ETV Bharat / politics

দেশৰ আটাইতকৈ ধনী মহিলাগৰাকী এতিয়া বিজেপিত: ত্যাগ কৰিলে কংগ্ৰেছ - SAVITRI JINDAL JOINS BJP

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 6:24 PM IST

India Richest Woman Savitri Jindal resigns Congress : দেশৰ আটাইতকৈ ধনী মহিলা সাবিত্ৰী জিন্দালে ত্যাগ কৰিলে কংগ্ৰেছ ৷ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান তিনিচুকীয়াৰ কন্যা সাবিত্ৰী জিন্দালৰ ৷

India Richest Woman Savitri Jindal resigns Congress
সাবিত্ৰী জিন্দালে ত্যাগ কৰিলে কংগ্ৰেছ

নিউজ ডেস্ক, 28 মাৰ্চ: এগৰাকী 84 বছৰীয়া মহিলা ৷ অসমীয়া ভাষা বুজি পোৱা এই মহিলাগৰাকী দেশৰ আটাইতকৈ ধনী মহিলা ৷ দেশৰ বিলিয়নাৰৰ তালিকাত থকাই নহয়, বিশ্বৰ শীৰ্ষ বিলিয়নাৰৰ 56 সংখ্যক স্থানত আছে মহিলাগৰাকী ৷ মহিলাগৰাকী পুনৰ এবাৰ চৰ্চালৈ আহিছে ৰাজনৈতিক কাৰণত ৷

কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে দেশৰ আটাইতকৈ ধনী মহিলা সাবিত্ৰী জিন্দালে ৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনীয়ে দলীয় গলবস্ত্ৰ পিন্ধাই বিজেপিলৈ আদৰণি জনায় তেওঁক ৷ সাবিত্ৰী জিন্দালৰ লগতে বহু কংগ্ৰেছীয়ে গেৰুৱা দলটোত যোগদান কৰে ।

ভাৰতৰ আটাইতকৈ ধনী মহিলাৰ বিজেপিত যোগদান : অ'পি জিন্দাল গ্ৰুপৰ অধ্যক্ষা সাবিত্ৰী জিন্দালে বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে, যি কংগ্ৰেছৰ বাবে আন এক মোক্ষম আঘাত হিচাবে বিবেচিত হৈছে ৷ উল্লেখ্য যে সাবিত্ৰী জিন্দালৰ পুত্ৰ নবীন জিন্দালে ইতিমধ্যে বিজেপিত যোগদান কৰিছে আৰু কুৰুক্ষেত্ৰ সমষ্টিৰ পৰা লোকসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছে ।

নবীন জিন্দালে বিজেপিত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিচতে ধাৰণা কৰা হৈছিল যে সাবিত্ৰী জিন্দালেও শীঘ্ৰেই কংগ্ৰেছ দলক বিদায় জনাব । অৱশেষত তেওঁ বৃহস্পতিবাৰে হিছাৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ উপস্থিতিত বিজেপিত যোগদান কৰে । শাসকীয় দলটোত যোগদানৰ পিচতে সাবিত্ৰী জিন্দালে কয় যে তেওঁ মনোহৰ লাল খট্টৰ আৰু নাইব সিং চাইনীৰ মাজত ৰাম আৰু ভৰতক দেখা পাইছিল ৷ মনোহৰ লাল খট্টৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ আসন নয়াব সিং চাইনীৰ বাবে এৰি দিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেয়াই আছিল এক ডাঙৰ উদাহৰণ ৷

কংগ্ৰেছৰ পৰা পদত্যাগ : পুত্ৰ নবীন জিন্দালৰ দৰেই সাবিত্ৰী জিন্দালে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল আৰু তাৰ পিচত তেওঁ বিজেপিত যোগদান কৰে । বিজেপিত যোগদান কৰাৰ সময়ত সাবিত্ৰী জিন্দালে কয় যে নবীন জিন্দালে বিজেপিত যোগদানৰ সিদ্ধান্ত পৰিয়ালৰ মাজত আলোচনা মৰ্মে লোৱা হৈছিল ৷

স্বামীৰ মৃত্যুৰ পিচত ব্যৱসায়ৰ দায়িত্বভাৰ : সাবিত্ৰী জিন্দালৰ ব্যক্তিগত জীৱনৰ বিষয়ে ক’বলৈ গ’লে, তেওঁৰ বয়স বৰ্তমান 84 বছৰ ৷ তেওঁৰ জন্ম হৈছিল অসমৰ তিনিচুকীয়াত ৷ 1970 চনত তেওঁ জিন্দাল গ্ৰুপৰ মুৰব্বী ওম প্ৰকাশ জিন্দালৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ 2005 চনত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয় ওম প্ৰকাশ জিন্দালৰ । ইয়াৰ পিচত সাবিত্ৰী জিন্দালে সমগ্ৰ ব্যৱসায়ৰ দায়িত্বভাৰ ল’বলগীয়া হয় ৷ উল্লেখ্য যে ভাৰতৰ উপৰিও বিদেশত বৃহৎ ব্যৱসায় আছে । তেওঁৰ স্বামী ওম প্ৰকাশ জিন্দাল হাৰিয়ানাৰ হুডা চৰকাৰৰ এজন মন্ত্ৰীও আছিল । হিছাৰৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিচত সাবিত্ৰী জিন্দালো হুডা চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল । তেওঁৰ পুত্ৰ নবীন জিন্দালো কুৰুক্ষেত্ৰৰ এজন সাংসদ আছিল । 2014 চনত সাবিত্ৰী জিন্দাল আৰু নবীন জিন্দাল দুয়ো নিৰ্বাচনত পৰাজিত হৈছিল । ইয়াৰ পিচত তেওঁলোক দুয়ো ৰাজনীতিত সক্ৰিয় হৈ থকা নাছিল । শেহতীয়াকৈ মাতৃ-পুত্ৰ দুয়ো পুনৰ ৰাজনীতিত সক্ৰিয় হৈ পৰা দেখা গৈছে ।

দেশৰ শীৰ্ষ বিলিয়নেয়াৰৰ তালিকাত সাবিত্ৰী জিন্দাল : জিন্দাল গ্ৰুপৰ অধ্যক্ষা সাবিত্ৰী জিন্দালে স্থানলাভ কৰে দেশৰ শীৰ্ষ বিলিয়নেয়াৰসকলৰ তালিকাত । ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি সাবিত্ৰী জিন্দালৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে 29.6 বিলিয়ন ডলাৰ ৷ ভাৰতীয় মূল্যত এই পৰিমান প্ৰায় আঢ়ৈ লাখ কোটি টকা ৷ সম্প্ৰতি সাবিত্ৰী জিন্দাল দেশৰ আটাইতকৈ ধনী মহিলাৰ তালিকাত শীৰ্ষত আছে । একে সময়তে, তেওঁৰ নাম বিশ্বৰ শীৰ্ষ বিলিয়নেয়াৰৰ 56 সংখ্যক স্থানত আছে ।

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে হৰ্ছ ট্ৰেডিঙৰ অভিযোগ হিমাচলৰ মুখ্যমন্ত্ৰী সুখুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.