আঢ়ৈ লাখ ভোটৰ ব্যৱধানত পৰাজিত হ'ব গৌৰৱ গগৈ :পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 7:19 PM IST

thumbnail

শিৱসাগৰ, ১৮ মাৰ্চ: যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ প্ৰচাৰ অভিযানত নামিছে জলসম্পদ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা । আজি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপিৰ দলীয় কাৰ্যালয় মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই । বিজেপিৰ দলীয় কাৰ্যালয় মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰিয়েই যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্ৰীগৰাকী ।  

মন্ত্ৰী পীযুষ হাজৰীকাই কয়,"ৰাহুল গান্ধীয়ে ষড়যন্ত্ৰ কৰি গৌৰৱ গগৈক হাৰিবৰ বাবেই যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।" তেওঁ পুনৰ কয় যে গৌৰৱ গগৈৰ প্ৰথম পচন্দ আছিল নগাঁও । প্ৰাৰ্থিত্ব ঘোষণাৰ পূৰ্বলৈকৈ নগাঁৱত প্ৰচাৰ চলাই আছিল গৌৰৱ গগৈয়ে । গৌৰৱ গগৈক ৰাজনৈতিকভাৱে হত্যা কৰা হ'ল বুলি উল্লেখ কৰি কয়,"গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ চুক-কোণ চিনিয়েই নাপায় । তেওঁৰ সভাসমূহত ৬০-৭০ জনতকৈ বেছি মানুহ হোৱা নাই ।"

চাহ বাগিচাতো তেওঁৰ একেই অবস্থা বুলি উল্লেখ কৰি কয়," অখিল গগৈয়ে লুৰীনজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ কেৰিয়াৰ শেষ কৰি নিজৰ পলিটিকেল গ্ৰাফ ঠিকে ৰাখিব । গৌৰৱ গগৈ নিৰ্বাচনত দুইৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত পৰাজিত হ'ব । "এতিয়াও বিজেপি দলত যোগদান কাৰ্যসূচী চলিয়েই আছে বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই । এই কাৰ্যসূচীত তেওঁক সংগ দিয়ে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে । 

লগতে পঢ়ক:খুড়াককে লং মাৰি গৌৰৱ গগৈ সাংসদ হৈছে: পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.