ETV Bharat / politics

খুড়াককে লং মাৰি গৌৰৱ গগৈ সাংসদ হৈছে: পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 8:10 PM IST

Pijush Hazarika
যোৰহাটত বিজেপিৰ যোগদান সভা: উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

Pijush Hazarika: খুড়াককে লং মাৰি গৌৰৱ গগৈ সাংসদ হোৱা বুলি মন্তব্য কৰিছে পীযুষ হাজৰীকা ৷ খুড়াকৰ ঘৰলৈকে গৌৰৱ গগৈ যায়নে নাযায় সেই সন্দৰ্ভত পীযুষ হাজৰীকাৰ সন্দেহ আছে ৷ গৌৰৱ গগৈয়ে যোৰহাটবাসীক কেনেকৈ অপমান কৰিছে? এনে বহু কথা কথা পীযুষ হাজৰীকাই ৷

যোৰহাটত বিজেপিৰ যোগদান সভা: উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

যোৰহাট, 17 মাৰ্চ: ‘‘কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপমান কৰিছিল আৰু পুৰণি কলিয়াবৰ বিচাৰি গৌৰৱে যোৰহাটবাসীক চূড়ান্ত অপমান কৰিছে ৷’’ যোৰহাটত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘গৌৰৱ গগৈয়ে বিজেপি চক্ৰবেহু নহয়, ৰাইজৰ চক্ৰবেহু ফালি ওলাই যাব নোৱাৰিব ৷’’ উল্লেখ্য যে দেওবাৰে যোৰহাটৰ ৰজাবাৰী আই টি আই ফিল্ডত অনুষ্ঠিত বিজেপিত যোগদান কাৰ্যসূচী ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে তপন গগৈ পুনৰবাৰ বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ’ব ।

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ প্ৰসংগত তেওঁ কয় যে গৌৰৱ গগৈৰ ইচ্ছা আছিল কলিয়াবৰত নিৰ্বাচন খেলাৰ ৷ সেয়া তেওঁ নিজেই প্ৰকাশ কৰিছিল ৷ কাৰণ কলিয়াবৰত বটদ্ৰৱা, ধিং, ৰূপহীহাট, চামগুৰি সমষ্টি অন্তৰ্ভুক্ত হৈ আছিল কলিয়াবৰ লোকসভা সমষ্টিত ৷ সেই বাবেই তেওঁলোক গৌৰৱ গগৈৰ আপোন আছিল ৷ কিন্তু অন্যসকল তেওঁলোকৰ আপোন নহয় ৷ এইবোৰ কথা-বতৰাৰ জৰিয়তে যোৰহাটবাসীক গৌৰৱ গগৈয়ে চৰম অপমান কৰিছে বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কংগ্ৰেছ দলৰ প্ৰসংগত মন্ত্ৰী হাজৰীকাই কয়, ‘‘কংগ্ৰেছ দলত নীতি-আদৰ্শ নাই ৷ কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক অপমান কৰাৰ বাবে আমি বিজেপিত যোগদান কৰিছিলোঁ ৷ বৰ্তমান কংগ্ৰেছত নেতা নাই ৷ কংগ্ৰেছত এতিয়া কাজিয়া আৰু অন্তঃকন্দলহে আছে ।

আনহাতে এতিয়া ধাৰাবাহিকভাৱে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বহু ঠাইত কংগ্ৰেছ এৰি বহু নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷ ফলত কংগ্ৰেছ কাৰ্যত শূন্য হৈ পৰিব বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিজেপিৰ বেহু নহয়, ৰাইজৰ বেহু ফালি ওলাই যাব নোৱাৰিব যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ ।

উল্লেখ্য যে দেওবাৰে যোৰহাটত অনুষ্ঠিত বিজেপিৰ যোগদান কাৰ্যসূচীত জিলা কংগ্ৰেছৰ দুই সম্পাদক, যুৱ কংগ্ৰেছৰ বিষয়ববীয়া, তিতাবৰ নগৰ সমিতি প্ৰাক্তন সভাপতি, বাৰ্ড মেম্বাৰ সহিতে ছয় শতাধিক লোকে বিজেপিত যোগদান কৰে ৷ যোগদান সমাৰোহখনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, উপ-সভাপতি ৰাণা গোস্বামী আৰু মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকে ৷

লগতে পঢ়ক: পুৰণি সতীৰ্থৰ সহযোগিতা বিচাৰি অগপৰ কাৰ্যালয়ত সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.