ETV Bharat / politics

স্বতস্ফুৰ্তভাৱে ওলাই আহিছে ভোটাৰ ৰাইজ, ঠায়ে ঠায়ে ই ভি এমৰ বিসংগতি - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 11:45 AM IST

LOK SABHA ELECTION 2024
ঠায়ে ঠায়ে ই ভি এমৰ বিসংগতি

LOK SABHA ELECTION 2024: পুৱা ৭ বজাৰ লগে লগে আৰম্ভ আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ অসমৰ পাঁচটা সমষ্টিত পুৱাৰে পৰাই ভোটাৰ ৰাইজ স্বতস্ফুৰ্তভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ওলাই আহিছে । ইফালে কেইবাটাও ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ পলমকৈ আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া ।

গুৱাহাটী,১৯ এপ্ৰিল: অসমত ৩ টা পর্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নির্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ৰাজ্যৰ পাঁচটা সমষ্টি ক্ৰমে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত অনুষ্ঠিত হৈছে নিৰ্বাচন । আজি পাঁচটা সমষ্টিত অৱতীৰ্ণ হোৱা ৩৫ গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮৬,৪৭,৮৬৯ গৰাকী ভোটাৰে । ইয়াৰে ৪২,৮২,৮৮৭ গৰাকী পুৰুষ ভোটাৰ, ৪৩,৬৪,৮৫৯ গৰাকী মহিলা ভোটাৰ আৰু ১২৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । পুৱাৰ পৰাই প্ৰায় প্ৰতিটো ভোটকেন্দ্ৰতে ভোটাৰৰ শাৰী পৰিলক্ষিত হৈছে । ৭ বজাৰৰ লগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও কেইবাটাও ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ খবৰো আহিছে । ই ভি এম বিকল হোৱা বাবে বহুকেইটা ভোটকেন্দ্ৰত পলমকৈ আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া ।

পুৱা ৮ বজালৈকে জানিব পৰা মতে ই ভি এম বিকল হৈছে -

  • কলিয়াবৰৰ মিছা প্ৰাথমিক বিদ্যালয়ৰ পশ্চিম খণ্ডৰ ১০৭ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল
  • নাহৰকটীয়া এটা ভোটকেন্দ্ৰত ই ভি এম বিকল
  • বোকাখাত এম ই স্কুলৰ এটা ভোটকেন্দ্ৰত দুবাৰকৈ ই ভি এম বিকল
  • নাৰায়ণপুৰৰ মাজগাঁৱৰ এটা ভোটকেন্দ্ৰত ই ভি এম বিকল
  • নিজ ডবকা এল পি স্কুলৰ ৪০নং কেন্দ্ৰত ই ভি এম বিকল
  • কাজিৰঙাৰ এটা কেন্দ্ৰৰ ই ভি এম বিকল
  • বালিজান এম ই স্কুলৰ ১৩২ নং ভোটকেন্দ্ৰৰ ই ভি এম বিকল
  • বিহপুৰীয়াৰ কেইবাটাও কেন্দ্ৰত বিকল ই ভি এম
  • নাহৰকটীয়াৰ ১০২ নং কেন্দ্ৰত ই ভি এম বিকল
  • লামডিঙৰ এটা ভোটকেন্দ্ৰত অসুস্থ প্ৰিজাইডিং বিষয়া

ইফালে ৰাজ্যত ২১৯ টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে নিয়োগ কৰা হৈছে মাইক্ৰ' অবজাৰ্ভাৰ । ৰাজ্যখনত মুক্ত, নিকা আৰু শান্তিপূর্ণ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে । ৰাজ্যৰ মুঠ ১০,০০১ টা ভোটকেন্দ্ৰত চলি আছে ভোটগ্ৰহণ । ইয়াৰ ভিতৰত আছে ৯২ টা আদর্শ ভোটকেন্দ্র । প্ৰথম পৰ্যায়ৰ ৫ টা সমষ্টিত ৭৫২টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে । আনহাতে প্রথম পর্যায়ৰ নির্বাচনৰ বাবে ৪০,০০৪ গৰাকী পোলিং-প্রিজাইডিং বিষয়া নিয়োজিত কৰা হৈছে ।

উল্লেখ্য যে কাজিৰঙা লোকসভা সমষ্টিত ১৯ গৰাকী, শোণিতপুৰ লোকসভা সমষ্টিত ৮ গৰাকী, লখিমপুৰ লোকসভা সমষ্টিত ৯ গৰাকী, ডিব্ৰুগড় লোকসভা সমষ্টিত ৩ গৰাকী আৰু যোৰহাট লোকসভা সমষ্টিত ৪ গৰাকী প্রার্থীয়ে নির্বাচনত অৱতীৰ্ণ হৈছে । আজি ভোটাৰ ৰাইজে এইসকল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । সন্ধিয়া ৫ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইফালে নিৰ্বাচনত অৱতীৰ্ণ হোৱা হাইপ্ৰফাইল প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, প্ৰদান বৰুৱা, তপন গগৈ, ৰ'জলিনা তিৰ্কীকে ধৰি বহু সংখ্যক প্ৰাৰ্থীয়ে পুৱাৰ ভাগতেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।

লগতে পঢ়ক: আজি অসমৰ ৫ সমষ্টিত ভোটগ্ৰহণ, ৩৫ প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব প্ৰায় ৮৭ লাখ ভোটাৰে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.