ETV Bharat / politics

অৰুণোদয় প্ৰ-পত্ৰৰ জালিয়াতি ! গোচৰ তৰিব অসম জাতীয় পৰিষদে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 11:02 PM IST

নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ লুৰীণজ্যোতি গগৈ ৷ বিজেপিয়ে মানুহক প্ৰলোভন দি ভোট ল’বলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে তেওঁ ৷

DIBRUGARH OPPOSITION CANDIDATE
ধাৰাবাহিক প্ৰচাৰ অব্যাহত লুৰীণজ্যোতি গগৈৰ

বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়, 6 এপ্ৰিল : "অৰুণোদয় আঁচনিৰ যি ভুৱা প্ৰ-পত্ৰ তেওঁলোকে বিতৰণ কৰিছে এয়া বে-আইনী ৷ ই আদৰ্শ নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে ৷ লগতে মানুহৰ মাজত প্ৰলোভনৰ ৰাজনীতিৰ মায়াজাল মেলি দিছে ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ ৷ শনিবাৰে দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংৰাই চাৰিআলিত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপিয়ে মানুহক প্ৰলোভন দি ভোট ল’বলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ তেওঁ অভিযোগ কৰে যে, কেৱল অৰুণোদয় নহয়, ছাত্ৰ-ছাত্ৰীসকলক জলপানি দিয়াৰ নামত মইনা নামৰ আঁচনি এখনৰ যোগেদিও বিজেপিয়ে প্ৰলোভন দিবলৈ চেষ্টা কৰিছে ৷ তেওঁ কয় যে, নিৰ্বাচনৰ জাননী জাৰি কৰাৰ পিচত কেতিয়াও এই কাম কৰিব নোৱাৰে ৷ লগতে বিজেপিয়ে প্ৰতাৰণা কৰি, অৰুণোদয় প্ৰ-পত্ৰৰ জালিয়াতি কৰি মানুহৰ পৰা ভোট ল’বলৈ খুজিছে বুলি অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ গতিকে এই প্ৰতৰণা, মানুহক ঠগি ভোট লোৱাৰ তেওঁলোকৰ যি ষঢ়যন্ত্ৰ ইয়াৰ বিৰুদ্ধে ৰাইজে 19 এপ্ৰিলত ই ভি এমত সিদ্ধান্ত ল’ব লাগে, সিদ্ধান্ত দিব লাগে বুলিও মন্তব্য কৰে তেওঁ ৷ লগতে অৰুণোদয় প্ৰ-পত্ৰৰ জালিয়াতি সন্দৰ্ভত অসম জাতীয় পৰিষদে গোচৰ দিব বুলিও জানিবলৈ দিয়ে লুৰীণজ্যোতি গগৈয়ে ৷

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ধাৰাবাহিক প্ৰচাৰ অব্যাহত ৰাখিছে ৷ আজি দুলীয়াজান সমষ্টিৰ কেইবাটাও স্থানত প্ৰচাৰ চলালে বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলাই মঞ্চত মুখ্যমন্ত্ৰীৰ নৃত্য - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.