ETV Bharat / politics

নগাঁও ৰাজীৱ ভৱনত কোনে আঁৰিলে অভিমন্যু বধৰ পোষ্টাৰ ?

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 11:10 AM IST

Updated : Feb 23, 2024, 11:35 AM IST

Congress internal conflict : নিশা নগাঁও ৰাজীৱ ভৱনৰ মূল প্ৰৱেশ পথত হূলস্থূল ৷ কিয়নো অভিমন্যুৰ ৰূপত দেখা গৈছে সাংসদ গৌৰৱ গগৈক ৷ আনকি দুঃশাসনৰ ৰূপত দেখা গ’ল ৰকিবুল হুছেইনক ৷ কিন্তু কিয় এই ৰূপত নেতাকেইগৰাকী ? সবিশেষ এই বাতৰিত...

controversial-political-poster-at-rajiv-bhawan-in-nagaon
নগাঁও ৰাজীৱ ভৱনত কোনে আঁৰিলে অভিমন্যু বধৰ পোষ্টাৰ ?

নগাঁও ৰাজীৱ ভৱনত কোনে আঁৰিলে অভিমন্যু বধৰ পোষ্টাৰ ?

নগাঁও, 23 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই যেন কংগ্ৰেছৰ দলীয় অন্তঃকন্দল দিনে দিনে পৰিষ্কাৰ হৈ অহা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ ধুবুৰী, বৰপেটা আৰু নগাঁও সমষ্টিক লৈ বিমোৰত পৰা দেখিবলৈ পোৱা গৈছে দেশৰ অন্যতম প্ৰধান ৰাষ্ট্ৰীয় দলটোক ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বিশেষকৈ নগাঁও লোকসভা আসনখনক লৈ আৰম্ভ হৈছে নিৰ্বাচনী অংক ৷ প্ৰাৰ্থিত্বক লৈ দলীয় সংঘাত তীব্ৰতৰ হৈছে নগাঁও লোকসভা সমষ্টিত ৷ বৰ্তমান কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিত টিকট বিচৰা বুলি চৰ্চা চলাৰ ফলত অস্বস্তিত পৰিছে বৰ্তমানৰ সাংসদ প্ৰদুৎ বৰদলৈ ৷ আনহাতে, নগাঁৱৰ প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনো আন এক দাবীদাৰ বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত ৷

ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা নগাঁও ৰাজীৱ ভৱনত লগোৱা এখন পোষ্টাৰে সৃষ্টি কৰিছে আন এক বিতৰ্কৰ ৷ ৰাজীৱ ভৱনৰ মূল প্ৰৱেশ পথৰ কাষতেই লগোৱা হৈছে এখন বিতৰ্কিত পোষ্টাৰ ৷ ৰকিবুল হুছেইনৰ বিশাল হৰ্ডিংৰ ওপৰতে লগোৱা হৈছে উক্ত পোষ্টাৰখন ।

পোষ্টাৰখনত নগাঁও লোকসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচৰা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মাজত চলি থকা শীতল যুঁজখন প্ৰতিফলিত কৰা হৈছে ৷ বৃহস্পতিবাৰৰ নিশাই নগাঁও ৰাজীৱ ভৱনত এই বিশেষ পোষ্টাৰিং কৰা হৈছে বুলি জানিব পৰা গৈছে ।

দৰাচলতে, এই পোষ্টাৰখন মহাভাৰতৰ অভিমন্যু বধৰ ওপৰত আধাৰিত ৷ সেইবাবেই পোষ্টাৰখনক লৈ চহৰখনৰ সৰ্বত্ৰে এতিয়া সৰৱ চৰ্চা আৰম্ভ হৈছে ৷ পোষ্টাৰখনত সাংসদ গৌৰৱ গগৈক অভিমন্যুৰ ৰূপত দেখুওৱা হৈছে ৷ পোষ্টাৰত কৌৰৱৰ ৰূপত ৰকিবুল হুছেইন, নুৰুল হুদা আৰু ভূপেন বৰাক দেখুওৱা হৈছে । নাম দিয়া হৈছে ৰকিৰ অভিমন্যু বধ । কিন্তু কোনে এই বিশেষ প'ষ্টাৰিং কৰিলে সেয়া এই মুহূৰ্তলৈকে নিশ্চিত হোৱা নাই ।

এই পোষ্টাৰখনে পুনৰ উদঙাইছে দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দলৰ বৰ্তমানৰ পয়ালগা অৱস্থা ৷ দলীয় সংঘাত স্পষ্ট হৈ পৰা শেহতীয়া এই কাৰ্টুনটো সম্পৰ্কত লক্ষণীয়ভাৱে এই পৰ্যন্ত নগাঁও জিলা কংগ্ৰেছে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচন: নগাঁও সৰ্বাধিক চৰ্চাত কিয় ?

Last Updated :Feb 23, 2024, 11:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.