ETV Bharat / politics

বঙাইগাঁৱত ইভিএমলৈ গন্তব্য় স্থানলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়াসকল - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 2:09 PM IST

Barpeta Lok Sabha constituency : লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু বঙাইগাঁও জিলা প্ৰশাসন । আজি পুৱা ৯ বজাৰ পৰা পোলিং আৰু প্ৰিজাইডিং বিষয়াৰ মাজত বিতৰণ কৰে ইভিএম আৰু ভি ভি পেড ।

Barpeta Lok Sabha constituency
প’লিং-প্ৰিজাইডিং বিষয়া (ETV BHARAT ASSAM)

প’লিং-প্ৰিজাইডিং বিষয়া (ETV BHARAT ASSAM)

বঙাইগাঁও, ৬ মে’ : কাইলৈ ৰাজ্য়ত চাৰিটা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে বঙাইগাঁও জিলা প্ৰশাসন । আজি পুৱা ৯ বজাৰ পৰা পোলিং আৰু প্ৰিজাইডিং বিষয়াৰ মাজত বিতৰণ কৰে ইভিএম আৰু ভি ভি পেডৰ লগতে অন্যান্য সা-সামগ্ৰী ৷

কাইলৈ (৭ মে’) অনুষ্ঠিত হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে দূৰণিবটীয়া কিছু ঠাইলৈ ইতিমধে যাত্ৰা কৰিছে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীয়ে ৷ তিনি নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ১৮ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ ২২১ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰিছে জিলা আয়ুক্ত নৱদ্বীপ পাঠকে ।

নিৰ্বাচনৰ বাবে জিলাখনত কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰক্ষী প্ৰশাসনে ৷ ইতিমধ্যে পোলিং আৰু প্ৰিজাইডিং বিষয়াসকলে বঙাইগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰূম, নিৰীক্ষণ কেন্দ্ৰ আৰু নিৰ্বাচনী সামগ্ৰী বিতৰণ কেন্দ্ৰৰ পৰা সংগ্ৰহত ব্য়স্ত হৈছে ৷ তেওঁলোক ইভিএম, ভিভিপেডকে ধৰি ভোটগ্ৰহণৰ সামগ্ৰী জিলা প্ৰশাসনৰ পৰা চমজি লোৱাৰ পাচত নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰওনা হ’বলৈ ধৰিছে ।

জিলা আয়ুক্ত নৱদ্বীপ পাঠকে উল্লেখ কৰা মতে, বঙাইগাঁও নিৰ্বাচনী জিলাত সৰ্বমুঠ ১০৬৮ গৰাকী বিষয়া, কৰ্মচাৰী নিয়োগ কৰিছে জিলা প্ৰশাসনে ৷ ইতিমধ্যে সমগ্ৰ প্ৰস্তুতিৰ বুজ লৈছে বঙাইগাঁও জিলাৰ আয়ুক্ত আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে । শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে আৰক্ষী, প্ৰশাসন তথা নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে ৷

লগতে পঢ়ক:বৰপেটাত দুদিন পূৰ্বেই দুৰ্গম স্থানৰ ভোটকেন্দ্ৰলৈ যাত্ৰা নিৰ্বাচনী বিষয়াৰ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.