অন্যতম কাৰণ হৈছে আহোমসকলৰ অংশগ্ৰহণ”৷

লগতে তেওঁ কয়- “আহোমসকলৰ পিছতেই যোৰহাটত প্ৰায় 3 লাখৰ ওপৰত চাহ জনগোষ্ঠীয় ভোট আছে ৷ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু ভোটো আছে ৷ ইয়াৰ আহোম ভোটাৰৰ এক গৰিষ্ঠসংখ্যক কংগ্ৰেছৰ গৌৰৱ গগৈয়ে লাভ কৰিছে ৷ তপন গগৈ যোৱা 5 বছৰ বিজেপিৰ প্ৰাৰ্থী হৈ আছিল যদিও মানুহ তেওঁক লৈ সুখী নাছিল ৷ সেয়ে যোৰহাটত চাহ বাগানৰ ভোটাৰ আৰু নেপালী আদি অনান্য ভোটাৰৰ ওপৰত বিজেপি এইবাৰ নিৰ্ভৰশীল”৷

উল্লেখযোগ্য যে, যোৰহাটৰ মূল দুগৰাকী প্ৰতিদ্বন্দ্বীয়েই এইবাৰ আহোম সম্প্ৰদায়ৰ ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত চাহ জনগোষ্ঠীয় সংগঠনৰ তথ্য অনুসৰি চাহ বাগিচাৰ ভোটৰ সংখ্যা 7.4 লাখ ৷ প্ৰসংগত ৰাজনৈতিক বিশেষজ্ঞ ড৹ দয়ানন্দ বৰগোঁহায়ে কয়- “ডিব্ৰুগড়ত চাহ জনগোষ্ঠীয় ভোটাৰ সংখ্যাগৰিষ্ঠ ৷ ইয়াত আহোম ভোটাৰসকলৰ সংখ্যা দ্বিতীয় স্থানতহে আছে ৷ ৪ লাখতকৈ অধিক আহোম ভোটাৰ আছে ডিব্ৰুগড়ত ৷ লুৰিণজ্যোতি গগৈ এগৰাকী আহোম লোক৷ সেয়ে ইয়াৰ সংখ্যাধিক আহোম ভোট তেওঁ লাভ কৰিব । কিন্তু বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল এগৰাকী শক্তিশালী প্ৰাৰ্থী ৷ তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ ডিব্ৰুগড়ত চাহ জনগোষ্ঠী আৰু অনান্য জনগোষ্ঠীৰ ভোটৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল বিজেপি ৷ লুৰিণজ্যোতি গগৈৰ আশা স্পষ্ট নহয় । কিন্তু যোৰহাটত জিকাৰ সম্ভাৱনা আছে” ৷

ইফালে, ডিব্ৰুগড়ৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ এগৰাকী চহা জনগোষ্ঠীয় নেতা ৷ ধানোৱাৰৰ পিতৃ ৰামেশ্বৰ ধানোৱাৰ ৮ বাৰৰ বিধায়ক আছিল ৷ সেয়ে ডিব্ৰুগড় লোকসভাৰ নিৰ্বাচনী যুঁজখন এইবাৰ বাৰুকৈয়ে লক্ষণীয় হৈছে ৷ ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত ডিব্ৰুগড় জিলাত 178 খন, তিনিচুকীয়াত 123 খন চাহ বাগিচাৰ বিপৰীতে যোৰহাটত আছে 135 খন চাহ বাগিচা ৷ ইফালে লখিমপুৰ লোকসভা সমষ্টিতো বৃহৎসংখ্যক আহোম ভোটাৰ আছে ৷ লগতে আছে বৃহৎসংখ্যক চাহ জনগোষ্ঠীয় ভোটাৰ ৷ কেৱল লখিমপুৰ জিলাতে 9 খন চাহ বাগিচা থকাৰ বিপৰীতে লোকসভা সমষ্টিটোত প্ৰায় 2 লাখ চাহ জনগোষ্ঠীয় ভোটাৰ আছে যাৰ ভিতৰত অকল লখিমপুৰতে প্ৰায় 1 লাখ ভোটাৰ আছে বুলি জানিব পৰা গৈছে ৷ ড৹ দয়ানন্দ বৰগোঁহাইৰ মতে, আহোম ভোটাৰৰ মুষ্টিমেয় অংশ লখিমপুৰ সমষ্টিত বিজেপিলৈ গৈছে ৷ ইয়াৰে এটা অংশহে কংগ্ৰেছে লাভ কৰিছে, যাৰ বাবে বিজেপিয়েই লখিমপুৰত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব ৷

আনহাতে, কাজিৰঙা লোকসভা (ডিলিমিটেচনৰ পূৰ্বৰ কলিয়াবৰ) সমষ্টিতো গোলাঘাট, খুমটাই, সৰুপথাৰ, বোকাখাত, কলিয়াবৰ আদি বিধানসভা সমষ্টিত আহোমসকলৰ আধিপত্য আছে ৷ সমানেই চাহ জনগোষ্ঠী লোকসকলৰো আধিপত্য আছে ৷ লগতে আছে আন জনগোষ্ঠীৰ লগতে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু ভোটাৰ ৷ কাজিৰঙা সমষ্টিৰ বিজেপিৰ কামখ্যা প্ৰসাদ তাচা আৰু কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কী দুয়োগৰাকী প্ৰাৰ্থীয়েই চাহ জনগোষ্ঠীৰ লোক ৷ আনহাতে বিজেপিয়ে নিৰ্ভৰ কৰি অহা হোজাই, লামডিং আদি ভাষিক/ধৰ্মীয় জনগোষ্ঠীৰ প্ৰাধান্য থকা সমষ্টি ৷ গতিকে এই সমষ্টিত বিজেপি-কংগ্ৰেছ দুয়োটা দলেই চাহ জনগোষ্ঠীয় আৰু আহোম ভোটাৰৰ ওপৰত নিৰ্ভৰশীল যদিও কেইবাটাও ভাষিক হিন্দু ভোটাৰৰ প্ৰাধান্য থকা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত বাবে কাজিৰঙা লোকসভাত বিজেপি সূচল অৱস্থাত থকা বুলি ক’ব পাৰি বুলি মন্তব্য ড৹ দয়ানন্দ বৰগোঁহাইৰ ৷

