Bihar Election Results 2025

ETV Bharat / politics

বিজেপিৰ বিৰুদ্ধে হৰ্ছ ট্ৰেডিঙৰ অভিযোগ হিমাচলৰ মুখ্যমন্ত্ৰী সুখুৰ - LOK SABHA ELECTION 2024

Sukhu Accuses BJP Of Horse Trading: ধনৰ লোভ দেখুৱাই বিজেপিয়ে ক্ৰয় কৰিছে 6 কংগ্ৰেছ বিধায়কক । এই অভিযোগ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ । বিধানসভাৰ উপ-নিৰ্বাচনৰ 6 খন আসনতে কংগ্ৰেছ জয়ী হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰী সুখু ।

Lok Sabha election 2024
Sukhu Accuses BJP Of Horse Trading
author img

By ETV Bharat Assamese Team

Published : March 28, 2024 at 11:29 AM IST

|

Updated : March 28, 2024 at 12:40 PM IST

4 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 28 মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ ভিতৰচ'ৰাত খাম-খেয়ালীৰ সৃষ্টি হোৱাৰ পাছতো হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে উপ-নিৰ্বাচনত তেওঁৰ দলে বিধানসভাৰ ছয়খন আসনতে জয়ী হ’ব বুলি ঘোষণা কৰি আত্মবিশ্বাস প্ৰকাশ কৰে । একে সময়তে বিজেপিয়ে নগদ ধন আৰু প্ৰলোভনেৰে কংগ্ৰেছ নেতাক প্ৰলোভিত কৰিবলৈ হৰ্ছ ট্ৰেডিঙত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে হিমাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ছয়জন কংগ্ৰেছ বিধায়কে কংগ্ৰেছ দল পৰিত্যাগেৰে বিজেপিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ মাত্ৰ কেইদিনমান পিছতে তেওঁ এই মন্তব্য কৰে । বিজেপিত যোগদান কৰা হিমাচল প্ৰদেশৰ প্ৰাক্তন বিধায়ক সুধীৰ শৰ্মাই তেওঁৰ প্ৰতি সন্মান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বীৰভদ্ৰ সিঙৰ প্ৰতিমূৰ্তি স্থাপন নকৰা কাৰ্যই সুখুক লজ্জিত কৰিছে । বিদ্ৰোহ স্বত্বেও, সুখুৱে এক সাহসী স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হয় ।

"আমি লোকসভা নিৰ্বাচনৰ বাবে সাজু । উপ-নিৰ্বাচন হবলগীয়া ছখন বিধানসভা আসনতে কংগ্ৰেছ জয়ী হ'ব ।" হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । হিমাচল প্ৰদেশত ছটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব, কিয়নো কংগ্ৰেছৰ ছজন বিধায়কে দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰে ।

তেওঁ আৰু কয় যে বিজেপিয়ে কংগ্ৰেছৰ ছজন বিসম্বাদীকে উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাটোৱে ৰাজ্যসভা নিৰ্বাচনত তেওঁলোক হৰ্ছ ট্ৰেডিঙৰ লগত জড়িত আছিল বুলি প্ৰমাণ কৰিছে । শিমলাৰ চৰকাৰী বাসগৃহত জন্মদিন উপলক্ষে ভাষণ দি সুখুৱে দেশৰ সংসদীয় নিৰ্বাচন আৰু ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হ’ব বুলি আশা প্ৰকাশ কৰে।

"এইটোৱে প্ৰমাণ কৰিলে যে তেওঁলোকে হিমাচল প্ৰদেশত হৰ্ছ ট্ৰেডিং কৰিছে, তেওঁলোকে ধনৰ শক্তিৰে ইয়াত চৰকাৰক অস্থিৰ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ভগৱানৰ কৃপাত সফল হ'ব নোৱাৰিলে । তেওঁলোকে ৰাজ্যবাসীৰ আৱেগৰ সৈতে যেনেকৈ খেলিছে, ৰাজ্যৰ জনসাধাৰণে তেনেকৈয়ে তেওঁলোকক শিক্ষা দিব । কংগ্ৰেছৰ প্ৰতীকত নিৰ্বাচিত হৈ বিজেপি প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে । ১ জুনত ৰাজ্যৰ ৰাইজে তেওঁলোকক শিক্ষা দিব যে এই ধৰণৰ ৰাজনীতি ৰাইজে ভাল নাপায় । দেৱ ভূমিত মানুহৰ ভগৱানৰ ওপৰত বিশ্বাস থাকে। এতিয়া এয়া ন্যায় আৰু অন্যায়ৰ যুদ্ধ । আমি নিৰ্বাচনত জয়ী হ’ম ।" এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সুখুৱে।

টিকটক লৈ বিভ্ৰান্তি কংগ্ৰেছত:

হিমাচল প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী প্ৰতিভা সিঙে কয় যে হাইকমাণ্ডৰ সৈতে কথা পাতি ৫ আৰু ৬ এপ্ৰিলত ৰাষ্ট্ৰীয় ৰাজধানীত বৈঠক অনুষ্ঠিত কৰি টিকট বিতৰণৰ সিদ্ধান্ত লোৱা হ’ব । প্ৰতিভা সিঙে কয়, "আজি আমাৰ সমন্বয় সমিতিৰ এখন বৈঠক আছিল । সভাত জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল আৰু সকলোৰে মতামত শুনা গ'ল । আমি হাইকমাণ্ডৰ ওচৰলৈ যাম, তেওঁলোকেও যেন টিকটৰ বিষয়ে সোনকালে সিদ্ধান্ত লয় । যাতে আমি আমাৰ প্ৰাৰ্থীসকলক খেলপথাৰত নমাই জয়ী হ’ব পাৰো ।" তেওঁ আৰু কয় যে এই বৈঠকত নতুন প্ৰাৰ্থীক টিকট দিয়াক লৈ আলোচনা কৰা হয় ।

"নতুন প্ৰাৰ্থীক টিকট দিয়াক লৈ আলোচনা কৰা হৈছিল । ৫ এপ্ৰিল আৰু ৬ এপ্ৰিলত দিল্লীত পুনৰবাৰ এখন বৈঠক আহ্বান কৰা হৈছে । আমি আমাৰ মতামত হাইকমাণ্ডৰ ওচৰলৈ লৈ যাম । তেওঁলোকৰ সিদ্ধান্ত অনুসৰণ কৰা হ'ব ।" সিঙে লগতে কয় ।

তেওঁ আৰু কয় যে আজি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখু, উপ-মুখ্যমন্ত্রী মুকেশ অগ্নিহোত্রী আৰু দলৰ জ্যেষ্ঠ সদস্যসকল উপস্থিত থাকে ৷ শাসকীয় কংগ্ৰেছে এতিয়াও ৰাজ্যৰ পৰা লোকসভাৰ প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই । হিমাচল প্ৰদেশৰ চাৰিখন লোকসভা আসনত নিৰ্বাচন অনুষ্ঠিত হব । লগতে ছয়জন বিসম্বাদী কংগ্ৰেছ বিধায়কৰ অযোগ্য ঘোষণা কৰাৰ পিচত তেওঁলোকে বিজেপিত যোগ দিয়াৰ লগে লগে খালী হোৱা ছখন বিধানসভা আসনত অহা ১ জুনত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ অষ্টমখন প্ৰাৰ্থী তালিকা প্ৰকাশ; বিদিশাত শিৱৰাজৰ বিৰুদ্ধে প্ৰতাপ ভানু শৰ্মাক প্ৰক্ষেপ - Lok Sabha election 2024

Last Updated : March 28, 2024 at 12:40 PM IST