ETV Bharat / politics

নিৰ্বাচনৰ দিন ঘোষণাৰ পিচতহে বিপিএফৰ প্ৰাৰ্থী ঘোষণা :হাগ্ৰামা

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 10:12 PM IST

BPF joining meeting:কোকৰাঝাৰত বিপিএফৰ বুথ পৰ্যায়ৰ সভাত হাগ্ৰামা মহিলাৰী  ৷ নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা হোৱাৰ পিছতহে বিপিএফে প্ৰাৰ্থী ঘোষণা কৰিব ৷ এবছুৰ প্ৰাক্তন সদস্যসহ ইউপিপিএলৰ ২৬ গৰাকী কৰ্মীৰ বিপিএফত যোগদান ৷

Lok Sabha election 2024
বিপিএফৰ সভাপতি

বিপিএফৰ সভাপতি

কোকৰাঝাৰ, ৩ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । কোকৰাঝাৰ লোকসভা সমষ্টিতো আজিৰে পৰা বিপিএফ দলে আৰম্ভ কৰিছে বুথ পৰ্যায়ৰ সভা । উক্ত সভাত বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজয়ী হ'ব বুলি দাবী কৰে । দুয়োটা সমষ্টিত বিপিএফে জয়ী হোৱাৰ পিছত দুজন সাংসদৰ ভিতৰত এজনে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলিও মন্তব্য় কৰে ।

দেওবাৰে বিয়লি বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰৰ ৰাসমেলা পথাৰত বিপিএফৰ এখন বুথ পৰ্যায়ৰ সভা অনুষ্ঠিত হয় । বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন বুথ পৰ্যায়ৰ সভাপতি, সম্পাদকসহ সহস্ৰাধিক সদস্য- কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত সভাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতহে তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিব বুলি মন্তব্য় কৰে । তেওঁকয় যে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দিতা কৰিব আৰু দুয়োটা সমষ্টিতে তেওঁলোকৰ বিজয় নিশ্চিত ।

তেওঁ কয়," দুয়োটা সমষ্টিতে আমাৰ ভাল । দুয়োটা সমষ্টিত বিপিএফে জয়ী হোৱাৰ পিচত দুজন সাংসদৰ ভিতৰত এজনে কেন্দ্ৰীয় মন্ত্ৰীপদ পাব ।" ইপিনে, হাগ্ৰামা মহিলাৰীয়ে কয় যে অকল বিটিচিতে নহয়, বিটিচিৰ বাহিৰৰ ছিপাঝাৰ, মঙলদৈ , দলগাঁও, ৰঙিয়া আদিৰ পৰাও ভোটাৰসকলে তেওঁৰ সতে যোগাযোগ কৰি আছে আৰু তেওঁ শীঘ্ৰেই তেওঁলোকক লগ কৰিব ।

আনহাতে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব হাগ্ৰামা মহিলাৰীয়ে সন্দৰ্ভত কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা তিনিজনে টিতক বিচাৰিছে আৰু ইয়াত কোনোবা এক নম্বৰ, কোনোবা দুই নম্বৰত আছে বুলি কোনো কথা । সময়ত দলে প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।

উল্লেখ্য যে আজিৰ বুথ পৰ্যায়ৰ সভাত এবছুৰ চাৰিগৰাকী প্ৰাক্তন সদস্যসহ ইউপিপিএলৰ ২৬ গৰাকী কৰ্মীয়ে বিপিএফত যোগদান কৰে ৷ আনহাতে, আজিৰে পৰা আৰম্ভ হোৱা বিপিএফৰ বুথ পৰ্যায়ৰ সভা কোকৰাঝাৰ লোকসভা সমষ্টিত অন্ত পৰাৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে দৰং -ওদালগুৰি লোকসভা সমষ্টিতো একাদিক্ৰমে বুথ পৰ্যায়ৰ সভাত অংশগ্ৰহণ কৰিব । কোকৰাঝাৰ ৰাসমেলা পথাৰত অনুষ্ঠিত হোৱা বিপিএফৰ বুথ পৰ্যায়ৰ সভাত বিপিএফৰ প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিপিএফৰ জ্যেষ্ঠ নেতা তথা বিটিআৰৰ পাৰিষদ ক্ৰমে দেৰহাছাৎ বসুমতাৰী , দনেশ্বৰ গয়াৰীও উপস্থিত থাকে ।

লগতে পঢ়ক:বিজেপিয়ে ভীতিগ্ৰস্ত হৈ তেলীৰ প্ৰাৰ্থিত্ব কৰ্তন কৰি সোণোৱালক টিকট দিছে: লুৰিণজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.