ETV Bharat / politics

অসমত এখনো আসন লাভ নকৰে কংগ্ৰেছে: পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 10:32 PM IST

Lok sabha election: গৌৰৱ গগৈয়ে প্ৰচাৰ চলোৱাৰ এটা দিনৰ পাচতেই মাহমৰা সমষ্টিৰ চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত ৷ মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ল এই যোগদান কাৰ্যসূচী ৷

more than four hundred congress workers join bjp in mahmora constituency
বিজেপিত যোগদান

পীযুষ হাজৰীকা আৰু তপন গগৈৰ ভাষ্য

ডিব্ৰুগড়, 18 মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে ৷ এতিয়াও শেষ হোৱা নাই কংগ্ৰেছৰ খহনীয়া ৷ এইবাৰ দেখিবলৈ পোৱা গ’ল চৰাইদেউৰ কংগ্ৰেছত খহনীয়া । গৌৰৱ গগৈয়ে প্ৰচাৰ চলোৱা এটা দিনৰ পাচতে মাহমৰা সমষ্টিৰ চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত । মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত যোগদান কৰিলে কংগ্ৰেছ কৰ্মীসকলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, দিনজোৰা কাৰ্যসূচীৰে দেওবাৰৰ দিনটোত চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা সমষ্টিত প্ৰচাৰ চলাইছিল গৌৰৱ গগৈয়ে । চাহ-বাগিচাৰ পৰা আৰম্ভ কৰি গাঁৱলৈকে কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল সাংসদ গৰাকীয়ে । গৌৰৱ গগৈয়ে প্ৰচাৰ অভিযান চলোৱা এটা দিনৰ পাচতে নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে চৰাইদেউ জিলাৰ নেতৃত্বই । এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে পূৰ্বতে কৰা অপশাসনৰ বাবে কংগ্ৰেছ দলৰ অৱস্থা বেয়া হৈ যাব । গাঁৱতো কংগ্ৰেছ শূন্য, বাগিচাতো কংগ্ৰেছ শূন্য । সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান সভাত অংশগ্ৰহণ কৰি আগন্তুক লোকসভা নিৰ্বাচনত অসমত এখনো আসন কংগ্ৰেছে লাভ নকৰে বুলি মন্তব্য আগবঢ়াযই মন্ত্ৰী পীযুষ হাজৰীকাই ।

আনহাতে এই যোগদান অনুষ্ঠানত উপস্থিত থাকি সাংসদ তপন গগৈয়ে কয় যে তেওঁ যোৰহাট লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰিব ৷ উক্ত অনুষ্ঠানত লগতে উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, বিধায়কদ্বয় ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোহাঁই, সদ্য কংগ্ৰেছ ত্যাগী অংকিতা দত্ত, সুৰুজ দিহিঙীয়াকে ধৰি বহু কেইগৰাকী বিজেপি নেতা ।

লগতে পঢ়ক : আঢ়ৈ লাখ ভোটৰ ব্যৱধানত পৰাজিত হ'ব গৌৰৱ গগৈ :পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.