শোণিতপুৰ লোকসভা সমষ্টিত (পূৰ্বৰ তেজপুৰ) প্ৰায় 55 খন চাহ বাগিচা আছে ৷ শোণিতপুৰ লোকসভাত প্ৰায় 6.60 লাখ চাহ বাগিচাৰ ভোটাৰ আছে (চাহ জনগোষ্ঠীয় সংগঠনৰ তথ্য মতে) ৷ ইয়াৰ ভিতৰত শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত থকা চাহ বাগিচাৰ ভোটাৰৰ ভিতৰত কেৱল ৰঙাপৰা সমষ্টিত প্ৰায় 1,47,000 চাহ বাগিচাৰ ভোটাৰ আছে ৷ আনহাতে, শোণিতপুৰ লোকসভা সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু চাহ জনগোষ্ঠীৰ লোক ৷ কিন্তু সমষ্টিটোৰ চাহ জনগোষ্ঠীয় ভোটাৰৰ মাজত 2014 ৰে পৰা বিজেপিৰ আধিপত্য দেখা পোৱা গৈছে ৷

বৰ্তমান শোণিতপুৰ লোকসভা সমষ্টিৰ আটাইকেইটা বিধানসভা সমষ্টিয়ে বিজেপিৰ দখলত ৷ গতিকে বিজেপিৰ ভোট দুৰ্গত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ইমান সহজে আঘাত হানিব পাৰিছে, সেয়া ভাবিব নোৱাৰি ৷ অসমত চৰকাৰী তথ্য অনুসৰি, মুঠ 803 খন চাহ বাগিচা আছে ৷ তাৰ ভিতৰত 200 প্ৰধান চাহ বাগিচা আৰু বাকী 600 সাধাৰণ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে ৷ সমগ্ৰ অসমত আছে 5000 ত কৈয়ো অধিক ক্ষুদ্ৰ চাহ বাগিচা ৷ এই বাগিচাসমূহত প্ৰায় ১০ লাখ চাহ শ্ৰমিক আছে ৷ ইয়াৰ ভিতৰত ৪ লাখ মহিলা শ্ৰমিক ৷ ভাৰতবৰ্ষৰ চাহ বাগিচাসমূহৰ বছৰি চাহ উৎপাদনৰ 52% অসমৰ চাহ বাগিচাই উৎপাদন কৰে ৷ আহোমসকলৰ দীৰ্ঘদিনীয়া মূল দাবী জনজাতিকৰণ ৷

চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া মূল সমস্যাৰাজি :

  • দীৰ্ঘদিন ধৰি অধিকাংশ বাগিচাৰ শ্ৰমিকেই দৈনিক মজুৰি 525 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে ৰাজ্যখনৰ চাহ শ্ৰমিকৰ মজুৰি দৈনিক 167 টকাৰ পৰা বৃদ্ধি কৰি মাত্ৰ 250 টকাহে কৰিলে ৷
  • চাহ জনগোষ্ঠীৰ জনজাতিকৰণ ৷ জনজাতীয় মৰ্যাদা প্ৰদানৰ দাবীৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল বিভিন্ন চাহ জনগোষ্ঠীয় সংগঠনে ৷ আনহাতে আদিবাসী ছাত্ৰ সংগঠন আছাৰ হুংকাৰ আছিল - তেওঁলোকে প্ৰাপ্য অধিকাৰ নাপালে 2024 চনৰ লোকসভাৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব ৷ সমান্তৰালকৈ তেওঁলোকক বিভিন্ন সময়ত ৰাজপথত আন্দোলন কৰাও দেখা গৈছিল ৷
  • চাহ জনগোষ্ঠী লোকসকলক ভূমিৰ ম্যাদী পট্টা প্ৰদান কৰা দাবীৰ সমৰ্থনত প্ৰায়বোৰ চাহ জনগোষ্ঠীৰ সংগঠনৰ পৰা দাবী উঠি আহিছিল ৷
  • স্বাস্থ্য আৰু শিক্ষাৰ সমস্যা ৷

কিন্তু, চাহ জনগোষ্ঠীৰ প্ৰভাৱ থকা এই 5 টা সমষ্টিৰ নিৰ্বাচনত অসমত এই ইছ্যু সম্পৰ্কে প্ৰায় নীৰৱতা দেখা গ’ল ৷ আহোম আৰু চাহ জনগোষ্ঠী দুয়োটা জনগোষ্ঠীৰ মাজতেই প্ৰাক নিৰ্বাচনী পৰিৱেশত জনজাতিকৰণ প্ৰসংগ এবাৰলৈও উচ্চাৰিত নহ’ল ৷

লগতে চাওক: সাংসদ অজিত কুমাৰ ভূঞাৰ মুখত ‘টকাৰ জয় হ’ব’ প্ৰসংগ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.